আজি উদ্বোধন কৰা কামসমূহে বিস্তৃত খণ্ডক সামৰি লৈছে। এইসমূহে ভাৰতৰ বিকাশৰ মাত্ৰাক শক্তিশালী কৰিবঃ প্ৰধানমন্ত্ৰী
কেৰালাৰ পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়ন সাধনাৰ্থে ভাৰত চৰকাৰে বহু প্ৰচেষ্টা গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
উপসাগৰত কাম কৰি থকা ভাৰতীয়সকলে ভাৰত চৰকাৰৰ পূৰ্ণ সমৰ্থন লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা আৰু উপসাগৰত ভাৰতীয় সমাজৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে উপসাগৰীয় ৰাষ্ট্ৰসমূহক তেখেতৰ ধন্যবাদ

কেৰালাৰ ৰাজ্যপাল শ্রী আৰিফ মহম্মদ খান, কেৰালাৰ মুখ্যমন্ত্রী শ্রী পিনাৰাই বিজয়ন, মোৰ মন্ত্ৰীসভাৰ সহকর্মী শ্রী ধর্মেন্দ্র প্রধান, ৰাজ্যিক মন্ত্রী শ্রী মনসুখ মাণ্ডভিয়া জী, ৰাজ্যিক মন্ত্ৰী শ্রী মুৰলীধৰন জী,

মঞ্চত উপস্থিত সন্মানীয় অতিথিবৃন্দ,

বন্ধুসকল,

নমস্কাৰম কোচি। নমস্কাৰম কেৰালা। আৰৱ সাগৰৰ ৰাণী প্রতিবাৰৰ দৰেই অপূর্ব। আপোনালোকৰ মাজলৈ আহিবলৈ পাই মই আনন্দিত হৈছো। আজি আমি ইয়াত উন্নয়ন উদযাপন কৰিছো, কেৰালা আৰু ভাৰতৰ উন্নয়ন। আজি যিসমূহ প্রকল্প উদ্বোধন কৰা হৈছে, সেয়া বিভিন্ন ক্ষেত্রত প্রসাৰিত৷ এইবোৰে ভাৰতৰ অগ্রগতিৰ গতিপথক শক্তি যোগাব৷

বন্ধুসকল,

দুবছৰৰ পূৰ্বে মই কোচি শোধনাগাৰলৈ গৈছিলো৷ এই শোধনাগাৰ ভাৰতৰ অন্যতম আধুনিক শোধনাগাৰৰ অন্যতম৷ আজি আকৌ কোচিৰ পৰা, আমি ৰাষ্ট্ৰৰ উদ্দেশ্যে কোচি শোধনাগাৰৰ প্রোপেলিন ডেৰিভেটিভছ পেট্র’কেমিকেল কমপ্লেক্স উৎসৰ্গা কৰিলো৷ এই প্রকল্পই আত্মনির্ভৰ ভাৰতৰ যাত্রা সুদৃঢ় কৰাত সহায় কৰিব৷ এই কমপ্লেক্সৰ জৰিয়তে বৈদেশিক মুদ্রা সঞ্চয় কৰা সম্ভৱ হ’ব৷ বিভিন্ন উদ্যোগ লাভৱান হ’ব আৰু কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

কোচি ব্যৱসায় আৰু বাণিজ্যৰ চহৰ। এই চহৰৰ নাগৰিকসকলে সময়ৰ মূল্য বুজি পায়। তেওঁলোকে উন্নয়নৰ গুৰুত্বও জানে৷ সেইবাবে, ৰ’-ৰ’ ভেচেলছ বিশেষভাকৈ দেশবাসীৰ বাবে উৎসৰ্গা কৰা হৈছে। পথৰে প্রায় ৩০ কিলোমিটাৰৰ দূৰত্ব জলপথেৰে মাত্র চাৰে তিনি কিলোমিটাৰ হয়। ইয়াৰ অর্থ হ’ল, সুযোগ বৃদ্ধি, বাণিজ্য বৃদ্ধি, দক্ষতা বৃদ্ধি, ইয়াত ভিৰৰ লগতে প্ৰদূষণো কমিব৷ পৰিবহন খণ্ডত ব্যয়ো হ্ৰাস পাব৷

বন্ধুসকল,

পর্যটকসকলে কেৰালাৰ অন্যান্য অঞ্চললৈ যোৱাৰ বাবে, কোচিক কেৱল ট্রানজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰে, তেনে নহয়। ইয়াৰ সংস্কৃতি, খাদ্য, সমুদ্র তীৰ, বজাৰ, ঐতিহাসিক স্থান আৰু আধ্যাত্মিক স্থানসমূহ অতি জনপ্রিয়। ভাৰত চৰকাৰে ইয়াত পর্যটনৰ লগতে সংশ্লিষ্ট আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছে৷ কোচিৰ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেল 'সাগৰিকা'ৰ উদ্বোধন ইয়াৰে উদাহৰণ। সাগৰিকা ক্রুজ টার্মিনেল আৰম্ভ হোৱাৰ ফলত পর্যটকসকলে সুবিধা আৰু স্বাচ্ছন্দ্য দুয়োটাই পাব৷ ইয়াৰ পৰা এক লাখতকৈও অধিক ক্রুজ পৰ্যটকক সেৱা আগবঢ়োৱা হ’ব৷

বন্ধুসকল,

মই বিগত কেইবা মাহ ধৰি এটা বিষয় লক্ষ্য কৰিছো যে বহু মানুহে মোক আৰু ছ’চিয়েল মিডিয়াত তেওঁলোকৰ স্থানীয় ভ্রমণ সম্পর্কে লিখেছে আৰু ছবিও প্ৰেৰণ কৰিছে৷ যিহেতু বিশ্বজুৰি মহামাৰীৰ ফলত আন্তঃৰাষ্ট্ৰীয় ভ্রমণ প্রভাৱিত হৈছে, সেয়েহে মানুহ নিজৰ ঠাইবোৰকে ঘুৰিবলৈ লৈছে৷ এয়া আমাৰ বাবে এক ডাঙৰ সুযোগ। এফালে, ইয়াৰ অর্থ স্থানীয় পর্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব, আনফালে, এয়া আমাৰ যুৱ প্ৰজন্ম আৰু আমাৰ সংস্কৃতিৰ মাজৰ সংযোগক আৰু অধিক সুদৃঢ় কৰিব৷ ইয়াত বহুত কিবাকিবি দেখা, শিকা আৰু জনাৰ সুযোগ আছে। মই আমাৰ উদীয়মান ষ্টার্টআপ বন্ধুসকলক অনুৰোধ জনাও যে পর্যটন সম্পক্ৰীয় খণ্ডত উদ্ভাৱনমূলক কিবা এটা কৰক৷ মই আপোনালোক সকলোকে এই সুযোগত যিমান সম্ভৱ নিজৰ ঠাই ভ্রমণৰ বাবে অনুৰোধ কৰিছো। আপোনালোকে জানি সুখী হ’ব যে বিগত পাঁচ বছৰত ভাৰতত পর্যটনৰ দিশত যথেষ্ট উন্নতি হৈছে। বিশ্ব পৰ্যটন সূচকাংকৰ ৰেংকিঙত ভাৰতে ৬৫ৰ পৰা ৩৪তম স্থানলৈ উন্নীত হৈছে৷ সেয়েহে, মই আত্মবিশ্বাসী যে আমি আৰু উন্নতি কৰিম৷

বন্ধুসকল,

অর্থনৈতিক উন্নয়নৰ দুটা গুৰুত্বপূর্ণ উপাদান হ'ল: দক্ষতা বৃদ্ধি আৰু ভৱিষ্যতৰ প্রয়োজনৰ বাবে আন্তঃগাঁথনিৰ আধুনিকীকৰণ। পৰৱর্তী দুটা উন্নয়ন প্রকল্প এই বিষয়ৰ সৈতে জড়িত৷ ‘বিজ্ঞান সাগৰ’, কোচি ডকৰ নতুন ন’লেজ কেম্পাছ। ইয়াৰ জৰিয়তে আমি আমাৰ মানৱ সম্পদ উন্নয়নৰ মূলধনক প্রসাৰিত কৰিছো। এই কেম্পাছটো দক্ষতা বিকাশৰ গুৰুত্বপূৰ্ণ প্রতিচ্ছবি। এয়া বিশেষকৈ যিসকলে মেৰিন ইঞ্জিনিয়াৰিং পঢ়াৰ প্ৰতি আগ্রহী তেওঁলোকক সহায় কৰিব৷ অনাগত দিনত এই বিষয়ত যথেষ্ট সম্ভাৱনা আছে বুলি মই বিশ্বাসী৷ এই ক্ষেত্রত শিক্ষাগত যোগ্যতা থকা যুৱকসকলৰ বাবে বহু সুযোগ থাকিব৷ মই আগতেই কৈছো যে অর্থনৈতিক উন্নয়নৰ বাবে বৰ্তমান ক্ষমতা বৃদ্ধি কৰা দৰকাৰ। ইয়াত আমি ছাউথ কোল বার্থৰ পুনৰ গঠনৰ আধাৰশিলা স্থাপন কৰিছো। ই যোগান খৰচ কমোৱাৰ লগতে কার্গোৰ ক্ষমতা উন্নত কৰিব৷ ব্যৱসায়ৰ উন্নতিৰ বাবে দুয়োটাই অতি গুৰুত্বপূর্ণ।

