ভাৰত মাতাৰ জয়,

ভাৰত মাতাৰ জয়,

ভাৰত মাতাৰ জয়৷

ধেমাজিৰ সাৰুৱা ভূমিৰ পৰা অসমবাসীক এই বিশেষ দিনটোৰ বাবে মই শুভেচ্ছা আৰু অভিনন্দন জনাইছো!

মঞ্চত উপৱিষ্ট অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীজী, অসমৰ জনপ্ৰিয় যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান সৰ্বানন্দ সোণোৱালজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী, শ্ৰী ৰামেশ্বৰ তেলীজী, অসমৰ চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাজী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীগণ, সাংসদসকল, বিধায়কসকল তথা বিশাল সংখ্যাত উপস্থিত অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল,

এইটো মোৰ সৌভাগ্য যে আজি মই তৃতীয়বাৰৰ বাবে আপোনালোক সকলোকো সাক্ষাৎ কৰাৰ সুবিধা লাভ কৰিছো, আৰু প্ৰতিবাৰেই ইয়াত থকা লোকসকলৰ আপোনত্ব, ইয়াত থকা লোকসকলৰ উষ্মতা, ইয়াৰ লোকসকলৰ আশীৰ্বাদে মোক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। যেতিয়া মই ইয়ালৈ গোগামুখত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিলো, মই কৈছিলো যে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বিকাশৰ এক নতুন ইঞ্জিন হ'ব। আজি আমি এই বিশ্বাসক আমাৰ চকুৰ সন্মুখত পৃথিৱীত অৱতৰণ কৰা দেখিছো।

ভাতৃ আৰু ভগ্নীসকল,

ব্ৰহ্মপুত্ৰৰ এই উত্তৰ পাৰৰ পৰা, আঠ দশক আগতে, অসমীয়া চিনেমাই জয়মতী ছবিৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল। অঞ্চলটোৱে অসমৰ সংস্কৃতিৰ গৌৰৱ বৃদ্ধি কৰিবলৈ বহুতো ব্যক্তিত্বৰ জন্ম দিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, তেওঁ অসমৰ পৰিচয় নতুন উচ্চতালৈ লৈ গৈছিল। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা জীয়ে লিখিছিল: "লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতি, জ্বলি হাট দেৱালীৰ বন্তি। দেৱালীত জ্বলন্ত চাকিৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰ আলোকিত হ'ব, আৰু কালি মই দেখিছিলো, বিশেষকৈ ছচিয়েল মিডিয়াত, আপোনালোকে এই অঞ্চলত কেনেকৈ দেৱালী উদযাপন কৰিছিল, হাজাৰ হাজাৰ চাকি কেনেকৈ জ্বলাইছিল। পোহৰ, শান্তি আৰু স্থিৰতাৰ মাজত চাকিবোৰত অসমত বিকাশৰ ছবিও আছে। কেন্দ্ৰ আৰু অসম চৰকাৰে এক সন্তুলিত বিকাশত ৰাজ্যখন বিকশিত কৰিবলৈ একেলগে কাম কৰি আছে। আৰু এই বিকাশৰ এক মুখ্য ভিত্তি হৈছে অসমৰ আন্তঃগাঁথনি।

বন্ধুসকল,

উত্তৰ পাৰত সম্পূৰ্ণ সম্ভাৱনা থকা স্বত্বেও পূৰ্বৰ চৰকাৰবোৰে অঞ্চলটোৰ প্ৰতি সতীয়া মাকৰ দৰে ব্যৱহাৰ কৰিছিল। যোগাযোগ, চিকিৎসালয়, শিক্ষা প্ৰতিষ্ঠান, উদ্যোগ, পূৰ্বৰ চৰকাৰৰ প্ৰাথমিকতাই নাছিল। ‘সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস’ এই মন্ত্ৰৰ ওপৰত কাম কৰি থকা আমাৰ চৰকাৰে, সৰ্বানন্দজীৰ চৰকাৰে এই বৈষম্য আঁতৰ কৰিছে। আমাৰ নিজৰ চৰকাৰে বগীবিল দলঙৰ কাম ত্বৰান্বিত কৰিছে, যি বহু বছৰ ধৰি অপেক্ষাৰত হৈ আছিল। আমাৰ চৰকাৰ অহাৰ পিছত উত্তৰ পাৰৰ ব্ৰডগ’জ ৰেলপথৰ কাম হৈছিল। ব্ৰহ্মপুত্ৰৰ দ্বিতীয়খন দলং কলীয়া ভোমোৰাই ইয়াৰ সংযোগ আৰু বৃদ্ধি কৰিব। ইয়াকো দ্ৰুতভাৱে সম্পূৰ্ণ কৰা হৈছে। উত্তৰ পাৰৰ চাৰি লেনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কামো দ্ৰুত গতিত আগবাঢ়িব ধৰিছে। যোৱা সপ্তাহত মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা জলপথ সংযোগৰ নতুন কাম আৰম্ভ হৈছে। বংগাইগাঁৱৰ যোগীঘোপাত এটা বৃহৎ টাৰ্মিনেল আৰু লজিষ্টিক পাৰ্কৰ কামো আৰম্ভ হৈছে।

বন্ধুসকল,

এই পৰিপ্ৰেক্ষিতত অসমে আজি ৩ হাজাৰ কোটিৰো অধিক শক্তি আৰু শিক্ষা আন্তঃগাঁথনি প্ৰকল্পৰ নতুন উপহাৰ লাভ কৰিছে। ধেমাজি আৰু শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়, বংগাইগাঁৱৰ শোধনাগাৰৰ সম্প্ৰসাৰণ, ডিব্ৰুগড়ৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম অথবা তিনিচুকীয়াৰ গেছ কম্প্ৰেছৰ ষ্টেচন, এই প্ৰকল্পবোৰে শক্তি আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে অঞ্চলটোৰ পৰিচয় শক্তিশালী কৰিব। এই প্ৰকল্পবোৰ অসমৰ লগতে ক্ষীপ্ৰ গতিত উদ্ভাসিত হোৱা পূব ভাৰতৰ প্ৰতীক হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল,

ভাৰতৰ বাবে স্বাৱলম্বী হোৱা, নিৰন্তৰভাৱে ইয়াৰ সম্ভাৱনা, ইয়াৰ ক্ষমতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ। বিগত বৰ্ষসমূহত আমি শোধন আৰু জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতত তেল সংৰক্ষণৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছো। বংগাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতাও বৃদ্ধি কৰা হৈছে। আজি মুকলি কৰা গেছ ইউনিটে ইয়াত এলপিজি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব। এই সকলোবোৰ প্ৰকল্পই অসম আৰু উত্তৰ-পূবৰ জনসাধাৰণৰ জীৱন সহজ কৰিব আৰু যুৱচামৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধি কৰিব।

ভাতৃ আৰু ভগ্নীসকল,

যেতিয়া এজন ব্যক্তিয়ে মৌলিক সুবিধা লাভ কৰে তেওঁৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হয়। বৰ্ধিত আত্মবিশ্বাসেও অঞ্চলটো বিকশিত কৰে আৰু দেশখন বিকশিত কৰে। আজি আমাৰ চৰকাৰে সেইসকল লোকৰ কাষ চাপিবলৈ চেষ্টা কৰি আছে, য'ত সুবিধা আগতে উপলব্ধ নাছিল। এতিয়া প্ৰণালীটোৱে তেওঁলোকক সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰথম জনসাধাৰণে সকলোবোৰ তেওঁলোকৰ ভাগ্যৰ ওপৰত এৰি দিছিল। আপোনালোকে চিন্তা কৰক, ২০১৪ চনৰ পূৰ্বে দেশৰ প্ৰতি ১০০টা পৰিয়ালৰ ভিতৰত মাত্ৰ ৫০-৫৫টা পৰিয়ালত এলপিজি গেছৰ সংযোগ আছিল অৰ্থাৎ তাৰ প্ৰায় আধা। অসমত শোধানাগাৰ তথা অন্যান্য সুবিধা থকা স্বত্বেও, ১০০ জনৰ ভিতৰত ৪০ জন লোকৰহে গেছ সংযোগ আছিল। ৬০ জনৰ ওচৰত এইটো নাছিল। দৰিদ্ৰ ভনী আৰু কন্যাসকলৰ জীৱন ৰান্ধনি ঘৰৰ ধোঁৱা আৰু ৰোগৰ জালত বাস কৰিবলৈ বাধ্য হৈ পৰিছিল। আমি উজ্বলা যোজনাৰ জৰিয়তে এই পৰিস্থিতি সলনি কৰিছো। অসমত গেছ সংযোগৰ কভাৰেজ আজি প্ৰায় ১০০ শতাংশ। বঙাইগাওঁ শোধানাগাৰৰ চৌপাশৰ জিলাসমূহত ২০১৪ চনৰ পিছত ৩ গুণতকৈ অধিক এলপিজি সংযোগ বৃদ্ধি পাইছে। এইবাৰৰ কেন্দ্ৰীয় বাজেটত ১ কোটি দৰিদ্ৰ ভনীসকলক উজ্বলাপ বিনামূলীয়া এলপিজি সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে।

