প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ধেমাজিৰপৰা ৰিম’ৰ্ট টিপি ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধূবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কমপ্ৰেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেখেতে তদুপৰি অসমৰ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্য়ালয়খনি উদ্বোধন কৰে আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, অসমৰ মুখ্য়মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু খাদ্য় সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে।

এই কাৰ্যসূচীত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰ পূব ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হৈ পৰিব আৰু অসমৰ জনসাধাৰণৰ অৰ্থে অধিক কাম কৰিবলৈ তেওঁ অনুপ্ৰাণিত হৈছে। তেখেতে ব্ৰহ্মপুত্ৰখনিৰ উত্তৰ পাৰে আঠ দশক পূৰ্বে কিদৰে জয়মতী চলচ্চিত্ৰখনিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ জন্ম দিছিল সেয়া স্মৰণ কৰে। তেখেতে লগতে কয়, এই অঞ্চলটোৱে এনে বহু ব্যক্তিত্ব সৃষ্টি কৰিছে যিয়ে অসমৰ সংস্কৃতিৰ গৌৰৱ বঢ়াই তুলিছে। তেখেতে কয়, অসমৰ সন্তুলিত উন্নয়নৰ অৰ্থে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ মূল ভিত্তি সাপেক্ষে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুখনে একেলগে কাম কৰি আছে।

বিৰোধীক সমালোচনা কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰ পাৰটোৰ বৃহৎ সম্ভাৱনা থকা সত্বেও, পূৰ্বৰ চৰকাৰসমূহে অঞ্চলটোক মাহী-আইৰ দৃষ্টিৰে চাই আহিছিল আৰু এই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা, চিকিৎসালয়, শিক্ষা প্ৰতিষ্ঠান, উদ্যোগৰ প্ৰয়োজনীয়তাৰ প্ৰতি অগ্ৰাধিকাৰ প্ৰদান কৰা নাছিল। তেখেতে লগতে কয় যে এই চৰকাৰখনে ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ মন্ত্ৰেৰে কাম কৰি আছে আৰু এই বৈষম্য দূৰ কৰিছে। তেখেতে লগতে চৰকাৰখনৰদ্বাৰা উদ্বোধন কৰা অসমৰ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সম্পৰ্কে ব্যক্ত কৰে।

 

তেখেতে কয়, আজি, এই অঞ্চলটোত ৩০০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি আৰু শিক্ষা আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। তেখেতে কয়, এই প্ৰকল্পসমূহে শক্তি আৰু শৈক্ষিক কেন্দ্ৰ হিচাপে অঞ্চলটোৰ পৰিচয় সুদৃঢ় কৰি তুলিব আৰু অসমৰ প্ৰতীক ৰূপে ক্ৰিয়া কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতে নিৰন্তৰভাৱে আত্ম-নিৰ্ভৰ হৈ উঠাৰ প্ৰয়োজনীয়তা, ইয়াৰ ক্ষমতা তথা ইয়াৰ সামৰ্থ্য বৃদ্ধিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, যোৱা বছৰকেইটাত, ভাৰতৰ শোধন ক্ষমতা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি অন্যতম।

তেখেতে লগতে কয়, আজি শুভাৰম্ভ কৰা গেছ ইউনিট প্ৰকল্পটোৱে এলপিজি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিবলৈ আগবাঢ়িছে আৰু ই অসম আৰু উত্তৰ পূবৰ জনসাধাৰণৰ জীৱন যাত্ৰা সহজতৰ কৰি তুলিব। ই তদুপৰি এই অঞ্চলৰ যুৱ সমাজৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধি কৰিব।

তেখেতে কয়, চৰকাৰখনে উজ্জ্বলা আঁচনিৰ জৰিয়তে দৰিদ্ৰ ভগ্নী আৰু কন্যাসকলক তেওঁলোকৰ পাকঘৰত কাঠ-খৰিৰে জুই ধৰাৰ নামত ধোঁৱাৰপৰা মুক্ত কৰি দিছে। তেখেতে কয়, আজি অসমৰ গেছ সংযোগে প্ৰায় ১০০ শতাংশ স্পৰ্শ কৰিছে। তেখেতে উল্লেখ কৰে যে এইবাৰ কেন্দ্ৰীয় বাজেটখনত, ১ কোটি দৰিদ্ৰ ভগ্নীলৈ বিনামূলীয়াকৈ উজ্জ্বলা এলপিজি সংযোগ আগবঢ়োৱাৰ এটা ব্যৱস্থা কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, গেছ সংযোগ, বিদ্যুৎ সংযোগ আৰু সাৰৰ অভাৱৰ বাবে দৰিদ্ৰ লোকসকলেই অতিশয় পৰিণাম ভূগিবলগীয়া হয়। তেখেতে কয়, স্বাধীনতাৰ আনকি সাতটা দশকৰ পাছতো বিদ্যুৎ লাভ নকৰা ১৮,০০০ গাঁৱৰ ভিতৰত, গৰিষ্ঠসংখ্যকেই হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰু এই অভাৱ দূৰীকৰণত চৰকাৰখনে কাম কৰিছে।

তেখেতে তদুপৰি কয়, গেছৰ অভাৱৰ বাবে অঞ্চলটোৰ কেইবাটাও সাৰ উদ্যোগ হয় বন্ধ হৈ পৰিছে বা অচল বুলি ঘোষণা কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ, অভাৱী আৰু মধ্যবিত্ত শ্ৰেণীটোৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে।

