Share
 
Comments

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্রী শ্রী প্ৰবীন্দ যুগনাথক সাক্ষাৎ কৰে৷ এক বেচৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা প্ৰবীন্দ যুগনাথৰ সৈতে তেওঁৰ পত্নী শ্রীমতী কবিতা যুগনাথো আছে৷

প্ৰধানমন্ত্রী যুগনাথে বিপুল সংখ্যক ভোটেৰে পুনৰ নির্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক উষ্ণ অভ্যর্থনা জনোৱাৰ লগতে দুয়োদেশৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী তথা নিবিড় কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিশ্ৰুতিক দোঁহাৰে৷

মেট্রো এক্সপ্রেছ প্ৰজেক্ট, ইএনটি হাস্পতাল, সামাজিক আবাস প্ৰকল্পৰ দৰে মৰিচাচত বিভিন্ন উন্নয়নমূলক প্ৰকল্পত ভাৰতৰ সহযোগিতাৰ বাবে প্ৰধানমন্ত্রী যুগনাথে প্ৰশংসা কৰে৷ ইয়াৰ জৰিয়তে মৰিচাচৰ জনগণ প্ৰকৃতাৰ্থত উপকৃত হৈছে৷ মৰিচাচত সামগ্ৰিক উন্নয়নৰ গতি বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ সৈতে সহযোগিতা আৰু অধিক সুদৃঢ় কৰাটোৱেই তেওঁৰ বর্তমান চৰকাৰৰ অন্যতম লক্ষ্য হ’ব৷ ভাৰতে এই প্ৰচেষ্টাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি বুলি তেওঁ আশা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্রীয়ে মোদীয়ে কয় যে মৰিচাচৰ জনগণ আৰু চৰকাৰে ভাৰতৰ পূর্ণ সমর্থন লাভ কৰিব আৰু নিৰাপদ, সুস্থিৰ, সমৃদ্ধশালী মৰিচাচ গঠনৰ লক্ষ্যৰে সেই দেশৰ জনগণৰ আকাংক্ষাৰ প্ৰতি ভাৰতৰ সমর্থন অব্যাহত থাকিব৷


বহুপাক্ষিক তথা দ্বিপাক্ষিক সম্পর্ক আৰু অধিক সুদৃঢ় কৰাৰ লগতে পাৰস্পৰিক স্বার্থ আৰু গুৰুত্ব বিবেচনা কৰি নতুন নতুন সহযোগিতাৰ ক্ষেত্ৰ চিহ্নিত কৰাৰ বিষয়ত দুয়োগৰাকী নেতাই একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India's forex reserves rise $12.8 billion to 6-week high of $572.8 billion

Media Coverage

India's forex reserves rise $12.8 billion to 6-week high of $572.8 billion
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays floral tributes to Sir M Visvesvaraya in Chikkaballapur
March 25, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi paid floral tribute to Sir M Visvesvaraya in Chikkaballapur, Karnataka today.
Shri Modi is visiting Karnataka today.