বন্ধুসকল,

গেছ সংযোগ, বিদ্যুৎ সংযোগ, সাৰ উৎপাদন, এইসমূহৰ অভাৱৰ ফলত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ দেশৰ দৰিদ্ৰ, আমাৰ দেশৰ ক্ষুদ্ৰ কৃষকসকল। স্বাধীনতাৰ কেইবা দশকৰ পাছতো, বিদ্যুৎ নথকা ১৮ হাজাৰ গাঁৱৰ বেছিভাগ অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্ভুক্ত আছিল। পূব ভাৰতৰ বহুতো সাৰ কাৰখানা হয় বন্ধ কৰা হৈছিল অথবা গেছৰ অভাৱত কাম নহ’ব বুলি ঘোষণা কৰা হৈছিল। কোনে কষ্ট ভোগ কৰিবলগীয়া হ’ল? আমাৰ চৰকাৰে দৰিদ্ৰ, মধ্যবিত্ত, ইয়াৰ যুৱচামক… আগৰ ভুলবোৰৰ সংশোধন কৰাৰ কাম কৰি আছে। আজি প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাৰ অধীনত, পূব ভাৰতক বিশ্বৰ অন্যতম বৃহৎ গেছ পাইপলাইনৰ জৰিয়তে সংযোগ কৰা হৈছে। যদি আঁচনিটো শুদ্ধ হয়, উদ্দেশ্যবোৰ স্পষ্ট হয়, উদ্দেশ্যও সলনি হয়, ভাগ্যও সলনি হয়। বেয়া উদ্দেশ্য দূৰ হয় আৰু বিধাতাইও মানুহৰ ভাগ্য সলনি কৰে। আজি দেশত যিবোৰ গেছ পাইপলাইনৰ নেটৱৰ্ক বিকশিত হৈছে, দেশৰ প্ৰতিখন গাঁৱত অপ্টিকেল ফাইবাৰ স্থাপন কৰা হৈছে, প্ৰতিটো পৰিয়ালক পানী যোগান ধৰোতাৰ বাবে পাইপ স্থাপন কৰা হৈছে, ভাৰত মাতৃৰ কোলাত স্থাপন কৰা এই সকলোবোৰ আন্তঃগাঁথনি কেৱল লোৰ পাইপ বা ফাইবাৰ নহয়, এইবোৰ হৈছে ভাৰত মা'ৰ নতুন ভাগ্যৰেখা৷

ভাতৃ আৰু ভগ্নীসকল,

আমাৰ বৈজ্ঞানিক, আমাৰ অভিযন্তা, প্ৰযুক্তিবিদসকলৰ ভাৰতক ত্বৰান্বিত কৰাত এক ডাঙৰ ভূমিকা আছে। বহু বছৰ ধৰি আমি দেশত এনে এক পৰিবেশ সৃষ্টি কৰিবলৈ কাম কৰি আছো য'ত দেশৰ যুৱক-যুৱতীসকলে ষ্টাৰ্ট-আপৰ পৰা এক নতুন অভিনৱ উপায়েৰে সমস্যাবোৰ সমাধান কৰিব পাৰে। আজি সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰযুক্তিবিদৰ, ভাৰতৰ অভিযন্তাসকলৰ শক্তি মানি লৈছে। অসমৰ যুৱচামৰ বাবেও এক আশ্চৰ্যকৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে এই ক্ষমতা বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে। অসম চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি ইয়াত ২০খনতকৈও অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপিত হৈছে। আজি ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমৰ্পণ আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলাই এই স্থিতিক অধিক শক্তিশালী কৰিছে। ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় হৈছে উত্তৰ পাৰৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়। মোক কোৱা হৈছে যে আৰু ৩খন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে। কন্যা, পলিটেকনিক মহাবিদ্যালয়, বা অন্যান্য প্ৰতিষ্ঠানৰ বাবে বিশেষ মহাবিদ্যালয় হওক, অসম চৰকাৰে বৃহৎ পৰিমাণত কাম কৰি আছে।

