প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ গাজিয়াবাদ ভ্ৰমণ কৰে আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ তেওঁ এখন ফলক মুকলিৰে হিন্দোন বিমানবন্দৰৰ চিভিল টাৰ্মিনেল উদ্বোধন কৰে৷ ইয়াৰ পাছত তেওঁ ছিকন্দৰপুৰ ভ্ৰমণ কৰে আৰু দিল্লী-গাজিয়াবাদ-মীৰাট ৰিজঅ’নেল ৰেপিড ট্ৰান্সজিট ছিষ্টেমৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ লগতে বিভিন্ন অন্যান্য উন্নয়নমূলক প্ৰকল্প মুকলি কৰে আৰু বিভিন্ন চৰকাৰী আঁচনিৰ উপভোক্তাৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে গাজিয়াবাদৰ শ্বহীদ স্থল(নিউ বাছ আড্ডা) মেট্ৰ’ ষ্টেচন পৰিভ্ৰমণ কৰে আৰু শ্বহীদ স্থল ষ্টেচনৰ পৰা দিলশ্বাদ গাৰ্ডেনলৈ মেট্ৰ’ ৰেল সেৱাৰ ফ্লেগ অফ কৰে৷ তেওঁ মেট্ৰ’ ৰেলত উঠি খন্তেক সময় যাত্ৰাৰ আমেজ লয়৷

উপস্থিত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গাজিয়াবাদ এতিয়া ৰাজধানী চহৰৰ লগতে উন্নত যোগাযোগ ব্যৱস্থা আৰু স্বচ্ছতাৰ বাবেও পৰিচিত হৈ পৰিছে৷ এই প্ৰসংগত তেওঁ গাজিয়াবাদত সম্প্ৰসাৰিত হোৱা উন্নত পথ আৰু ৰেল সেৱা, স্বচ্ছ সৰ্বেক্ষণ ৰেংকিঙত গাজিয়াবাদে ত্ৰয়োদশ স্থান লাভ কৰা আদিৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে হিন্দোন বিমানবন্দৰত নতুন চিভিল টাৰ্মিনেল মুকলি হোৱাত গাজিয়াবাদৰ নাগৰিকে এতিয়া বিমান সেৱাৰ বাবে দিল্লীলৈ অহাৰ পৰিৱৰ্তে নিজৰ চহৰৰ পৰাই দেশ-বিদেশলৈ উৰা মাৰিব পাৰিব৷ চিভিল টাৰ্মিনেল নিৰ্মাণৰ ক্ষেত্ৰত হোৱা তীব্ৰ গতিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মস্পৃহা আৰু দৃঢ়তাক প্ৰতিফলিত কৰে৷ তেওঁ লগতে উল্লেখ কৰে যে শ্বহীদ স্থলৰ পৰা মুকলি হোৱা নতুন মেট্ৰ’ ৰেলে উত্তৰ-প্ৰদেশ আৰু দিল্লীৰ মাজত যাত্ৰীৰ দুৰ্ভোগ হ্ৰাস কৰিবলৈ সক্ষম হ’ব৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩০,০০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা দিল্লী-মীৰাট আৰআৰটিএছ ছিষ্টেম হ’ল এইধৰণৰ প্ৰথমটো পৰিবহন ব্যৱস্থা৷ সম্পূৰ্ণ হৈ উঠিলে এই ব্যৱস্থাই দিল্লী আৰু মীৰাটৰ মাজৰ ভ্ৰমণ দূৰত্ব যথেষ্ট হ্ৰাস কৰিব৷ গাজিয়াবাদত নিৰ্মাণ হৈ থকা আধুনিক প্ৰযুক্তিৰ আন্তঃগাথনিয়ে চহৰখনৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান সৰল কৰি তুলিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে এইধৰণৰ আন্তঃগাথনি সমগ্ৰ দেশতে নিৰ্মাণ হৈ আছে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰম যোগী মান-ধন যোজনাৰ উপযোগিতাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে এই আঁচনিয়ে অনানুষ্ঠানিক খণ্ডৰ কৰ্মীক বৃদ্ধাৱস্থাত বিত্তীয় সুৰক্ষা প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ প্ৰায় ২ কোটি কৃষকে প্ৰথম কিস্তিৰ ধন লাভ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদিৰ দৰে কল্যাণকামী আঁচনিৰ মাধ্যমেৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi