In Maharashtra's Dhule, PM Modi launches projects pertaining to railway connectivity, water supply and irrigation
It has been a policy of India that we don’t poke anyone. But if someone teases New India, it does not let it go unpunished: PM
Dhule has the potential of becoming an industrial city: PM Modi

ভুছাবল – বান্দ্ৰা খান্দেশ এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাৰম্ভ
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে নিগৰি অহা প্ৰতি টোপাল অশ্ৰুৰ পোতক তোলা হ’ব, – প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ঢুলে ভ্ৰমণ কৰে। ৰাজ্যখনত ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰদানমন্ত্ৰীৰ এই ভ্ৰমণকালত তেওঁৰ সৈতে থাকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী ড. সুভাষ ভাম্ৰে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবীচ উপস্থিত থাকে।

পুলৱামাৰ আক্ৰমণৰ ঘটনাৰ বিষয়ে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সকলো গভীৰ শোকত আছো। মহাৰাষ্ট্রৰ দুই সাহসী জোৱানেও দেশৰবাবেতেওঁলোকৰজীৱন উছৰ্গা কৰিছে। আমি এই ঘটনাত পৰিয়ালৰ লোক হেৰুওৱা শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো। শ্বহীদসকলৰ অৱদানকেতিয়াও অথলে যাবলৈ দিয়া নহ’ব। ভাৰতে কেতিয়াও কোনো দেশৰ কামত বা সিদ্ধান্তত বিধি পথালি দিবলৈ নাযায়, পিছে ভাৰতৰ কাৰ্যাৱলীত অহেতুক বিধি পথালি দিবলৈ আহিলে কাকো ৰেহাই দিয়া নহ’ব। তেওঁ কয়, “মই কেৱল দেশৰ সেই বীৰ জোৱানসকলকেই নহয়, বৰঞ্চ সেই মাতৃসকলকো অভিবাদন জনাইছো, যিয়ে এনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পৰা সন্তানৰ জন্ম দিছে। শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িত কালপ্ৰীতক বিচাৰি উলিওৱা হ’ব আৰু উচিত শাস্তি বিহা হ’ব আৰু সমগ্ৰ বিশ্বই জানিব যে এয়া নতুন ভাৰত আৰু ই নতুন দৰ্শন আৰু নতুন পদ্ধতিৰে পৰিচালিত।”

প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালতে পিএমকেএছৱাইৰ অধীনত নামনি পানাজাৰা মজঁলীয়া প্ৰকল্পও মুকলি কৰে। এই প্ৰকল্পৰ দ্বাৰা ঢুলে আৰু ইয়াৰ চৌপাশৰ এক বিস্তৃত এলেকাৰ ২১ খন গাওঁৰ প্ৰায় ৭৫৮৫ হেক্টৰ ভূমিত জলসিঞ্চন সেৱা প্ৰদান কৰিব পৰা যাব। এই প্ৰকল্প কাৰ্যক্ষম হোৱাৰ লগে লগে পানীৰ অভাৱত থকা এক বিস্তৰ অঞ্চললৈ প্ৰাণ ঘূৰি আহিব বুলি কোৱা হৈছে। তেওঁ কয় যে ঢুলেৰ লগতে দেশৰ অন্যান্য প্ৰান্ত আৰু মহাৰাষ্ট্ৰৰ জলসিঞ্চনৰ অৱস্থাৰ উন্নয়ন ঘটাবৰ বাবে এই প্ৰধানমন্ত্ৰী জলসিঞ্চন প্ৰকল্প আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “বিগত চাৰিটা বছৰত সৰ্বমুঠ ৯৯ টা জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে। ইয়াৰে ২৬ টাকৈ প্ৰকল্প কেৱল মহাৰাষ্ট্ৰতে নিৰ্মাণ কৰা হৈছে। পানজাৰা প্ৰকল্পও তাৰ ভিতৰত অন্যতম। এই প্ৰকল্প আজিৰ পৰা ২৫ বছৰ পূৰ্বেই আৰম্ভ কৰা হৈছিল ২১ কোটি টকাৰে, পিছে এতিয়া মুঠ ৫০০ কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হৈছে। মহাৰাষ্ট্ৰৰ শুষ্ক এলেকাসমূহ জীপাল কৰি তোলাৰ লক্ষ্যৰে আমি প্ৰয়াস কৰা এই প্ৰকল্প এতিয়া ফলৱতী হৈছে।”

প্ৰধানমন্ত্ৰীয়ে জালগাওঁ – উধনা দ্বৈত ৰে’লপথ আৰু ৰে’লপথৰ বৈদ্যুতিকৰণ প্ৰকল্প দেশবাসীলৈ উছৰ্গা কৰে। উল্লেখ্য যে বিগত চাৰিটা বছৰত দেশৰ জনসাধাৰণ আৰু সামগ্ৰীৰ আদান প্ৰদান কৰিবৰ বাবে এই পৰ্যন্ত প্ৰায় ২৪০০ কোটি টকা ব্যয় কৰা হৈছে। উত্তৰ আৰু দক্ষিণ ভাৰতক সংযোগ কৰি স্থাপন কৰা ৰে’লআলিয়ে এই অঞ্চলসমূহৰ চাৰিওফালৰ এলেকাবোৰত ব্যাপক বিকাশ প্ৰদান কৰিব।

 

  

ভুছাৱল – বান্দ্ৰা খান্দেশ এক্সপ্ৰেছ ৰে’লগাড়ীখনকো ভিডিঅ’লিংকযোগে প্ৰধানমন্ত্ৰীয়ে যাত্ৰাৰম্ভৰ সেউজ সংকেত প্ৰদান কৰে। এই ৰেলগাড়ীখনে মুম্বাই আৰু ভুছাৱলৰ মাজত ৰেল চলাচলৰ প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে নন্দুৰবাৰ – উধনা মেমু ৰেল আৰু উধনা পালাদি মেমু ৰেলৰো ফ্লেগ অফ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাকালতে ৫১ কিলোমিটাৰৰ ঢুলে-নৰ্দানা ৰেলৱে লাইন আৰু ১০৭ কিলোমিটাৰৰ জালগাওঁ – মন্মদ ৰেলৱে লাইনৰ বাবে আধাৰশিলা স্থাপন কৰে এক বুটাম টিপি। এই প্ৰকল্পসমূহে ৰেল ট্ৰেফিক আৰু সময় ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোত যোগাযোগৰ ক্ষেত্ৰত আৰু লগতে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাব আৰু অতি শীঘ্ৰেই উন্নয়নৰ দিশেৰে ঢুলেই চুৰাটৰ সমানে ফেৰ মাৰিব পাৰিব।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মহাৰাষ্ট্ৰ ভ্ৰমণকালতে চুলৱাড়ে জাম্ফল কানোলি লিফ্ট জলসিঞ্চন আঁচনিও মুকলি কৰে। এই প্ৰকল্পই টাপি নৈৰ পৰা পানী আনিব আৰু ইয়াৰ সৈতে সংযোজিত বান্ধ, পুখুৰী, সুৰংগ আদিত পানী দিব, আৰু এই প্ৰকল্পৰ দ্বাৰা ১০০ খন জিলাৰ ১ লাখতকৈও অধিক লোক উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৫০০ কোটি টকা ব্যয়সাপেক্ষে ঢুলে চহৰত অম্ৰুট আঁচনিৰ অধীনত পানী যোগান আঁচনি আৰু ভুগৰ্ভৰ পয়ঃপ্ৰণালী প্ৰকল্পৰ বাবেও এক আধাৰশিলা স্থাপন কৰে। এই পানী যোগান প্ৰকল্পটোৱে ঢুলে অঞ্চলটোত খোৱাপানীৰ সমস্যাত ভুগি থকা এলেকা তথা লোকসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশবাসীৰ জীৱন সৰল আৰু উন্নত কৰি তুলিবৰ বাবে তেওঁৰ চৰকাৰখনে যথাসম্ভৱ সকলোধৰণৰে প্ৰয়াস কৰিছে। তেওঁ কয় যে অতি কম সময়ৰ ভিতৰতেই আয়ুষ্মান ভাৰত আঁচনিয়ে দেশৰ প্ৰায় ১২ লাখ লোকক উপকৃত কৰিছে, ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰৰেই আছে প্ৰায় ৭০,০০০ লোক, আৰু ঢুলেৰ পৰা আছে প্ৰায় ১৮০০ লোক। আৰু ইতিমধ্যেই এই আঁছনিয়ে দেশৰ বহু লোকৰ জীৱনলৈ পুনৰ পোহৰ আনি দিছে, জীয়াই থকাৰ আসাৰ সঞ্চাৰ কৰিছে, বিশেষকৈ যিসকল দৰিদ্ৰ লোক।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership