প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ বৰিপাড়া ভ্ৰমণ কৰে৷

তেওঁ ৰাশিকা ৰে’ মন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ বাবে ডিজিটেল ফলক উন্মোচন কৰে৷

তেওঁ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷

তেওঁ ৰাষ্ট্ৰলৈ বুলি আইঅ’চিএলৰ পাৰাদ্বীপ–হালদিয়া–দুৰ্গাপুৰ এলপিজি পাইপলাইনৰ অংশ বালাছোড়–হালদিয়া–দুৰ্গাপুৰ উচৰ্গা কৰে৷ তাৰোপৰি তেওঁ বালাছোড়ত মাল্টি–মোডাল লজিষ্টিক পাৰ্ক আৰু ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰও মুকলি কৰে৷

তেওঁ টাটানগৰৰ পৰা বাদামপাহাৰলৈ দ্বিতীয় যাত্ৰীবাহী ৰে’লৰ ফ্লে’গ অফ কৰে৷

|

উপস্থিত জনতাক সম্বোন্ধি তেওঁ কয় যে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৪০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ জীৱনলৈ মৌলিক পৰিৱৰ্তন আনিব পৰা বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি লক্ষ্য নিৰূপণ কৰিছে৷

তেওঁ কয় যে বালাছোড়–হালদিয়া–দুৰ্গাপুৰ এলপিজি পাইপলাইনে উৰিষ্যা আৰু পশ্চিমবংগত পৰিবহণ ব্যয় আৰু সময় হ্ৰাস কৰি এলপিজি প্ৰদানৰ নিশ্চিতি প্ৰদান কৰিব৷

|

তেওঁ একবিংশ শতিকাৰ যোগাযোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ আধুনিক আন্তঃগাঁথনিত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰা হৈছে৷ তেওঁ উৰিষ্যাৰ পথ, ৰে’ল আৰু বায়ু যোগাযোগৰ উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে বৰ্ধিত ৰে’ল সংযোগে জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা উন্নীতকৰণ কৰাৰ লগতে খনিজ সম্পদসমূহ উদ্যোগলৈ প্ৰেৰণ কৰাত পথ প্ৰশস্ত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ধিত আন্তঃগাঁথনিৰ দ্বাৰা দেশৰ মধ্যবিত্তসকল আৰু মজলীয়া উদ্যোগসমূহ বাৰুকৈয়ে লাভান্বিত হ’ব৷ তেওঁ কয় যে আধুনিক পথ, পৰিষ্কাৰ ৰে’ল আৰু ব্যয়সাধ্য বিমান যাত্ৰাই মধ্যবিত্তসকলৰ জীৱন সহজ কৰি তুলিব৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে জনতাৰ বাবে পাৰপত্ৰ লাভৰ প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ কৰি তুলিছে৷ তেওঁ কয় যে আজি মুকলি হোৱা ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰৰ জৰিয়তে এই পদক্ষেপক গতি প্ৰদান কৰিব৷ তেওঁ ইয়াক ‘ইজ অব্ লিভিং’ বুলি অভিহিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ ঐতিহ্য সংৰক্ষণৰ দিশতো প্ৰয়াস কৰিছে৷ তেওঁ কয় যি বিশ্বাস, আধ্যাত্মিকতা আৰু ইতিহাসৰ সৈতে জড়িত তথা যোগ আৰু আয়ুৰ্বেদৰ জ্ঞানক ৰাজহুৱাভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷ এই সন্দৰ্ভত তেওঁ ৰাশিকা ৰে’ মন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰৰ এই প্ৰয়াসসমূহে পৰ্যটন বৃদ্ধিতো সহায় কৰিব৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian economy 'resilient' despite 'fragile' global growth outlook: RBI Bulletin

Media Coverage

Indian economy 'resilient' despite 'fragile' global growth outlook: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM attends the Defence Investiture Ceremony-2025 (Phase-1)
May 22, 2025

The Prime Minister Shri Narendra Modi attended the Defence Investiture Ceremony-2025 (Phase-1) in Rashtrapati Bhavan, New Delhi today, where Gallantry Awards were presented.

He wrote in a post on X:

“Attended the Defence Investiture Ceremony-2025 (Phase-1), where Gallantry Awards were presented. India will always be grateful to our armed forces for their valour and commitment to safeguarding our nation.”