প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীত নবনির্মিত ৱেষ্টার্ন কোর্ট এনেক্স ভৱনৰ উদ্বোধন কৰে। কামৰ সূত্রে ৰাজধানীত অহা সাংসদসকলে আগলৈ এই এনেক্স ভৱনত সাময়িকভাবে থাকিব পাৰিব। 

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ অধ্যক্ষ শ্রীমতী সুমিত্রা মহাজনক ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে মূলতঃ শ্রীমতী মহাজনৰ নিৰলস প্রচেষ্টাৰ ফলতে এই ভৱন নির্মাণৰ কাম সঠিক সময়ত সম্পূর্ণ হৈছে। এই প্রকল্প ৰূপায়ণৰ সবিশেষ বিষয় সন্দৰ্ভত তেওঁ অতি সজাগ আৰু সতর্ক আছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্রকল্পটোৰ কাম নির্দিষ্ট সময় আৰু ধাৰ্য কৰা ব্যয় অনুসৰিয়েই সম্পূর্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নির্মাণ প্রকল্পৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।

প্রধানমন্ত্রীয়ে কয় যে নবনির্বাচিত সাংসদসকল যেতিয়া কৰ্ম সূত্রে ৰাজধানীলৈ আহে, তেতিয়া অধিকাংশ সময়েই তেওঁলোকে হোটেলত থাকিব লগা হয়, সেইটোৱে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰে। কিন্তু প্রকৃত সমস্যা হ’ল চৰকাৰী গৃহত যিসকল প্রাক্তন সাংসদ থাকে, তেওঁলোকে নির্দিষ্ট সময়ৰ ভিতৰত ঘৰ খালী কৰিবলৈ অপাৰগ হয়।

কেন্দ্রীয় চৰকাৰে ড০ বাবাচাহেব আম্বেদকাৰৰ পথ আৰু আদর্শ অনুসৰণ কৰি চলিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ড০ আম্বেদকাৰৰ জীৱনাদর্শৰ মূলমন্ত্রই আছিল ‘সম্প্রীতিৰ সৈতে সহাৱস্থান’। সেয়েহে দেশৰ দৰিদ্রতম লোকসকলৰ বাবে কাম কৰি যোৱাটোৱেই এই চৰকাৰৰ বিশেষ নীতি।

প্রধানমন্ত্রীয়ে বাবাচাহেব আম্বেদকাৰে জীৱনৰ বিয়লি সময়খিনি কটোৱা নতুন দিল্লী ২৬, আলিপুৰ ৰোডৰ গৃহটো বাবাচাহেবৰ জন্ম বার্ষিকীৰ প্রাকক্ষণত ১৩ এপ্রিল, ২০১৮ত এক স্মাৰক উদ্বোধন কৰা হ’ব বুলি ঘোষণা কৰে। ড০ আম্বেদকাৰৰ নামত যিসকল লোকে ৰাজনীতিৰ খেল খেলিছে, সেইসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে প্রধানমন্ত্রীয়ে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi