আজি উদ্বোধন কৰা কামসমূহে বিস্তৃত খণ্ডক সামৰি লৈছে। এইসমূহে ভাৰতৰ বিকাশৰ মাত্ৰাক শক্তিশালী কৰিবঃ প্ৰধানমন্ত্ৰী
কেৰালাৰ পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়ন সাধনাৰ্থে ভাৰত চৰকাৰে বহু প্ৰচেষ্টা গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
উপসাগৰত কাম কৰি থকা ভাৰতীয়সকলে ভাৰত চৰকাৰৰ পূৰ্ণ সমৰ্থন লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা আৰু উপসাগৰত ভাৰতীয় সমাজৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে উপসাগৰীয় ৰাষ্ট্ৰসমূহক তেখেতৰ ধন্যবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি উদ্বোধন কৰা কামসমূহে বিস্তৃত খণ্ডক সামৰি লৈছে। এইসমূহে ভাৰতৰ বিকাশৰ মাত্ৰাক শক্তিশালী কৰিব। তেখেতে কয় যে আজি উদ্বোধন কৰা প্ৰপেলিন ডিৰাইভেটিভ পেট্ৰ’কেমিকেল প্ৰজেক্ট (PDPP) এ বৈদেশিক বিনিময় ৰাহি কৰাৰ পৰিপ্ৰেক্ষিতত আত্মনিৰ্ভৰ হোৱাৰ অভিমুখে ভাৰতৰ যাত্ৰাক সুদৃঢ় কৰাত সহায় আগবঢ়াব। বিস্তৃত পৰিসৰৰ উদ্যোগসমূহ উপকৃত হ’ব আৰু নিয়োগৰ সুযোগ সৃষ্টি হ’ব। সমান্তৰালভাৱে, ৰ’-ৰ’ জাহাজৰ জৰিয়তে, পথেৰে প্ৰায় ত্ৰিশ কিলোমিটাৰ দূৰত্ব জলপথেৰে ৩.৫ কিলোমিটাৰতে অতিক্ৰম কৰিব পৰা হ’ব যাৰ পৰিণতিত যান-যঁট নোহোৱা হ’ব আৰু সুবিধা, বাণিজ্য আৰু সামৰ্থ্য-নিৰ্মাণৰ বৰ্ধন ঘটিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে কেৰালাৰ পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ অৰ্থে ভাৰত চৰকাৰে বহু প্ৰচেষ্টা গ্ৰহণ কৰিছে। কোচিত আন্তঃৰাষ্ট্ৰীয় ক্ৰুইজ টাৰ্মিনেল সাগৰিকাৰ উদ্বোধন হৈছে ইয়াৰ এটা উদাহৰণ। সাগৰিকা ক্ৰুইজ টাৰ্মিনেলে লাখ-লাখ ক্ৰুইজ অতিথিক সহায় আগবঢ়াব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত মহামাৰী সম্পৰ্কীয় বাধ্যবাধকতাৰ বাবে স্থানীয় পৰ্যটন বৃদ্ধি পাইছে। তেখতে কয়, স্থানীয় পৰ্যটন উদ্যোগটোৰে জড়িতসকলৰ জীৱিকা বৃদ্ধিৰ অৰ্থে ই হৈছে গুৰুত্বপূৰ্ণ সুযোগ আৰু ই আমাৰ সংস্কৃতি আৰু আমাৰ যুৱ সমাজৰ মাজত সংযোগ গভীৰতৰ কৰিব। উদ্ভাৱনীমূলক পৰ্যটন সম্পৰ্কীয় পণ্যসমূহৰ সন্দৰ্ভত ষ্টাৰ্ট-আপসমূহক ভাবিবলৈ তেখেতে আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যোৱা পাঁচ বছৰত ভাৰতৰ পৰ্যটন খণ্ডৰ সু বিকাশ লাভ কৰা হৈছে। বিশ্ব পৰ্যটন সূচকাংকত ভাৰতৰ স্থান পয়সষ্ঠিৰপৰা চৌত্ৰিশলৈ অগ্ৰগতি ঘটিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, ৰাষ্ট্ৰীয় উন্নয়নৰ অৰ্থে সামৰ্থ্য নিৰ্মাণ আৰু ভৱিষ্যতৰ বাবে সাজু আন্তঃগাঁথনি দুটা গুৰুত্বপূৰ্ণ কাৰক। আজিৰ “বিজ্ঞান সাগৰ”ৰ উন্নয়নমূলক কাম আৰু দক্ষিণ কয়লা বাৰ্থৰ পুনৰ নিৰ্মাণে এই দুয়োটা কাৰকলৈ বৰঙণি যোগাব। কোচি শ্বীপয়াৰ্ডৰ নতুন নলেজ কেম্পাছ বিজ্ঞান সাগৰে বিশেষকৈ মেৰাইন ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিবলৈ খোজাসকলক সহায় কৰিব। দক্ষিণ কয়লা