In Ayushman Bharat, India is home to one of the biggest healthcare programmes in the world: PM
Having seen the hardships we face due to water shortage, it becomes our responsibility to conserve every drop of water: PM Modi
The entire nation agrees that the menace of terror has to be eliminated: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ যমনগৰত পতাকা জোকাৰি বান্দ্ৰাযমনগৰ হমছফৰ এক্সপ্ৰেছৰ যাত্ৰা শুভাৰম্ভ কৰে৷ তেওঁ ৭৫০খন বিচনাযুক্ত গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা আৰু একাধিক ছেউনী প্ৰকল্পও মুকলি কৰে৷ তেওঁ লগতে আজি৩ৰ পৰা খিজাডিয়া সংযোগী ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনকে ধৰি অন্যান্য একাধিক উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে৷

এক বিশাল জনসভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে বিগত কেইবা বছৰ ধৰি গুজৰাটৰ পানীৰ সমস্যা সমাধানৰ অৰ্থে ৰাজ্য চৰকাৰৰ সদিচ্ছা আৰু কঠোৰ পৰিশ্ৰমৰ কথা উল্লেখ কৰে৷ এই প্ৰসংগত তেওঁ গুজৰাটত ‘টেংকাৰ ৰাজ’ৰ ৰমৰমীয়া ব্যৱসায় চলিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিৰ কথাও দোঁহাৰে৷ তদুপৰি, চর্দাৰ সৰোবৰ বান্ধে কিদৰে গুজৰাটবাসীৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, সেই সন্দৰ্ভতো কয় প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ বর্তমান আৰু ভৱিষ্যৎ প্ৰজন্মক প্ৰতি টোপাল পানী সঞ্চয় কৰাৰ বাবে আহ্বান জনায়৷

গুজৰাটৰ স্বাস্থ্য খণ্ডত বৈপ্লৱিক পদক্ষেপসমূহক আদৰণি জনাই প্ৰধানমন্ত্রীয়ে কয় যে ৰাজ্যখনত বিগত কেইটামান বছৰত যিসমূহ চিকৎসালয় নিৰ্মাণ কৰা হৈছে, তাৰ ফলত দৰিদ্ৰ লোকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব৷ প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণৰ জৰিয়তে দৰিদ্ৰ জনসাধাৰণৰ বাবে উন্নতমানৰ সুলভ স্বাস্থ্য সেৱা সুনিশ্চিত হৈছে৷

 

প্ৰধানমন্ত্রীয়ে কয় যে দেশৰ বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আন্তঃগাঁথনিমূলক তথা দীর্ঘম্যাদী পদক্ষেপ হাতত লোৱা প্ৰয়োজন৷ তাৎক্ষণিক, অপৰিকল্পিত তথা হস্ৰম্যাদী ব্যৱস্থাই এই সকলো খণ্ডত কার্যকৰী নহয় বুলি তেওঁ মত প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে কেন্দ্রীয় চৰকাৰে যিবোৰ দীর্ঘম্যাদী উন্নয়নমূলক প্ৰকল্প হাতত লৈছে তাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্রীয়ে কিষাণ নিধি আঁচনিয়ে এই ধৰণৰ এক হস্ৰম্যাদী আঁচনি, যি সৰ্বাংগীন পৰিকল্পনাৰ জৰিয়তে কৃষকসকলৰ কল্যাণ সাধন কৰিব৷

ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ উন্নয়নৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ কথা সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে সহজে ঋণৰ যোগান আৰু  জনমুখী জিএছটি ব্যৱস্থা আৰম্ভ হোৱাৰ ফলত যুৱ উদ্যোগীসকল উপকৃত হ’ব৷ তেওঁ কয় যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলত সহজে ব্যৱসায় কৰিব পৰা পৰিৱেশৰ সূচকত ভাৰতৰ স্থান আৰু উন্নীত হ’ব৷

 

দেশৰ সশস্ত্ৰ বাহিনীৰ জোৱানসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে কয় যে আমাৰ জোৱানসকলৰ বাবে সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰে৷ তেওঁ লগতে কয় যে অনাগত দিনত সন্ত্রাসবাদক সমূলি ধ্বংস কৰা হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”