প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুৰাট ভ্ৰমণ কৰে৷ ছুৰাটত তেওঁ ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ জৰিয়তে ছুৰাট আৰু দক্ষিণ গুজৰাট অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷

উপস্থিত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ইজ অব্ ডুয়িং বিজনেছৰ বাবে এই দেশৰ আন্তঃগাঁথনি শক্তিশালী হোৱাটো অতিশয় আৱশ্যক আৰু ছুৰাট বিমানবন্দৰৰ প্ৰসাৰণে ইয়াকেই সূচাইছে৷’’ ৩৫৪ কোটি টকাৰ বাজেটেৰে প্ৰায় ২৫,৫০০ বৰ্গমিটাৰ এলেকা সামৰি এই বিমানবন্দৰৰ প্ৰসাৰণ কৰা হৈছে৷ এই বিমানবন্দৰ পৰিবেশ অনুকূল হোৱাৰ লগতে সৌৰশক্তি তথা এলইডি লাইটেৰে সজ্বিত হ’ব৷ এই নতুন টাৰ্মিনেলৰ কাম সমাপ্ত হোৱাৰ পিছত ই বৰ্তমানৰ প্ৰতিবছৰৰ ৪ লাখ যাত্ৰীৰ তুলনাত ২৬ লাখ যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ’ব৷ অতি শীঘ্ৰেই ছুৰাট আৰু শ্বাৰজাহৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা আৰম্ভ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ প্ৰাৰম্ভিক অৱস্থাত প্ৰতি সপ্তাহত দুখনকৈ আৰু পিছলৈ প্ৰতি সপ্তাহত চাৰিখনকৈ বিমান সেৱা প্ৰৱৰ্তন কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উড়ান আঁচনিৰ অধীনত জনসাধাৰণৰ বাবে বিমানসেৱা সহজলভ্য কৰি তুলিবলৈ অধিক সংখ্যক বিমানবন্দৰ সংযোগ কৰা হৈছে৷ তেওঁ কয়, ‘‘আমি প্ৰত্যেকৰে বাবে বিমান যাত্ৰা সুলভ কৰিব খুজিছোঁ৷ উড়ানে ভাৰতত বিমান যোগাযোগক শক্তিশালী কৰিছে৷ উড়ানৰ অধীনত ভাৰতৰ বায়ু মানচিত্ৰত ৪০টা বিমানবন্দৰ সংযোজিত হৈছে৷ চৰকাৰে সমগ্ৰ দেশতে অধিক সংখ্যক বিমানবন্দৰৰ উন্নয়নৰ বাবে পৰিকল্পনা কৰিছে৷’’

চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কৰ্মৰ আলোকপাত কৰি তেওঁ কয় যে চৰকাৰে সাহসিক সিদ্ধান্ত গ্ৰহণৰ বাবে সক্ষম আৰু ৰাষ্ট্ৰৰ বিকাশৰ বাবে মুক্তমনে কাম কৰিছে৷ তেওঁ কয়, ‘‘যিহেতু আপোনালোকে আমাক বৃহৎ সংখ্যাত নিৰ্বাচিত কৰিছে, সেয়ে আমিও কঠিন সিদ্ধান্তসমূহ গ্ৰহণ কৰিবলৈ সক্ষম হৈছো৷’’ এনডিএ চৰকাৰে মধ্যবিত্তসকলৰ বাবেও যথেষ্ট সংখ্যক পদক্ষেপ গ্ৰহণ কৰিছে৷

পূৰ্বৰ চৰকাৰৰ সৈতে তেওঁৰ চৰকাৰৰ তুলনা কৰি শ্ৰী মোদীয়ে কয়, ‘‘আমাৰ চাৰি বছৰীয়া শাসন কালত ১.৩০ কোটি গৃহ নিৰ্মাণৰ বিপৰীতে ইউপিএৰ শাসনকালত মাত্ৰ ২৫ লাখটা গৃহহে নিৰ্মাণ হৈছিল৷’’ তাৰোপৰি তেওঁ ২০১৪ চনলৈ কেৱল ৮০টা পাৰপত্ৰৰ কাৰ্যালয় থকাৰ বিপৰীতে এতিয়া ৪০০টাত কৈও অধিক পাৰপত্ৰৰ কাৰ্যালয় থকা কথাটো উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছুৰাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ ঘৰৰ চাবিও প্ৰদা নকৰে৷ তেওঁ কয় যে চৰকাৰে দেশৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে অভিযানভিত্তিত কাম কৰি আছে৷ ‘‘যোৱা চাৰি বছৰত চহৰ অঞ্চলত ১৩ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে আৰু ৩৭ লাখটা গৃহৰ নিৰ্মাণ কাৰ্য চলি আছে,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

স্বাধীনতা আন্দোলনত ছুৰাটৰ ভূমিকাক সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ ভিতৰতে ছুৰাট দ্ৰুতবেগী উন্নয়নশীল চহৰলৈ পৰিৱৰ্তিত হৈ বিনিয়োগৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈ উঠিব বুলি আশা প্ৰকাশ কৰে৷
ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ছুৰাটত ষ্টেট-অব্-দা-আৰ্ট ছুপাৰ স্পেচিয়েলিটী, ৰচিলাবেন সেৱন্তীলাল শ্বাস ভেনাছ চিকিৎসালয় মুকলি কৰে৷ তেওঁ চিকিৎসালয়খনৰ সুবিধাসমূহ নিৰীক্ষণ কৰে৷ উপস্থিত জনতাক সম্বোধন কৰি তেওঁ আয়ুষ্মান ভাৰতে কিদৰে ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে৷ তেওঁ কয় যে জনতাৰ বাবে এতিয়া অধিক সংখ্যাত জেনেৰিক ঔষধ উপলব্ধ হোৱাৰ জৰিয়তে স্বাস্থ্য সেৱাত কেৱল ব্যয় হ্ৰাস হোৱাই নহয়, ইয়াৰ জৰিয়তে মূল্যবান জীৱনো ৰক্ষা পৰিছে৷

দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক মুকলি কৰি অহাৰ পিছত সন্ধিয়ালৈ প্ৰধানমন্ত্ৰীয়ে ছুৰাটৰ ইনডোৰ ষ্টেডিয়ামত নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত ভাষণ প্ৰদান কৰিব৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi