প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুৰাট ভ্ৰমণ কৰে৷ ছুৰাটত তেওঁ ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ জৰিয়তে ছুৰাট আৰু দক্ষিণ গুজৰাট অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷

উপস্থিত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ইজ অব্ ডুয়িং বিজনেছৰ বাবে এই দেশৰ আন্তঃগাঁথনি শক্তিশালী হোৱাটো অতিশয় আৱশ্যক আৰু ছুৰাট বিমানবন্দৰৰ প্ৰসাৰণে ইয়াকেই সূচাইছে৷’’ ৩৫৪ কোটি টকাৰ বাজেটেৰে প্ৰায় ২৫,৫০০ বৰ্গমিটাৰ এলেকা সামৰি এই বিমানবন্দৰৰ প্ৰসাৰণ কৰা হৈছে৷ এই বিমানবন্দৰ পৰিবেশ অনুকূল হোৱাৰ লগতে সৌৰশক্তি তথা এলইডি লাইটেৰে সজ্বিত হ’ব৷ এই নতুন টাৰ্মিনেলৰ কাম সমাপ্ত হোৱাৰ পিছত ই বৰ্তমানৰ প্ৰতিবছৰৰ ৪ লাখ যাত্ৰীৰ তুলনাত ২৬ লাখ যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ’ব৷ অতি শীঘ্ৰেই ছুৰাট আৰু শ্বাৰজাহৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা আৰম্ভ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ প্ৰাৰম্ভিক অৱস্থাত প্ৰতি সপ্তাহত দুখনকৈ আৰু পিছলৈ প্ৰতি সপ্তাহত চাৰিখনকৈ বিমান সেৱা প্ৰৱৰ্তন কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উড়ান আঁচনিৰ অধীনত জনসাধাৰণৰ বাবে বিমানসেৱা সহজলভ্য কৰি তুলিবলৈ অধিক সংখ্যক বিমানবন্দৰ সংযোগ কৰা হৈছে৷ তেওঁ কয়, ‘‘আমি প্ৰত্যেকৰে বাবে বিমান যাত্ৰা সুলভ কৰিব খুজিছোঁ৷ উড়ানে ভাৰতত বিমান যোগাযোগক শক্তিশালী কৰিছে৷ উড়ানৰ অধীনত ভাৰতৰ বায়ু মানচিত্ৰত ৪০টা বিমানবন্দৰ সংযোজিত হৈছে৷ চৰকাৰে সমগ্ৰ দেশতে অধিক সংখ্যক বিমানবন্দৰৰ উন্নয়নৰ বাবে পৰিকল্পনা কৰিছে৷’’

চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কৰ্মৰ আলোকপাত কৰি তেওঁ কয় যে চৰকাৰে সাহসিক সিদ্ধান্ত গ্ৰহণৰ বাবে সক্ষম আৰু ৰাষ্ট্ৰৰ বিকাশৰ বাবে মুক্তমনে কাম কৰিছে৷ তেওঁ কয়, ‘‘যিহেতু আপোনালোকে আমাক বৃহৎ সংখ্যাত নিৰ্বাচিত কৰিছে, সেয়ে আমিও কঠিন সিদ্ধান্তসমূহ গ্ৰহণ কৰিবলৈ সক্ষম হৈছো৷’’ এনডিএ চৰকাৰে মধ্যবিত্তসকলৰ বাবেও যথেষ্ট সংখ্যক পদক্ষেপ গ্ৰহণ কৰিছে৷

পূৰ্বৰ চৰকাৰৰ সৈতে তেওঁৰ চৰকাৰৰ তুলনা কৰি শ্ৰী মোদীয়ে কয়, ‘‘আমাৰ চাৰি বছৰীয়া শাসন কালত ১.৩০ কোটি গৃহ নিৰ্মাণৰ বিপৰীতে ইউপিএৰ শাসনকালত মাত্ৰ ২৫ লাখটা গৃহহে নিৰ্মাণ হৈছিল৷’’ তাৰোপৰি তেওঁ ২০১৪ চনলৈ কেৱল ৮০টা পাৰপত্ৰৰ কাৰ্যালয় থকাৰ বিপৰীতে এতিয়া ৪০০টাত কৈও অধিক পাৰপত্ৰৰ কাৰ্যালয় থকা কথাটো উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছুৰাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ ঘৰৰ চাবিও প্ৰদা নকৰে৷ তেওঁ কয় যে চৰকাৰে দেশৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে অভিযানভিত্তিত কাম কৰি আছে৷ ‘‘যোৱা চাৰি বছৰত চহৰ অঞ্চলত ১৩ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে আৰু ৩৭ লাখটা গৃহৰ নিৰ্মাণ কাৰ্য চলি আছে,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

স্বাধীনতা আন্দোলনত ছুৰাটৰ ভূমিকাক সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ ভিতৰতে ছুৰাট দ্ৰুতবেগী উন্নয়নশীল চহৰলৈ পৰিৱৰ্তিত হৈ বিনিয়োগৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈ উঠিব বুলি আশা প্ৰকাশ কৰে৷
ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ছুৰাটত ষ্টেট-অব্-দা-আৰ্ট ছুপাৰ স্পেচিয়েলিটী, ৰচিলাবেন সেৱন্তীলাল শ্বাস ভেনাছ চিকিৎসালয় মুকলি কৰে৷ তেওঁ চিকিৎসালয়খনৰ সুবিধাসমূহ নিৰীক্ষণ কৰে৷ উপস্থিত জনতাক সম্বোধন কৰি তেওঁ আয়ুষ্মান ভাৰতে কিদৰে ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে৷ তেওঁ কয় যে জনতাৰ বাবে এতিয়া অধিক সংখ্যাত জেনেৰিক ঔষধ উপলব্ধ হোৱাৰ জৰিয়তে স্বাস্থ্য সেৱাত কেৱল ব্যয় হ্ৰাস হোৱাই নহয়, ইয়াৰ জৰিয়তে মূল্যবান জীৱনো ৰক্ষা পৰিছে৷

দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক মুকলি কৰি অহাৰ পিছত সন্ধিয়ালৈ প্ৰধানমন্ত্ৰীয়ে ছুৰাটৰ ইনডোৰ ষ্টেডিয়ামত নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত ভাষণ প্ৰদান কৰিব৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Unemployment rate falls to 4.7% in November, lowest since April: Govt

Media Coverage

Unemployment rate falls to 4.7% in November, lowest since April: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives due to mishap on Yamuna Expressway in Mathura
December 16, 2025

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap on the Yamuna Expressway in Mathura, Uttar Pradesh. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced that an ex-gratia amount of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to a mishap on the Yamuna Expressway in Mathura, Uttar Pradesh, is extremely painful. My thoughts are with those who have lost their loved ones. I pray for the speedy recovery of those injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”