বাৰ্থে লজিষ্টিক ব্যয় কমাই আনিব আৰু কাৰ্গ’ সামৰ্থ্যৰ উন্নয়ন সাধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে কয় যে আজি আন্তঃগাঁথনিৰ সংঞ্জা আৰু সুযোগ সলনি হৈছে। পূৰ্বে ই মাত্ৰ ভাল পথ; উন্নয়নমূলক কাম আৰু কেইটামান নগৰীয়া কেন্দ্ৰৰ মাজৰ যোগাযোগ ব্যৱস্থাতে সীমাবদ্ধ আছিল। কিন্তু এতিয়া ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ জৰিয়তে, আন্তঃগাঁথনি গঢ়ি তোলাৰ অৰ্থে ১১০ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

নীল অৰ্থনীতিৰ উন্নয়ন সাধনাৰ্থে দেশখনৰ পৰিকল্পনা সন্দৰ্ভত উল্লেখ কৰি, শ্ৰী মোদীয়ে কয় “এই খণ্ডত আমাৰ দৃষ্টি আৰু কৰ্মই সামৰি লৈছেঃ অধিক বন্দৰ, বৰ্তমানে থকা বন্দৰসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন, অফ-ছ’ৰ শক্তি, বহনক্ষম উপকূলবৰ্তী উন্নয়ন আৰু উপকূল যোগাযোগ।” প্ৰধান মন্ত্ৰী মৎস্য সম্পদ যোজনা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ই মৎস্যজীৱী সমাজখনৰ বহু প্ৰয়োজনীয়তা পূৰণ কৰিব। অধিক ক্ৰেডিট নিশ্চিতকৰণৰ অৰ্থে ইয়াত ব্যৱস্থা ৰখা হৈছে। মৎস্যজীৱীসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰে সংযোজিত কৰা হৈছে। সমান্তৰালভাৱে, ভাৰতক সাগৰীয়-খাদ্য ৰপ্তানিৰ কেন্দ্ৰ কৰি তুলিবলৈ কাম অব্যাহত ৰখা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বৰ্ষৰ বাজেটত বিশেষ সম্পদ আৰু আঁচনিৰ ব্যৱস্থা কৰা হৈছে যিয়ে কেৰালাক উপকৃত কৰিব। ইয়াত কোচি মেট্ৰ’ৰ পৰৱৰ্তী পৰ্যায়কো সামৰি লোৱা হৈছে।

ক’ৰোনাৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি ভাৰতৰ তেজস্বী প্ৰতিক্ৰিয়াৰ প্ৰসংগ টানি আনি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উপসাগৰকে প্ৰমুখ্য কৰি প্ৰবাসী ভাৰতীয়সকলক সহায় আগবঢ়াবলৈ চৰকাৰখনৰ প্ৰচেষ্টাৰাজি সন্দৰ্ভত ব্যক্ত কৰে। তেখেতে কয়, উপসাগৰত প্ৰবাসীসকলক লৈ ভাৰত গৌৰৱান্বিত। বন্দে ভাৰত অভিযানৰ অংশ হিচাপে, পঞ্চাছ লাখৰো অধিক ভাৰতীয় ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হয়। ইয়াৰে গৰিষ্ঠসংখ্যকেই হৈছে কেৰালাৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিন্ন উপসাগৰীয় ৰাষ্ট্ৰক ধন্যবাদ জনাই কয় যে তাত আবদ্ধ হৈ পৰা বহু ভাৰতীয়ক প্ৰত্যাৱৰ্তনৰ অৰ্থে ভাৰত চৰকাৰৰ প্ৰচেষ্টাত এই ৰাষ্ট্ৰসমূহে তৎপৰতা অৱলম্বন কৰে। “উপসাগৰীয় ৰাষ্ট্ৰসমূহে মোৰ ব্যক্তিগত আহ্বানৰ প্ৰতি সঁহাৰি জনালে আৰু আমাৰ সমাজখনৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে। এই ৰাষ্ট্ৰসমূহে ভাৰতীয়সকলৰ প্ৰত্যাৱৰ্তনত অগ্ৰাধিকাৰ প্ৰদান কৰিলে। এই প্ৰক্ৰিয়াটো সহজতৰ কৰি তুলিবলৈ আমি এয়াৰ বাবলৰ ব্যৱস্থা কৰো। উপসাগৰত কৰ্মৰত ভাৰতীয়সকলে অৱগত হোৱাটো উচিত যে তেওঁলোকৰ কল্যাণ নিশ্চিতৰ অৰ্থে মোৰ চৰকাৰৰ পূৰ্ণ সমৰ্থন আছে” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."