Ties between India and Uganda are special and date back to thousands of years: PM Modi
African countries including Uganda hold special prominence for India, says PM Modi
Due to 'Make in India', the country is getting a new identity as a manufacturing hub for the world: PM Modi
India has always been a partner in Africa's development journey and will remain so: PM Modi
You are the true 'Rashtradoots': PM Modi to Indian community in Uganda
Glad that several African countries are a part of the International Solar Alliance: PM Modi

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উগাণ্ডাত ভাৰতীয় সমাজক সম্বোধন কৰে৷ কাম্পালাত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানটোত উগাণ্ডাৰ ৰাষ্ট্ৰপতি মিউছেভিনিয়েও অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বক্তব্য প্ৰদান কৰি কয় যে উগাণ্ডাত তেওঁ নিজকে ভাৰতীয় সমাজৰ মাজৰ এজন বুলি অনুভৱ কৰিছে৷ তেওঁ কয় যে অনুষ্ঠানটোত ৰাষ্ট্ৰপতি মিউছেভিনিয়ে ভাৰত তথা উগাণ্ডাৰ ভাৰতীয় সমাজৰ প্ৰতি তেওঁৰ নিজৰ মৰম প্ৰকাশ কৰিছে৷ বুধবাৰে উগাণ্ডাৰ সংসদ ভৱনত তেওঁৰ প্ৰতি দেখুওৱা সন্মানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মিউছেভিনি আৰু উগাণ্ডাৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু উগাণ্ডাৰ সম্পৰ্ক শতিকা পুৰণি বুলি অভিহিত কৰি দুয়োখন দেশৰ ঐতিহাসিক সম্পৰ্ক,ঔপনিৱেশকতাবাদৰ বিৰুদ্ধে দুয়োখন দেশৰ সংগ্ৰাম আৰু উগাণ্ডাৰ ৰে’লৱে নিৰ্মাণৰ কথা সোঁৱৰণ কৰে৷ তেওঁ কয় যে উগাণ্ডাৰ ৰাজনীতিত ভাৰতীয় লোকে গুৰুত্বপূৰ্ণ অৰিহণা প্ৰদান কৰিছে৷

তেওঁ ভাৰতীয় সমাজক অনুষ্ঠানটোত সাংস্কৃতিক প্ৰদৰ্শনৰ জৰিয়তে দেখুওৱা ভাৰতীয়ত্বক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে উগাণ্ডাকে ধৰি আফ্ৰিকাৰ সকলো দেশ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে৷ তেওঁ কয় যে ঔপনিৱেশকতাবাদৰ বিৰুদ্ধে সংগ্ৰাম, বৃহৎ ভাৰতীয় প্ৰবাসী আৰু সামূহিক বিকাশেই হ’ল এইসমূহৰ কাৰণ৷

তেওঁ কয় যে ভাৰত বিশ্বৰ ভিতৰতে অৰ্থনৈতিক দিশত দ্ৰুত গতিত উত্থান হোৱা ভাৰত৷ তেওঁ কয় যে ভাৰতে এতিয়া গাড়ী আৰু স্মাৰ্টফোন ৰপ্তানি কৰে আৰু ভাৰতৰ জনসাধাৰণৰ বাবে প্ৰযুক্তি সৱলীকৰণৰ এক কাৰক হৈ পৰিছে তথা ষ্টাৰ্ট আপৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকাত ভাৰতীয় বৈদেশিক নিয়মাৱলীৰ গুৰুত্ব সম্পৰ্কে দোহাৰে৷ ভাষণৰ শেষত তেওঁ ২০১৫ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাৰত–আফ্ৰিকা ফ’ৰাম সন্মিলনৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ ভাৰত আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহৰ সৈতে অন্য উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাসমূহৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ যেনে ৩ বিলিয়ন ডলাৰৰ ঊৰ্ধৰ ঋণ; জলপানি; আৰু ই–ভিছা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ অৰ্ধেক সদস্যই হ’ল আফ্ৰিকাৰ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া এছিয়া আৰু আফ্ৰিকাই নতুন বিশ্বত এক শক্তিশালী ভূমিকাত অৱতীৰ্ণ হৈছে৷



 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi urges people to take 9 pledges on health, saving water, others

Media Coverage

PM Modi urges people to take 9 pledges on health, saving water, others
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives phone call from President Emmanuel Macron, discusses situation in West Asia and maritime security
April 16, 2026

The Prime Minister, Shri Narendra Modi, received a phone call from the President of France, Emmanuel Macron.

During the conversation, the two leaders discussed the prevailing situation in West Asia. They agreed on the urgent need to restore safety and ensure freedom of navigation in the Strait of Hormuz.

Both leaders reiterated their commitment to continue close cooperation in advancing peace and stability in the region and beyond.

The Prime Minister wrote on X;

“Received a phone call from my dear friend President Emmanuel Macron. We discussed the situation in West Asia and agreed on the need to urgently restore safety and freedom of navigation in the Strait of Hormuz.

We will continue our close cooperation to advance peace and stability in the region and beyond.

@EmmanuelMacron”