প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ বৰিপাড়া ভ্ৰমণ কৰে৷

তেওঁ ৰাশিকা ৰে’ মন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ বাবে ডিজিটেল ফলক উন্মোচন কৰে৷

তেওঁ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷

তেওঁ ৰাষ্ট্ৰলৈ বুলি আইঅ’চিএলৰ পাৰাদ্বীপ–হালদিয়া–দুৰ্গাপুৰ এলপিজি পাইপলাইনৰ অংশ বালাছোড়–হালদিয়া–দুৰ্গাপুৰ উচৰ্গা কৰে৷ তাৰোপৰি তেওঁ বালাছোড়ত মাল্টি–মোডাল লজিষ্টিক পাৰ্ক আৰু ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰও মুকলি কৰে৷

তেওঁ টাটানগৰৰ পৰা বাদামপাহাৰলৈ দ্বিতীয় যাত্ৰীবাহী ৰে’লৰ ফ্লে’গ অফ কৰে৷

উপস্থিত জনতাক সম্বোন্ধি তেওঁ কয় যে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৪০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ জীৱনলৈ মৌলিক পৰিৱৰ্তন আনিব পৰা বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি লক্ষ্য নিৰূপণ কৰিছে৷

তেওঁ কয় যে বালাছোড়–হালদিয়া–দুৰ্গাপুৰ এলপিজি পাইপলাইনে উৰিষ্যা আৰু পশ্চিমবংগত পৰিবহণ ব্যয় আৰু সময় হ্ৰাস কৰি এলপিজি প্ৰদানৰ নিশ্চিতি প্ৰদান কৰিব৷

তেওঁ একবিংশ শতিকাৰ যোগাযোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ আধুনিক আন্তঃগাঁথনিত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰা হৈছে৷ তেওঁ উৰিষ্যাৰ পথ, ৰে’ল আৰু বায়ু যোগাযোগৰ উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে বৰ্ধিত ৰে’ল সংযোগে জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা উন্নীতকৰণ কৰাৰ লগতে খনিজ সম্পদসমূহ উদ্যোগলৈ প্ৰেৰণ কৰাত পথ প্ৰশস্ত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ধিত আন্তঃগাঁথনিৰ দ্বাৰা দেশৰ মধ্যবিত্তসকল আৰু মজলীয়া উদ্যোগসমূহ বাৰুকৈয়ে লাভান্বিত হ’ব৷ তেওঁ কয় যে আধুনিক পথ, পৰিষ্কাৰ ৰে’ল আৰু ব্যয়সাধ্য বিমান যাত্ৰাই মধ্যবিত্তসকলৰ জীৱন সহজ কৰি তুলিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে জনতাৰ বাবে পাৰপত্ৰ লাভৰ প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ কৰি তুলিছে৷ তেওঁ কয় যে আজি মুকলি হোৱা ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰৰ জৰিয়তে এই পদক্ষেপক গতি প্ৰদান কৰিব৷ তেওঁ ইয়াক ‘ইজ অব্ লিভিং’ বুলি অভিহিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ ঐতিহ্য সংৰক্ষণৰ দিশতো প্ৰয়াস কৰিছে৷ তেওঁ কয় যি বিশ্বাস, আধ্যাত্মিকতা আৰু ইতিহাসৰ সৈতে জড়িত তথা যোগ আৰু আয়ুৰ্বেদৰ জ্ঞানক ৰাজহুৱাভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷ এই সন্দৰ্ভত তেওঁ ৰাশিকা ৰে’ মন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰৰ এই প্ৰয়াসসমূহে পৰ্যটন বৃদ্ধিতো সহায় কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of all countrymen
April 29, 2026

 

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation.

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन