We are attempting to bring about scientific growth, with priority being keeping Varanasi's age-old identity secure: PM Modi
Varanasi will soon be the gateway to the east, says PM Modi
Kashi is now emerging as a health hub: PM Modi
Join the movement in creating a New Kashi and a New India: PM Modi urges people of Varanasi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উপস্থিত সুধী সমাজৰ সন্মুখত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

আধাৰশিলা মুকলি কৰা প্ৰকল্পসমূহৰ ভিতৰত পুৰণি কাশীৰ ইণ্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীম (আইপিডিএছ) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অটল ইনকিউবেচন চেণ্টাৰ আৰু আঞ্চলিক অপথেলম’ল’জী চেণ্টাৰ আদিয়েই অন্যতম৷

এই প্ৰকল্পসমূহৰ মুঠ্য ব্যয় ৫৫০ কোটি টকাৰ অধিক৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীলৈ অনা পৰিৱৰ্তনৰ আন এটা উদ্দেশ্য হ’ল ইয়াৰ ঐতিহ্যৰ সংৰক্ষণ কৰা৷ তেওঁ কয় যে চহৰখনৰ ঐতিহ্যক সুৰক্ষা প্ৰদান কৰি আধুনিকীকৰণ কৰা হৈছে৷ চাৰি বছৰৰ প্ৰয়াসৰ ফলত কাশীৰ জনসাধাৰণতে এই পৰিৱৰ্তন দেখিবলৈ পাইছে বুলি তেওঁ মন্তব্য কৰে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসী আৰু ইয়াৰ সংলগ্ন এলেকাসমূহত শক্তি, পথ তথা অন্যান্য আন্তঃগাঁথনিমূলক ক্ষেত্ৰৰ বিভিন্ন প্ৰকল্পই চহৰকেইখনৰ জনাসাধাৰণৰ জীৱন উন্নত কৰা বুলি মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া বাৰাণসী কাণ্ট ষ্টেছনত জনসাধাৰণে অনলাইনত টিকেট কটা দেখি তেওঁ সুখী হয়৷ তেওঁ পৰিবহণ আন্তঃগাঁথনিক আধুনিকীকৰণ কৰাৰ ক্ষেত্ৰত হৈ থকা কামৰ বিষয়ে দোহাৰে৷ তাৰোপৰি তেওঁ চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পৰিষ্কাৰকৰণৰ গুৰুত্ব সম্পৰ্কেও দোহাৰে৷ তেওঁ কয় যে এই প্ৰয়াসৰ দ্বাৰা পৰ্যটন খণ্ডৰো বিকাশ হ’ব৷ ভাষণ প্ৰসংগত তেওঁ সাৰনাথত চলি থকা কামসমূহৰ বিষয়ে দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ প্ৰাথমিক সুবিধাসমূহ যেনে পথ, বিদ্যুৎ, পানী আদিৰ প্ৰদান কৰাৰ কাম ব্যাপক কৰা হৈছে৷ তেওঁ কয় যে কাশী বৰ্তমানে স্বাস্থ্যৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে৷ আজি মুকলি হোৱা অটল ইনকিউবেচন টেণ্টাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে ষ্টাৰ্ট আপসমূহে ইতিমধ্যেই ইয়াৰ সৈতে সংযোজিত হৈ পৰিছে৷ তেওঁ কয় যে পাইপযুক্ত কুকিং গেছ উপলব্ধ কৰিবলগীয়া নিৰ্বাচিত চহৰসমূহৰ ভিতৰত বাৰাণসীও অন্যতম৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ বাসিন্দাসকলক চহৰখনৰ এই পৰিৱৰ্তনত নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনায়৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Solar power in focus: An Indian formula for African food security

Media Coverage

Solar power in focus: An Indian formula for African food security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives due to a mishap in Badaun, Uttar Pradesh
June 17, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap in Badaun, Uttar Pradesh. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister’s Office posted on X;

“The loss of lives due to a mishap in Badaun, Uttar Pradesh, is deeply painful. I extend my condolences to the bereaved families. Praying for the speedy recovery of the injured: PM @narendramodi”