India will emerge stronger only when we empower our daughters: PM Modi
In almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years: PM
Our government is extensively working to enhance quality of life for the poor and middle class: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ স্বচ্ছাগ্ৰহীসকলৰ একত্ৰীকৰণে নতুন ভাৰতৰ বাবে স্বচ্ছ ভাৰতৰ প্ৰয়াসক সৱলীকৰণ কৰাত শক্তিশালী ভূমিকা আগবঢ়াব৷

হাৰিয়ানাৰ জনতাক আৱেগসন্বলিত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বেটি বচাও বেটি পঢ়াও আন্দোলনত ৰাজ্যখনে এক নম্বৰ স্থান দখল কৰিছে আৰু আয়ুষ্মান ভাৰতৰ প্ৰথমগৰাকী হিতাধিকাৰীও হাৰিয়ানাৰে এগৰাকী কন্যা আছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ তথা শক্তিশালী ৰাষ্ট্ৰৰ নিৰ্মাণ সম্ভৱ৷ তেওঁ বেটি বচাও বেটি পঢ়াও, উজ্বলা যোজনা, ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ কথা উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব শিবিৰে প্ৰসূতিজনিত ছুটি ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহসমূহৰ মালিকীস্বত্ব মহিলাই পোৱাটোৰ বিষয়েও উল্লেখ কৰি মহিলা সৱলীকৰণৰ দিশটো উনুকিয়াই দিয়ে৷ তেওঁ কয়, ‘‘ধৰ্ষণৰ বাবে শাস্তি হিচাপে মৃত্যুদণ্ড প্ৰদান কৰা আমিয়েই প্ৰথম চৰকাৰ৷’’

তেওঁ কয় যে মুদ্ৰা যোজনাৰ হিতাধিকাৰীসকলৰ প্ৰায় ৭৫%ই হ’ল মহিলা৷ দীন দয়াল অন্ত্যোদয়া আঁচনিৰ অধীনত প্ৰায় ৬ কোটি মহিলাই যোগদান কৰিছে আৰু এনেধৰণৰ আত্ম সহায়ক গোটসমূহলৈ ৭৫০০০ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে৷ এই পৰিমাণ ২০১৪ চনলৈ আৱণ্টিত হোৱা পৰিমাণতকৈ ২.৫ গুণ অধিক৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘স্বাস্থ্যসন্মত শৌচাগাৰৰ অভাৱত মাতৃ আৰু জীয়াৰীসকলে যি ব্যাথা ভুগিবলগীয়া হৈছিল সেয়াই মোক মনোকষ্ট দিছিল৷ আৰু সেয়ে মই লালকিল্লাৰ পৰা স্বচ্ছ ভাৰতৰ শপত গ্ৰহণ কৰিছিলো৷ স্বাধীনতাৰ পৰা ৭০ বছৰলৈ স্বচ্ছতাৰ পৰিমাণ আছিল ৪০আৰু এতিয়া এয়া বৃদ্ধি হৈ ৯৮স্পৰ্শ কৰিছে৷ যোৱা চাৰে চাৰি বছৰত ১০ কোটিতকৈও অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে৷ ৬০০ জিলাৰ ৫ লাখখন গাঁৱক মুক্তস্থানত কৰা মলত্যাগমুক্ত স্থান হিচাপে ঘোষণা কৰা হৈছে৷ ই সন্মানীয় জীৱনো প্ৰদান কৰিছে৷’’

প্ৰধানমন্ত্ৰী কুৰুক্ষেত্ৰৰ ঝাঝৰ জিলাৰ বাঢ়ছা গাঁৱত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (এনচিআই) মুকলি কৰে৷ তেওঁ কয় যে চৰকাৰে ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদানৰ দিশত অগ্ৰসৰ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰত শ্ৰী কৃষ্ণ আয়ুস বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে যি আয়ুৰ্বেদ, যোগ, ইউনানি,সিদ্ধ আৰু হোমিঅ’পেথিক চিকিৎসা সেৱাৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ’ব৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীন দয়াল উপাধ্যায় ইউনিভাৰ্ছিটী অব্ হেল্থ, কাৰ্নাল; নেচনেল ইন্সটিটিউট অব্ আয়ুৰ্বেদ, পঞ্চকুলা; আৰু ইএচআইচি মেডিকেল কলেজ এণ্ড হাস্পতাল, ফৰিদাবাদৰো আধাৰশিলা স্থাপন কৰে৷

‘পাণিপথ যুদ্ধৰ সংগ্ৰহালয়’ৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পাণিপথ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ জীৱন্ত নিদৰ্শনস্বৰূপ৷

এই সকলোবোৰ প্ৰকল্পই হাৰিয়ানাৰ জনতাৰ স্বাস্থ্য সৱল কৰি তোলাৰ লগতে যুৱ প্ৰজন্মৰ বাবে নিয়োজনৰ নতুন অৱকাশৰো সৃষ্টি হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে৷

নাইজেৰিয়াৰ এটা প্ৰতিনিধি দলে ভাৰতলৈ আহি স্বচ্ছ ভাৰত অভিযানে কিদৰে সফলতা লাভ কৰিছে তথা ইয়াক নাইজেৰিয়াত কিদৰে প্ৰণয়ন কৰিব পাৰি সেই সন্দৰ্ভত চলোৱা গৱেষণাক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi