প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় স্কোৱাছ দলটোক প্ৰথমবাৰৰ বাবে এছডিএটি স্কোৱাছ বিশ্বকাপ ২০২৫ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে জোস্না চিন্নাপ্পা, অভয় সিং, ভেলৱন চেন্থিল কুমাৰ আৰু অনাহত সিঙৰ অসাধাৰণ প্ৰদৰ্শনক প্ৰশংসা কৰি কয় যে তেওঁলোকৰ উৎসৰ্গা, অনুশাসন আৰু সংকল্পই ৰাষ্ট্ৰলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয় যে এই যুগান্তকাৰী সাফল্যই বিশ্ব পৰ্যায়ত ভাৰতীয় ক্ৰীড়াৰ বৰ্ধিত শক্তিক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই জয়ে সমগ্ৰ দেশতে অগণন যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব আৰু ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত স্কোৱাছৰ জনপ্ৰিয়তা আৰু বৃদ্ধি কৰিব।

শ্ৰী মোদীয়ে এক্স-ত এটা পোষ্টত কৈছেঃ

"এছডিএটি স্কোৱাছ বিশ্বকাপ ২০২৫-ত ইতিহাস সৃষ্টি আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় স্কোৱাছ দলটোক অভিনন্দন!

জোস্না চিন্নাপ্পা, অভয় সিং, ভেলৱন চেন্থিল কুমাৰ আৰু অনাহত সিঙে অপৰিসীম নিষ্ঠা আৰু সংকল্প প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ সফলতাই সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে। এই জয়ে আমাৰ যুৱক-যুৱতীসকলৰ মাজত স্কোৱাছৰ জনপ্ৰিয়তাও বৃদ্ধি কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 ছেপ্টেম্বৰ 2026
September 06, 2026

Building a Safer Bharat — Weapons, Work and a Future for Every Child Under PM Modi