প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুপুৰ ভ্ৰমণ কৰে আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে তিৰুপুৰৰ পেৰুমানালুৰ গাঁওৰ পৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

তেওঁ তিৰুপুৰত ইএছআইচি মাল্টি স্পেচিয়েলীটি হস্পিতালৰ আধাৰশিলা স্থাপন কৰে৷ এই অত্যাধুনিক ১০০ বিছনাযুক্ত চিকিৎসালয়ে তিৰুপুৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰায় এক লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ চিকিৎসা প্ৰয়োজনীয়তা পূৰণ কৰিব৷ ইয়াৰ পূৰ্বে, এই লোকসকলক চহৰখনত থকা দুখন ইএছআইচি ডিছপেনচাৰীত চিকিৎসাসেৱা আগবঢ়োৱা হৈছিল৷ উন্নত চিকিৎসাৰ বাবে তেঁওলোকে প্ৰায় ৫০ কিলোমিটাৰ নিলগত অৱস্থিত কইম্বাটোৰ ইএছআইচি মেডিকেল কলেজলৈ যাবলগীয়া হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ ইএছআইচি হস্পিতালো উদ্বোধন কৰে৷ ৪৭০ বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে সকলো বিভাগৰ ৰোগৰ উন্নত চিকিৎসাসেৱা আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাই বিমানবন্দৰৰ অধুনিকীকৰণ প্ৰক্ৰিয়াৰো আধাৰশিলা স্থাপন কৰে৷ ট্ৰিচীত স্থাপন হোৱা নতুন টাৰ্মিনেল বিল্ডিঙৰ বাবে বিমানবন্দৰটোৱে এতিয়া বছৰি ৩.৬৩ মিলিয়ন যাত্ৰী আৰু নিয়মীয়া ব্যস্ততাপূৰ্ণ সময়ছোৱাত প্ৰায় ২,৯০০ যাত্ৰীক আদৰিব পাৰিব৷ চেন্নাই বিমানবন্দৰক ই-গেট, বায়োমেট্ৰিক যাত্ৰী চিনাক্তকৰণ পদ্ধতি, বিভিন্ন আন সা-সুবিধাৰে আধুনিকীকৰণ কৰা হ’ব৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ ইন্ন’ৰ ক’ষ্টেল টাৰ্মিনেল ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ এই টাৰ্মিনেলৰ বাবে সামগ্ৰীসমূহ কোচীৰ উপকূলেৰে প্ৰেৰণ কৰিব পৰা হ’ব৷ ফলস্বৰূপে পৰিবহণ ব্যয় হ্ৰাস হ’ব৷

প্ৰধানমন্ত্ৰী মোদীয়ে চেন্নাই বন্দৰৰ পৰা চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ মানালী শোধনাগাৰলৈ নতুন খাৰুৱা তেলৰ পাইপলাইন মুকলি কৰে৷ সুৰক্ষাৰ ফালৰ পৰা অধিক শক্তিশালী এই পাইপলাইনে খাৰুৱা তেলৰ নিৰাপদ আৰু বিশ্বাসযোগ্য যোগান নিশ্চিত কৰিব আৰু তামিলনাডু তথা ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷
চেন্নাই মেট্ৰ’ৰ ৪৫ কিলোমিটাৰজোৰা প্ৰথম পৰ্যায়ো প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে৷ ইয়াৰ পাছতে তেওঁ ভ্ৰমণৰ অন্তিম কাৰ্যসূচীৰ বাবে হুবলীলৈ ৰাওনা হয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA

Media Coverage

India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 মাৰ্চ 2026
March 17, 2026

Resilient Bharat Rising: From Safe LPG Deliveries to UPI Dominance and Women's Empowerment Achievements Under PM Modi's Leadership