ভাতৃ আৰু ভগ্নীসকল,

অসম চৰকাৰেও নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অতি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰি আছে। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লাভা-লাভে অসম, ইয়াৰ জনজাতীয় সমাজ, চাহ বাগানত কাম কৰা মোৰ শ্ৰমিক ভাই-ভনীসকলৰ সন্তানক উপকৃত কৰিব। ইয়াৰ কাৰণ হৈছে ই স্থানীয় বৃত্তিৰ সৈতে জড়িত স্থানীয় ভাষা আৰু দক্ষতা নিৰ্মাণত অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়ে। যেতিয়া স্থানীয় ভাষাত চিকিৎসা শিক্ষা উপলব্ধ হ’ব, যেতিয়া স্থানীয় ভাষাত কাৰিকৰী শিক্ষা দিয়া হ’ব, তেতিয়া দৰিদ্ৰতম লোকৰ শিশুও চিকিৎসক হ'ব, অভিযন্তা হ'ব আৰু দেশক উপকৃত কৰিব। দৰিদ্ৰতম পিতৃ-মাতৃৰ সপোন পূৰণ হ'ব। অসমৰ দৰে ৰাজ্য য'ত চাহ, পৰ্যটন, হস্ততাঁত আৰু হস্তশিল্প হৈছে স্বাৱলম্বীতাৰ মহান শক্তি। বিদ্যালয় আৰু মহাবিদ্যালয়ত এই দক্ষতা শিকিলে ইয়াত থকা যুৱক-যুৱতীসকলে যথেষ্ট লাভান্বিত হ'ব। স্বাৱলম্বীতাৰ ভেঁটি ইয়াৰ পৰাই সংযোগ হ’বলৈ গৈ আছে। এই বছৰৰ বাজেটত জনজাতীয় অঞ্চলত শ শ নতুন একলব্য মডেল বিদ্যালয় খোলাৰ পৰিকল্পনা কৰা হৈছে, যিয়ে অসমকো লাভান্বিত কৰিব।

বন্ধুসকল,

ব্ৰহ্মপুত্ৰৰ আশীৰ্বাদত এই অঞ্চলৰ ভূমি অতি উর্বৰ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ ক্ষমতা বৃদ্ধি, আধুনিক কৃষি সুবিধা প্ৰদান কৰিবলৈ, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ একেলগে কাম কৰি আছে। কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন স্থানান্তৰ কৰা, কৃষকসকলৰ পেঞ্চনৰ বাবে এটা আঁচনি আৰম্ভ কৰা, তেওঁলোকক ভাল বীজ দিয়া, মাটিৰ স্বাস্থ্য কাৰ্ড দিব দিয়া, প্ৰতিটোতে প্ৰয়োজনীয়তা সৰ্বাধিক ৰাখি কাম কৰা হৈছে। মৎস্যপালনৰ ওপৰত বিশেষ গুৰুত্ব দি আমাৰ চৰকাৰে ইতিমধ্যে এক পৃথক মৎস্য মন্ত্ৰালয় গঠন কৰিছে। আমাৰ চৰকাৰে এতিয়া মৎস্য পালনৰ প্ৰচাৰৰ বাবে স্বাধীনতাৰে পৰা ব্যয় কৰা হোৱাতকৈও অধিক ব্যয় কৰি আছে। মাছ ব্যৱসায়ৰ সৈতে জড়িত কৃষকসকলৰ বাবে ২০ হাজাৰ কোটি টকাৰ এক বৃহৎ আঁচনিও প্ৰস্তুত কৰা হৈছে, যিয়ে অসমত মোৰ মীন উদ্যোগৰ সৈতে জড়িত ভাইসকলক উপকৃত কৰিব। চৰকাৰৰ প্ৰচেষ্টা এয়াই যে অসমৰ কৃষকে উৎপাদন কৰা সামগ্ৰীসমূহ যাতে আন্তৰ্জাতিক বজাৰত উপলব্ধ হয়। ইয়াৰ বাবে কৃষি সম্পৰ্কীয় আইনবোৰৰো সংস্কাৰ সাধন কৰা হৈছে।

বন্ধুসকল,

অসমৰ অৰ্থনীতিত উত্তৰ পাৰৰ চাহ-বাগিচাৰো যথেষ্ট ডাঙৰ ভূমিকা আছে। এই চাহ বাগিচাবোৰত কাম কৰা আমাৰ ভাই-ভনীসকলৰ জীৱনো আমাৰ চৰকাৰৰ এক শীৰ্ষ প্ৰাথমিকতা হিচাপে বিবেচিত হৈছে। ক্ষুদ্ৰ চাহ উৎপাদকসকলক ভূমি লীজলৈ দিয়াৰ বাবে আৰম্ভ কৰা এই অভিযানৰ বাবে মই অসম চৰকাৰক প্ৰশংসা কৰিছো৷