বন্ধুসকল,

আজি, আন্তঃগাঁথনিৰ সংজ্ঞা আৰু সুযোগ দুয়োটাই সলনি হৈছে। এয়া কেৱল ভাল পথ, উন্নয়নমূলক কাম আৰু কেইকনমান চহৰৰ যোগাযোগৰ মাজতে সীমাবদ্ধ নহয়। আমি ভৱিষ্যৎ প্রজন্মৰ বাবে প্রচুৰ পৰিমাণে আৰু উন্নতমানৰ আন্তঃগাঁথনিৰ কথা ভাবিছো। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ জৰিয়তে, আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ১১০ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ইয়াত উপকূলৱর্তী অঞ্চল, উত্তৰ-পূর্বাঞ্চল আৰু পার্বত্য অঞ্চলসমূহক বিশেষ গুৰুত্ব দিয়া হৈছে। আজি ভাৰতৰ প্রতিখন গাঁৱত ব্ৰোডবেণ্ড সংযোগ প্ৰদানৰ আঁচনি গ্রহণ কৰা হৈছে। সেইদৰে, ভাৰতৰ জলপথত অর্থনীতি বিকাশৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিয়া হৈছে। এই ক্ষেত্রত আমাৰ দৃষ্টিভংগী আৰু কামৰ ভিতৰত আৰু অধিক বন্দৰ নিৰ্মাণ কৰা; বর্তমানৰ বন্দৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা। উপকূলীয় অঞ্চলত বিদ্যুৎ উৎপাদন, উপকূলৱর্তী অঞ্চলত সুস্থিৰ উন্নয়ন, উপকূলৱর্তী এলেকাত উন্নত যোগাযোগ ব্যৱস্থা গঢ় দিয়া আদি৷ প্রধানমন্ত্রী মৎস্য সম্পদ যোজনা এই ধৰণৰ প্রকল্পৰ অন্যতম। এই প্রকল্পই মৎস্যজীৱি লোকসকলৰ বিভিন্ন প্রয়োজনীয় সামগ্ৰী যোগান ধৰিব৷ এই ক্ষেত্ৰত আৰু অধিক ঋণ লোৱাৰ সুযোগ আছে। মৎস্যজীৱি সকলক কিষাণ ক্রেডিট কার্ডৰ সৈতে যুক্ত কৰা হৈছে। একেদৰে ভাৰতক সমুদ্র সম্পদৰ পৰা উৎপাদিত খাদ্য ৰপ্তানিৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ কাম চলি আছে। মই সুখী যে সামুদ্রিক শৈবাল খেতিয়ে জনপ্রিয়তা অর্জন কৰিছে। মই মৎস্য ক্ষেত্রক আৰু অধিক প্রাণৱন্ত কৰি তুলিবলৈ গৱেষক আৰু উদ্ভাৱকসকলক আগুৱাই আহিবলৈ আহ্বান জনাইছো। এয়া আমাৰ পৰিশ্রমী মৎস্যজীৱি লোকসকলৰ প্ৰতি ডাঙৰ শ্রদ্ধাঞ্জলি হ’ব।

বন্ধুসকল,

এই বছৰৰ বাজেটত কেৰালাৰ উন্নয়নৰ বাবে উল্লেখযোগ্য আৱণ্টন আৰু প্রকল্প ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত কোচি মেট্র’ৰ পৰবর্তী পর্বও অন্যতম৷ এই মেট্র’ নেটৱর্ক সফলতাৰে ৰূপায়িত হৈছে আৰু প্রগতিশীল কাম আৰু পেশাদাৰিত্বৰ এক ভাল উদাহৰণ গঢ় লৈছে।

