India has emerged as the nerve centre of global health: PM Modi
The last day of 2020 is dedicated to all health workers who are putting their lives at stake to keep us safe: PM Modi
In the recent years, more people have got access to health care facilities: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এইমছ ৰাজকোটৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ছোৱাত মানৱ জাতিৰ ৰক্ষাৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মী, চাফাই কৰ্মী আৰু অন্যান্য ফ্ৰণ্টলাইন ক’ৰোনা যোদ্ধাসকলৰ নিৰন্তৰ প্ৰচেষ্টাক স্মৰণ কৰে। তেওঁ বিজ্ঞানী আৰু সেইসকল লোকৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰে, যিয়ে দুৰ্যোগৰ সময়ত সম্পূৰ্ণ নিষ্ঠাৰে দৰিদ্ৰক খাদ্য প্ৰদানত ব্যস্ত আছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২০ বছৰটোৱে এই কথা প্ৰতীয়মান কৰিছে যে ভাৰতীয় নাগৰিক ঐক্যবদ্ধ হ’লে, জটিল সংকটৰ মোকাবিলা কৰিব পৰা যায়। সেয়ে, আজি ভাৰত ক’ৰোনা যুদ্ধত বিশ্বৰ আন দেশৰ তুলনাত আগবাঢ়ি আছে। ভাৰতে মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ভাৰতত প্ৰতিষেধক সৃষ্টিৰ সকলো প্ৰয়োজনীয় প্ৰস্তুতি চলি আছে, এই প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু সোনকালে দেশৰ চুকে-কোণে টীকাকৰণ আৰম্ভ হ’ব।

শ্ৰী মোদীয়ে কয় যে এইমছ ৰাজকোটে গুজৰাটৰ স্বাস্থ্য আন্তঃগাথনি, চিকিৎসা শিক্ষাক গতি প্ৰদান কৰিব আৰু ৰাজ্যখনত কৰ্মসংস্থাপন সৃষ্টি কৰিব। তেওঁ কয় যে প্ৰায় ৫ হাজাৰ প্ৰত্যক্ষ চাকৰি আৰু বহুতো পৰোক্ষ চাকৰি সৃষ্টি হ’ব। ক’ভিড যুঁজত গুজৰাটৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীৰ বিৰুদ্ধে যুঁজত গুজৰাটে পথ প্ৰদৰ্শন কৰিছে। ইয়াৰ বাবে তেওঁ ৰাজ্যখনৰ শক্তিশালী স্বাস্থ্য আন্তঃগাথনিৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ বহু দশকৰ পিছতো দেশত মাত্ৰ ৬খন এইমছ স্থাপন কৰা হৈছিল। ২০০৩ত অটলজীৰ চৰকাৰৰ দিনত আৰু ৬খন এইমছ স্থাপনৰ সিদ্ধান্ত লোৱা হয়। তেওঁ উল্লেখ কৰে যে যোৱা ৬বছৰত ১০খন নতুন এইমছ স্থাপনৰ কাম আৰম্ভ হৈছে আৰু কেইবাখনো ইতিমধ্যে উদ্বোধন কৰা হৈছে। ইয়াৰ লগতে ২০খন ছুপাৰ স্পেচিয়েলিটী হস্পিতালো নিৰ্মাণ কৰি থকা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ভিতৰুৱা অঞ্চলত প্ৰায় ১.৫ মিলিয়ন হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ স্থাপনৰ কাম চলি আছে আৰু ইয়াৰে প্ৰায় ৫০,০০০ চেণ্টাৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰে অকলে ৫হাজাৰ কেন্দ্ৰ গুজৰাটত আছে। তেওঁ কয় যে প্ৰায় ৭০০০ জন ঔষধি কেন্দ্ৰই ৩.৫লাখ দৰিদ্ৰ ৰোগীক কম মূল্যত ঔষধ আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ভিতৰুৱা অঞ্চলত প্ৰায় ১.৫ মিলিয়ন হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ স্থাপনৰ কাম চলি আছে আৰু ইয়াৰে প্ৰায় ৫০,০০০ চেণ্টাৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰে অকলে ৫হাজাৰ কেন্দ্ৰ গুজৰাটত আছে। তেওঁ কয় যে প্ৰায় ৭০০০ জন ঔষধি কেন্দ্ৰই ৩.৫লাখ দৰিদ্ৰ ৰোগীক কম মূল্যত ঔষধ আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২০বৰ্ষ যদি স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বানজনক আছিল, তেন্তে ২০২১ স্বাস্থ্য সমাধানৰ বৰ্ষ হিচাপে চিহ্নিত হৈ ৰ’ব। সমগ্ৰ বিশ্বই সজাগতাৰে স্বাস্থ্য সমাধানৰ দিশে আগবাঢ়িছে। ভাৰতে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে যিহেতু বেমাৰসমূহ গোলকীয় স্তৰত হৈছে, গতিকে গোলকীয় স্বাস্থ্য সমাধানৰ বাবে সমগ্ৰ বিশ্বই সমন্বয়েৰে কাম কৰাৰ সময় আহি পৰিছে। ভাৰতে এই ক্ষেত্ৰত বিশ্বৰ সৈতে আগবাঢ়িছে আৰু সমূহীয়া প্ৰচেষ্টাত ভাৰতে উল্লেখনীয় বৰঙণি আগবঢ়াইছে। ২০২১ত ভাৰত গোলকীয় স্বাস্থ্য খণ্ডৰ প্ৰাণকেন্দ্ৰ হৈ উঠিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”