ভাতৃ আৰু ভগ্নীসকল,

যিসকলে বহু দশক ধৰি দেশ শাসন কৰিছিল তেওঁলোকে দিছপুৰক দিল্লীৰ পৰা বহু দূৰৈত ৰাখিছিল। এই মানসিকতাই অসমৰ যথেষ্ট ক্ষতি কৰিছিল। কিন্তু এতিয়া দিল্লী আপোনাৰ পৰা দূৰৈত নহয়। দিল্লী আপোনাৰ দুৱাৰমুখত থিয় হৈ আছে। বিগত বৰ্ষসমূহত শত শত বাৰ, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলক আপোনালোকৰ অসুবিধা জানিবলৈ, কামবোৰ চাবলৈ আৰু আপোনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি যিবোৰ আঁচনি থাকিব লাগে, আমি সেই দিশত প্ৰয়াস কৰিছো। মই বহুবাৰ অসমলৈ আহিছো যাতে আপোনালোকৰ বিকাশ যাত্ৰাৰ অংশীদাৰ হ'ব পাৰো। অসমত সকলো আছে যিবোৰে ইয়াৰ প্ৰতিজন নাগৰিকক উন্নত জীৱন দিব পাৰে। এতিয়া প্ৰয়োজন হৈছে যে আপোনাৰ বিকাশৰ দ্বৈত ইঞ্জিন, অগ্ৰসৰ হোৱা ডবল ইঞ্জিনক অধিক শক্তিশালী কৰাৰ অৱকাশ আহি পৰিছে। মই অসমৰ জনসাধাৰণক আশ্বাস দিছো, আপোনালোকৰ সহযোগিতাত, আপোনালোকৰ আশীৰ্বাদত অসমৰ বিকাশ অধিক ত্বৰান্বিত হ’ব, অসম উন্নয়নৰ নতুন উচ্চতাত উপনীত হ'ব।

ভাতৃ আৰু ভগ্নীসকল,

মই জানো এতিয়া আপোনালোকে নিৰ্বাচনৰ বাবে অপেক্ষা কৰিব। হয়তো মোৰ মনত আছে যে শেষবাৰৰ বাবে নিৰ্বাচন ঘোষণা যেতিয়া কৰা হৈছিল, সেয়া সম্ভৱতঃ চাৰি মাৰ্চত আছিল। এইবাৰো মই সম্ভাৱনা দেখিছো যে মাৰ্চৰ প্ৰথম সপ্তাহৰ যিকোনো সময়তে নিৰ্বাচন ঘোষণা কৰা হ'ব। সেইটো নিৰ্বাচন আয়োগৰ কাম। কিন্তু নিৰ্বাচনী ঘোষণাৰ আগতে যিমান বাৰ পাৰি অসমলৈ যোৱা, পশ্চিম বংগলৈ যোৱা, কেৰালালৈ যোৱা, তামিলনাডুলৈ যোৱা, পুডুচেৰীলৈ যোৱাৰ মই প্ৰয়াস কৰিম। যদি আমি নিৰ্বাচন ঘোষণা কৰোঁ, মই ৭ মাৰ্চৰ ভিতৰত চেষ্টা কৰিম। কাৰণ যোৱাবাৰ ৪ মাৰ্চত হৈছিল। তাৰিখটো ইয়াৰ ওচৰে-পাজৰে হ’ব। যি নহওক, মই আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰি যাম। আৰু ভাই-ভনীসকল, আজি আপোনালোকে ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিছে, আপোনালোকে বিকাশৰ যাত্ৰাৰ প্ৰতি আমাৰ বিশ্বাস শক্তিশালী কৰিছে। মই ইয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এই আত্মবিশ্বাসেৰে মই আকৌ এবাৰ অসমক বহুতো উন্নয়নমূলক আঁচনিৰ বাবে, ভাৰত নিৰ্মাণত অসমৰ অৱদানৰ বাবে, অসমৰ যুৱচামৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, অসমৰ মাছমৰীয়া, অসমৰ কৃষক, অসমৰ মাতৃ আৰু ভগ্নী, অসমৰ মোৰ জনজাতীয় ভাই-ভনী, প্ৰতিজনৰ কল্যাণৰ আধাৰশিলা, আজি প্ৰতিজনৰ কল্যাণৰ আধাৰশিলা স্থাপন কৰা হৈছে। তাৰ বাবেও, মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। মই মোৰ শুভেচ্ছা জনাইছো। হাতৰ দুয়োটা মুঠি বন্ধ কৰক আৰু সম্পূৰ্ণ শক্তিৰে মোৰ সৈতে কওক- ভাৰত মাতা কি-জয়, ভাৰত মাতা কি-জয়, ভাৰত মাতা কি-জয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."