শ্ৰী মোদীয়ে কয় যে প্ৰধান মন্ত্ৰী উৰ্জা গংগা যোজনাৰ অধীনত, বিশ্বৰ অন্যতম সৰ্ববৃহৎ গেছ পাইপলাইন নেটৱৰ্কৰ সৈতে পূৰ্ব ভাৰতক সংযোজিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি উদ্দীপনা যোগোৱাত আমাৰ বিজ্ঞানী, অভিযন্তা আৰু টেকনিচিয়ানসমূহৰ এটা শক্তিশালী প্ৰতিভাসম্পন্ন দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যোৱা কেইটামান বছৰত, আমি দেশখনত এনে এটা বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে কাম কৰিছো, য’ত দেশখনৰ যুৱ সমাজে ষ্টাৰ্ট আপসমূহৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰিব পাৰে। আজি, সমগ্ৰ বিশ্বখনেই ভাৰতৰ অভিযন্তাসকলক স্বীকৃতি প্ৰদান কৰিছে। অসমৰ যুৱ সমাজৰ সম্ভাৱনা অপৰিসীম। এই ক্ষমতা বৃদ্ধিৰ অৰ্থে ৰাজ্য চৰকাৰখনে কঠোৰ শ্ৰম কৰি আছে। অসম চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ পৰিপ্ৰেক্ষিতত, আজি ৰাজ্যখনৰ অভিযান্ত্ৰিক মহাবিদ্য়ালয়ৰ সংখ্যা ২০ ৰো অধিক। আজি, ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্য়ালয়ৰ আধাৰশিলা স্থাপনে এই স্থিতিক সুদৃঢ় কৰি তুলিলে। তেখেতে ঘোষণা কৰে যে আৰু তিনিখন অভিযান্ত্ৰিক মহাবিদ্য়ালয় নিৰ্মাণৰ কাম অব্যাহত আছে। তেখেতে কয়, অসম চৰকাৰখনে অতি সোনকালে নতুন শিক্ষা নীতি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে। এই প্ৰচেষ্টাই চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তান, অনসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলকে প্ৰমুখ্য কৰি অসমৰ জনসাধাৰণক উপকৃত কৰিব কিয়নো ইয়াৰ জৰিয়তে স্থানীয় ভাষাত শিক্ষা লাভ কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, চাহ, হস্ততাঁত আৰু পৰ্যটনৰ বাবে অসম সমগ্ৰ বিশ্বতে সমাদৃত। আত্ম-নিৰ্ভৰতাই অসমৰ জনসাধাৰণৰ ক্ষমতা আৰু সামৰ্থ্য বৃদ্ধি কৰি তুলিব। চাহৰ উৎপাদনে এখনি আত্ম-নিৰ্ভৰ অসমৰ দৃষ্টিক সুদৃঢ় কৰি তুলিব। তেখেতে কয়, এনে এটা পৰিস্থিতিত, যেতিয়া ইয়াৰ যুৱ সমাজে বিদ্যালয় আৰু মহাবিদ্য়ালয়ত এনে দক্ষতাসমূহ শিকিব পাৰিব, ই ব্যাপকভাৱে লাভান্বিত কৰিব। তেখেতে লগতে কয়, এই বৰ্ষৰ বাজেটত, জনজাতীয় অধ্যুষিত অঞ্চলসমূহত এশখনি নতুন একলৱ্য আদৰ্শ বিদ্য়ালয় মুকলি কৰাৰ ব্যৱস্থা ৰখা হৈছে, যিয়ে অসমকো লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, অসমৰ কৃষকসকলৰ সম্ভাৱনা আৰু তেওঁলোকৰ আয় বৃদ্ধিৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে একেলগে কাম কৰি আছে। তেখেতে কয়, মীন খণ্ডটোৰ কৃষকসকলৰ বাবে ২০০০০ কোটি টকাৰ এখনি গুৰু আঁচনি প্ৰৱৰ্তন কৰা হৈছে, যিয়ে অসমৰ জনসাধাৰণকো উপকৃত কৰিব। তেখেতে লগতে কয়, অসমৰ কৃষকসকলে উৎপাদন কৰা ফচলে যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পাৰে, তাৰ অৰ্থে চৰকাৰখনে প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে কয় যে অসমৰ অৰ্থনীতিত উত্তৰ পাৰটোৰ চাহ বাগিচাসমূহেও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভূমি লীজত দিবলৈ এটি অভিযানৰ শুভাৰম্ভ কৰাৰ বাবে তেখেতে অসম চৰকাৰখনক প্ৰশংসা কৰে। তেখেতে কয়, এতিয়া উন্নয়ন আৰু প্ৰগতিৰ দ্বৈত ইঞ্জিনটোৰ শক্তি বৃদ্ধিৰ বাবে অসমৰ জনসাধাৰণৰ প্ৰয়োজনীয় হৈ পৰিছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives due to a mishap in Badaun, Uttar Pradesh
June 17, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap in Badaun, Uttar Pradesh. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister’s Office posted on X;

“The loss of lives due to a mishap in Badaun, Uttar Pradesh, is deeply painful. I extend my condolences to the bereaved families. Praying for the speedy recovery of the injured: PM @narendramodi”