বাৰাণসীত প্ৰধানমন্ত্রী

Published By : Admin | February 19, 2019 | 10:30 IST
PM Modi pays homage to Shri Guru Ravidas and laid the foundation stone of Guru Ravidas birthplace development project
The teachings of the Guru Ravidas inspire us every day: PM Modi
We brought quota for poor, so that those marginalised can lead a dignified life. This government is punishing the corrupt and rewarding the honest: PM

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰে। ৰবিদাস জয়ন্তী উদযাপন উপলক্ষে তেওঁ গুৰু ৰবিদাসৰ জন্মস্থানত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্রীয়ে বাৰাণসীত ডিজেল ৰে’ল ইঞ্জিন কাৰখানাত ডিজেলৰ পৰা ইলেক্ট্রিকলৈ ৰূপান্তৰ পৰা প্ৰথমটো ৰে’ল ইঞ্জিনৰ যাত্রা শুভাৰম্ভ কৰে৷ 

বাৰাণসীত জিজেলৰ পৰা ইলেক্ট্ৰিকেললৈ ৰূপান্তৰিত কৰা প্ৰথমটো ৰেল ইঞ্জিনৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ 

ভাৰতীয় ৰে’লে ইয়াৰ সামগ্রিক কাম-কাজত ১০০ শতাংশ বিদ্যুতীকৰণ যি পৰিকল্পনা কৰিছে, তাৰ লগত সংগতি ৰাখি বাৰাণসীৰ ডিজেল ৰে’ল ইঞ্জিন কাৰখানাৰ ডিজেল ইঞ্জিনসমূহ বিদ্যুৎচালিত ৰে’ল ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে। এই ৰে’ল ইঞ্জিনটোৰ পৰীক্ষামূলক চলাচলৰ পাছত প্ৰধানমন্ত্রীয়ে কাৰখানাটো পৰিদৰ্শন কৰাৰ লগতে ইঞ্জিনটোৰ যাত্রা শুভাৰম্ভ কৰে। উল্লেখ্য যে ভাৰতীয় ৰে’লে ডিজেল চালিত ৰে’ল ইঞ্জিনসমূহ বিদ্যুৎচালিত ইঞ্জিনলৈ ৰূপান্তৰ কৰৰ সিদ্ধান্ত লৈছে।

 ইয়াৰ উদ্দেশ্য হৈছে ডিজেল চালিত ৰে’ল ইঞ্জিনসমূহক ইয়াৰ কার্যকালৰ মাজভাগত কাৰখানালৈ প্ৰেৰণ কৰি সেইবোৰক বিদ্যুৎ চালিত ইঞ্জিনলৈ ৰূপান্তৰিত কৰি সেইবোৰৰ সদ্ব্যৱহাৰ কৰা। ইন্ধনৰ ব্যয় আৰু কার্বন নিৰ্গমণৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্যৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰতিটো ডিজেল ইঞ্জিনক বিদ্যুৎচালিত ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ বাবে ৬৯ দিনৰ প্ৰয়োজন হয়৷ বিদ্যুৎচালিত ইঞ্জিনলৈ ৰূপান্তৰ কৰাৰ পাছত ইয়াৰ ক্ষমতা ১০হাজাৰ হৰ্ছ পাৱাৰলৈ বৃদ্ধি হৈছে। ‘মেক ইন ইণ্ডিয়া’ প্ৰচেষ্টাৰ অধীনত সম্পূর্ণ থলুৱা প্ৰযুক্তিৰে ডিজেলৰ পৰা বিদ্যুৎচালিত ইঞ্জিনলৈ এইবোৰৰ ৰূপান্তৰ কৰা হৈছে৷

শ্ৰী গুৰু ৰবিদাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ 

ৰবিদাস জয়ন্তী উপলক্ষে প্ৰধানমন্ত্রীয়ে শ্রী গুৰু ৰবিদাসৰ প্ৰতিমূর্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ ইয়াৰপাছত তেওঁ ইয়াৰে গোৱর্ধনপুৰত শ্রী গুৰু ৰবিদাসৰ জন্মস্থান মন্দিৰত গুৰু ৰবিদাসৰ জন্মস্থানৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

দৰিদ্ৰ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ লোকসকলৰ স্বার্থ জড়িত চৰকাৰৰ আঁচনিসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, আমি দৰিদ্ৰ লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছোযাতে এওঁলোকে মর্যাদা সহকাৰে জীৱনযাপন কৰিব পাৰে চৰকাৰে দুর্নীতি দমন আৰু সততাৰ পুৰস্কাৰ প্ৰদান নীতি গ্ৰহণ কৰিছো

 এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে অতীন্দ্রিয়বাদী কবি গুৰু ৰবিদাসৰ শিক্ষা আৰু আদর্শই সদায়ে আমাক অনুপ্রাণিত কৰে। সমাজত যদি জাতিভিত্তিক বৈষম্য থাকে, তেতিয়া হ’লে কোনো মানুহে এজনে আনৰ সৈতে সম্পর্ক গঢ়ি তুলিব নোৱাৰে।

 কবি আৰু সাধু ৰবিদাসৰ দেখুওৱা পথ অনুসৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ কয় যে আমি যদি এই পথ অনুসৰণ কৰিব পাৰো, তেতিয়াহ’লে আমি দুর্নীতিও দমন কৰিব পাৰিম। শ্রী গুৰু ৰবিদাসৰ মূর্তিৰ কাষত এখন উদ্যান গঢ়ি তোলা হৈছে। তদুপৰি, ধর্মানুৰাগী লোকসকলৰ স্বার্থত তাত বিভিন্ন সা-সুবিধা গঢ়ি তোলা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
For transparent, inclusive public procurement, Government e Marketplace

Media Coverage

For transparent, inclusive public procurement, Government e Marketplace
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the eight essential qualities that enhance a person’s life and character
August 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the eight essential qualities that brighten a person's life and build character.

The Prime Minister wrote on X;

"अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च।
पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च।।"

These eight qualities brighten a person's life. Wisdom shows him the right path. Good conduct keeps his character pure, and self-control keeps him disciplined. Knowledge gives him understanding, courage helps him stand firm in difficult situations, and skillful speech earns him respect in society. Giving according to one's ability and being grateful for kindness make a person complete.