PM Modi attends groundbreaking ceremony of 81 projects in Uttar Pradesh, with a total investment of over 60,000 crore rupees
As a caring government, our objective is to ease the difficulty in the lives of people, and improve ease of living: PM Modi
The speed with which these projects have moved in Uttar Pradesh under the present government within five months, is outstanding: PM Modi
Investment projects would provide many new employment opportunities, and benefit various sections of society: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌ ভ্ৰমণ কৰে৷ ৬০,০০০ কোটিৰো অধিক বিনিয়োগেৰে উত্তৰ–প্ৰদেশত ৰূপায়ন হ’বলগীয়া ৮১ টা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ অংশ লয়৷

২০১৮ৰ ফেব্ৰুৱাৰীত অনু্ষ্ঠিত উত্তৰ–প্ৰদেশ বিনিয়োগ সন্মিলনৰ কেইমাহমানৰ পাছতে এই প্ৰকল্পসমূহ ৰাজ্যখনত আৰম্ভ হৈছে৷ বিনিয়োগকাৰীক আকৰ্ষিত কৰা আৰু ৰাজ্যখনত ঔদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে দেশৰ কিছু প্ৰান্তত হৈ থকা প্ৰৱল বৃষ্টিপাত সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্থ লোকসকলক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰসমূহৰ সৈতে কাম কৰি আছে৷

তেওঁ কয় যে যত্নশীল চৰকাৰ হিচাপে তেওঁলোকে জনসাধাৰণৰ জীৱন–ধাৰণৰ জটিলতা দূৰ কৰা আৰু জীৱন–ধাৰণৰ মান উন্নত কৰাৰ প্ৰয়াস চলাই আছে৷ আজি ইয়াত উপস্থিত হোৱা হাজাৰ হাজাৰ জনসাধাৰণে উত্তৰ–প্ৰদেশৰ পৰিৱৰ্তনৰ যাত্ৰাৰ ইংগিত বহন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পাঁচ মাহৰ ভিতৰত এই প্ৰকল্পসমূহে যিধৰণে গতি(প্ৰস্তাৱৰ পৰা আধাৰশিলা স্থাপনলৈ)লাভ কৰিছে, সেয়া সঁচাকৈয়ে চমকপ্ৰদ৷

এই সাফল্যৰ বাবে তেওঁ ৰাজ্য চৰকাৰক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ উল্লেখ কৰে যে এই প্ৰসল্পসমূহ ৰাজ্যখনৰ কেইটামান নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে, ই উত্তৰ–প্ৰদেশৰ সামগ্ৰিক উন্নয়ন সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

ৰাজ্য চৰকাৰৰ নতুন কৰ্ম সংস্কৃতিক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে৷ তেওঁ কয় যে পৰিৱৰ্তিত বিনিয়োগ পৰিৱেশে ৰাজ্যখনলৈ সংস্থাপন, বাণিজ্য, উন্নত পৰিবহণ ব্যৱস্থা, পৰ্যাপ্ত বিদ্যুৎ যোগানৰ লগতে এক উজ্জল ভৱিষ্যত কঢ়িয়াই আনিছে৷ এই প্ৰকল্পসমূহে বহুতো নতুন সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰক উপকৃত কৰিব৷ মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া আদিৰ দৰে ধ্বজাবাহী আঁচনিসমূহে এই প্ৰকল্পৰ মাধ্যমেৰে বৃহৎ উৎসাহ লাভ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে দেশৰ গ্ৰামাঞ্চলত অৱস্থিত তিনি লাখ কমন ছাৰ্ভিচ চেণ্টাৰে আজি গাওঁৰ বাসিন্দাসকলৰ জীৱন সলনি কৰিছে৷ তেওঁলোকক দক্ষ আৰু স্বচ্ছ সেৱা বিতৰণৰ সুবিধা আগবঢ়াইছে৷

তেওঁ কয় যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী দেশত পৰিণত হৈছে আৰু উত্তৰ প্ৰদেশে এই বিপ্লৱৰ নেতৃত্ব দিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাথনি প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিলে ভাৰতত ব্যৱসায় কৰাতো অধিক সৰল হৈ পৰিব আৰু লজিষ্টিকৰ ওপৰত হোৱা ব্যয়ো হ্ৰাস পাব৷ তেওঁ ব্যৱসায়ী আৰু উদ্যোগীসকলক ডিজিটেল লেনদেনৰ অধিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷

দেশত বিদ্যুৎ যোগান বৃদ্ধি কৰিবলৈ লোৱা পদক্ষেপৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ আশা প্ৰকাশ কৰে যে উত্তৰ–প্ৰদেশ সৌৰ শক্তিৰ কেন্দ্ৰস্থল হ’ব৷ ভাৰতৰ বিজুলী ঘাটিৰ পৰিমাণ ২০১৩–১৪ৰ ৪.২ শতাংশৰ পৰা এতিয়া ১ শতাংশলৈ হ্ৰাস পাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতৰ ৰোডমেপ মানে হ’ল ‘জন ভাগীদাৰী’(জনসাধাৰণৰ অংশগ্ৰহণ)ৰ মাধ্যমেৰে দেশবাসীৰ আশা–আকাংক্ষাই সম্পূৰ্ণতা লাভ কৰা৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."