বন্ধুসকল,

যোৱা বছৰ মানৱজাতিয়ে এক অভাৱনীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিছিল৷ ক’ৰোনাৰ বিৰুদ্ধে ১৩০ কোটি ভাৰতীয়ই অতি উৎসাহেৰে যুঁজ দি আহিছে। চৰকাৰ বিশেষকৈ উপসাগৰীয় দেশসমূহত প্রবাসী ভাৰতীয়সকলৰ প্রয়োজনৰ প্রতি সদায় সংবেদনশীল আছিল। উপসাগৰীয় অঞ্চলত আমাৰ প্রবাসী ভাৰতীয়সকলৰ বাবে আমি গর্বিত। মোৰ পূৰ্বৰ ভ্ৰমণসমূহ বিশেষকৈ ছৌদি আৰৱ, কাট্টাৰ, সংযুক্ত আৰব এমিৰেটছ আৰু বাহৰিনে তেওঁলোকৰ সৈতে সময় কটোৱাৰ সুযোগ পাইছিল। মই তেওঁলোকৰ সৈতে খাইছো, তেওঁলোকৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰিছো৷ বন্দে ভাৰত মিচনৰ অধীনত ৫০ লক্ষাধিক ভাৰতীয়ক স্বদেশলৈ ঘূৰাই আনিছে৷ তেওঁলোকৰ ভিতৰত কেৰালাৰ বহু লোক আছিল৷ এইধৰণৰ সংবেদনশীল সময়ত তেওঁলোকৰ সেৱা কৰিবলৈ পাই আমাৰ চৰকাৰে সন্মানীত বোধ কৰিছে। বিগত বছৰসমূহত, বিভিন্ন উপসাগৰীয় দেশসমূহৰ চৰকাৰে ইয়াৰ কাৰাগাৰত দুঃখ জনকভাৱে বন্দী হৈ থকা বহু ভাৰতীয়ক মুক্তি দিছে। চৰকাৰে সকলো সময়ত এওঁলোকৰ হৈ মাত মাতি যাব৷ মই বিভিন্ন উপসাগৰীয় দেশৰ চৰকাৰসমূহক এই বিষয়ত তেওঁলোকৰ সংবেদনশীল উদ্যোগৰ বাবে ধন্যবাদ জনাব বিচাৰিছো। উপসাগৰীয় দেশসমূহে মোৰ ব্যক্তিগত আবেদনত এৰি দিছিল আৰু আমাৰ সম্প্রদায়ৰ বিশেষ যত্ন লৈছিল। তেওঁলোকে এই অঞ্চলৰ ভাৰতীয়ৰ প্রত্যাৱর্তনক অগ্রাধিকাৰ দি আহিছে৷ সেই প্রক্রিয়া সহজ কৰাৰ বাবে আমি এয়াৰ বাবল চেট আপ কৰিছো৷ উপসাগৰত কর্মৰত ভাৰতীয়সকলে জনা উচিত যে তেওঁলোকৰ কল্যাণ নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰৰ পূর্ণ সমর্থন আছে।

বন্ধুসকল,

আমি আজি এক ঐতিহাসিক মূহুর্তত আছো৷ আমাৰ আজিৰ কাম অনাগত বছৰসমূহত আমাৰ অগ্রগতিৰ গতিপথক ৰূপ দিব৷ প্রয়োজনত আগুৱাই আহি বিশ্বত অৱদান আগবঢ়োৱাৰ ক্ষমতা ভাৰতৰ আছে। আমাৰ দেশবাসীয়ে দেখুৱাইছে যে সঠিক সুযোগ পালে তেওঁলোকে অসাধাৰণ কাম কৰিব পাৰে৷ আহক আমি সেই সুযোগবোৰ গঢ় দিয়াৰ কাম কৰো। একেদৰে, আমি এক আত্মনির্ভৰ ভাৰত গঢ়িবলৈ সক্ষম হ’ম। পুনৰবাৰ কেৰালাৰ জনগণক আজি যি উন্নয়নমূলক প্রকল্পৰ উদ্বোধন কৰা হৈছে, তাৰবাবে অভিনন্দন জনাইছো৷

ধন্যবাদ। বহুত বহুত ধন্যবাদ.

ওৰাইৰাম নন্দী

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Kavach commissioned on 2,569 km as Railways expands safety rollout

Media Coverage

Kavach commissioned on 2,569 km as Railways expands safety rollout
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting respect for nature and environmental stewardship
July 30, 2026

The Prime Minister, Shri Narendra Modi, said that respect for nature, the environment and the entire creation lies at the very core of our existence. He called upon everyone to participate, with a spirit of gratitude and selfless service towards nature, in building a healthy, prosperous and strong nation.

The Prime Minister shared a Sanskrit Subhashitam-

“शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”

The Subhashitam conveys that May Dyuloka and the Earth, which have been revered since the beginning of creation, always be auspicious for us. May the intermediate space between the Earth and the Sun be beneficial and enlightening for our lives. May all medicinal herbs and forest plants provide us with health, nourishment, and happiness. May the all-pervading and victorious Lord of all worlds ever grant us welfare, peace, and prosperity.

The Prime Minister wrote on X;

“प्रकृति, पर्यावरण और समस्त सृष्टि का सम्मान हमारे अस्तित्व के मूल में है। आइए, हम इनके प्रति पूरी कृतज्ञता और सेवाभाव के साथ एक स्वस्थ, समृद्ध और सशक्त राष्ट्र के निर्माण में सहभागी बनें।

शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”