প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নাগপুৰ মেট্ৰ’ৰ ফ্লেগ অফ কৰে৷ তেওঁ ডিজিটেলী এখন ফলক মুকলি কৰি নাগপুৰ মেট্ৰ’ৰ ১৩.৫ কিলোমিটাৰ দৈৰ্ঘৰ খাপৰি-ছিটাবুলডী খণ্ড উদ্বোধন কৰে৷

ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত মুকলি হোৱা দ্বিতীয়টো মেট্ৰ’ সেৱাৰ বাবে নাগপুৰবাসীক অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া তেওঁৰ বাবে এক বিশেষ মুহূৰ্ত, কিয়নো ২০১৪ত তেওঁ নাগপুৰ মেট্ৰ’ৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই মেট্ৰ’ সেৱাই নাগপুৰবাসীক এক উন্নত, ব্যয় অনুকূল আৰু পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নাগপুৰৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আছে৷ নাগপুৰ মেট্ৰ’ৱে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ মাজত সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু চহৰখনক অধিক বিকশিত কৰিব৷

সমগ্ৰ দেশতে আধুনিক পৰিবহণ ব্যৱস্থা গঢ় দিয়াৰ পদক্ষেপ হাতত লোৱা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত মেট্ৰ’ সেৱাৰ ৪০০ কিলোমিটাৰ কাৰ্যক্ষম কৰা হৈছে আৰু ৮০০ কিলোমিটাৰ মেট্ৰ’ ৰেল সেৱাৰ কাম পূৰ্ণগতিত চলি আছে৷

শেহতীয়াকৈ মুকলি কৰা কমন মোবিলিটী কাৰ্ড, ৱান নেচন ৱান কাৰ্ড আদিৰ উপযোগিতাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে থলুৱাভাৱে নিৰ্মিত এই কাৰ্ডে আন দেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা নাইকীয়া কৰিব৷ বিশ্বৰ মাত্ৰ কেইখনমান দেশতহে এইধৰণৰ কমন মোবিলিটী কাৰ্ডৰ সুবিধা আছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এক ইতিবাচক দৃষ্টিভংগী আছে৷ দেশৰ সকলো নাগৰিকৰ জীৱন ধাৰণ সৰল কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ বুলি তেওঁ পুনৰ এবাৰ উল্লেখ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.