Passage of 10% bill for reservation of economically weaker general section shows NDA government's commitment towards 'Sabka Saath Sabka Vikas': Prime Minister Modi
Our government is concerned about welfare of the middle class: PM Modi
Middlemen of helicopter deal was also involved in fighter jet deal of previous government: PM

প্ৰধানমন্ত্রীয়ে কয় যে সাধাৰণ শ্রেণীৰ দুখীয়া লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা সংবিধান সংশোধনী বিধেয়কে দুখীয়া লোকসকলৰ উন্নয়নৰ দিশত এক ঐতিহাসিক পদক্ষেপ আৰু এই বিধেয়কে চৰকাৰৰ ‘সবকা সাথ, সবকা বিকাশ’ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে৷ মহাৰাষ্ট্রৰ ছোলাপুৰত আজি এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া লোকসকলৰ সংৰক্ষণৰ স্বার্থ সুৰক্ষিত কৰা এই বিধেয়কখনৰ সম্পর্কে যিসকলে মিছা প্ৰচাৰ চলাছিল, লোকসভাত বিধেয়কখন গৃহীত হোৱাটোৱে তেওঁলোকক উপযুক্ত প্ৰত্যুত্তৰ দিলে৷ ৰাজ্যসভাতো বিধেয়কখন গৃহীত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে কয়, “সাধাৰণ শ্রেণী কিন্তু আর্থিকভাৱে পিছপৰা লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে লোকসভাত কালি আমি এক ঐতিহাসিক বিধেয়ক গৃহীত কৰিলো। এই বিধেয়কখনে ‘সবকা সাথ, সবকা বিকাশ’ৰ ক্ষেত্ৰত আমাৰ দৃঢ় সংকল্পক আৰু অধিক শক্তিশালী কৰিব।”

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত প্ৰধানমন্ত্রীয়ে অসম তথা উত্তৰ-পূববাসীক তেওঁলোকৰ অধিকাৰ আৰু যাৱতীয় সা-সুবিধা সুৰক্ষিত ৰাখিব বুলি আশ্বাস দিয়ে৷ তেওঁ কয়, “এই বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত বসবাস কৰা ভাৰত মাতৃৰ সন্তানসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰিছে। বহু ঐতিহাসিক উত্থান-পতন প্ৰত্যক্ষ কৰাৰ পাছত আমাৰ এই ভাই-ভনীসকলে ভাৰতৰ অবিচ্ছেদ্য অংশ হ’ব বিচাৰে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁক তীব্ৰ আক্ৰমণ আৰু সমালোচনা সত্ত্বেও দুর্নীতি আৰু মধ্যভোগীৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত থাকিব। কোনেও ইয়াক দমন কৰিব নোৱাৰে। দুর্নীতি আৰু মধ্যভোগীৰ বিৰুদ্ধে তেওঁৰ সাহসী যুঁজৰ অন্তৰালত সাধাৰণ লোকসকলৰ সমর্থন আৰু আশীর্বাদ আছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্রীয়ে আজি ছোলাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধনৰ পাছত ইন্দিৰা গান্ধী ষ্টেডিয়ামত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰধানমন্ত্রী আৱাস যোজনা’ৰ অধীনত ৩০,০০০ গৃহ নির্মাণৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুঠ ১৮১১.৩৩ কোটি টকা ব্যয়সাপেক্ষ ই প্ৰকল্পৰ ফলত ৰিক্সা চালক, ৰাস্তা আৱৰ্জনা সংগ্ৰহ কৰা লোকসকল, বয়ন কৰ্মী আৰু বিড়ি কৰ্মীসকল বিশেষভাবে উপকৃত হ’ব৷ তেওঁ কয়, “আজি আমি দুখীয়া, শ্ৰমিক শ্রেণীৰ পৰিয়ালৰ বাবে ৩০,০০০ গৃহ নির্মাণৰ এক প্ৰকল্পৰ শুভাৰম্ভ কৰিলো। এই প্ৰকল্পৰ হিতাধিকাৰীসকলৰ ভিতৰত আছে কাৰখানাৰ শ্ৰমিক, ৰিক্সা চালক, অটো চালক ইত্যাদি। মই আপোনালোকক আশ্বাসেৰে ক’ব খোজো যে অতি শীঘ্ৰে আপোনালোকে এই গৃহৰ চাবি লাভ কৰিব।” মধ্যবিত্ত শ্রেণীৰ পৰিয়ালসমূহৰ বাবেও সুলভ আবাস নির্মাণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। এতিয়াৰে পৰা এওঁলোকে ২০ বছৰৰ ম্যাদৰ গৃহ ঋণৰ ক্ষেত্রত ৬ লাখ টকালৈকে ৰাহী কৰিব পাৰিব। চৰকাৰৰ এইবোৰ প্ৰচেষ্টা জীৱন-ধাৰণৰ মান উন্নয়নত গ্ৰহণ কৰা ব্যৱস্থাসমূহকে প্ৰতিফলিত কৰিছে বুলিও তেওঁ লগতে কয়৷

ইফালে, তেওঁ আধাৰশিলা স্থাপন কৰা এই প্ৰকল্প নিজেই উদ্বোধন কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে নতুন ফ’ৰলেনযুক্ত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৯৮.৭১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছোলাপুৰ-তুলজাপুৰ-ওচমানাবাদ অংশ দেশবাসীৰ নামত উচৰ্গা কৰে। ৯৭২.৫০ কোটি টকা ব্যয় হোৱা এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশটোৱে মহাৰাষ্ট্রৰ মাৰাঠৱাড়া অঞ্চলৰ সৈতে ছোলাপুৰৰ যোগাযোগ ব্যৱস্থাক আৰু অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০১৪ত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দুখন বৃহৎ আৰু ১৭খন সৰু দলং, যান-বাহন চলাচলৰ বাবে চাৰটা আৰু পথচাৰীৰ বাবে ১০টা পথৰ তলেৰে পথ দলঙৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, তুলজাপুৰত প্রায় চাৰে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ নিৰ্মাণ কৰা হৈছে, তাৰ ফলত চহৰখনত যানজঁট হ্ৰাস পাব৷

উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে ঘাইপথৰ সম্প্ৰাসাৰণ আৰু জীৱন-ধাৰণৰ মান উন্নয়নত চৰকাৰৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “বিগত চাৰি বছৰত প্রায় ৪০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে, য’ত ৫.৫ লাখ কোটি টকা ব্যয় হৈছে৷ তদুপৰি, এতিয়াও ৫২ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম চলি আছে।”
ছোলাপুৰ অঞ্চলত ৰে’ল যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্রীয়ে কয় যে এহাজাৰ কোটি টকা ব্যয়েৰে তুলজাপুৰ হৈ ছোলাপুৰ-ওচমানাবাদ ৰে’ল লাইন নির্মাণত চৰকাৰে অনুমোদন জনাইছে। আঞ্চলিক বিমান যোগাযোগ আঁচনি ‘উড়ান’ৰ অধীনত ছোলাপুৰৰ পৰা বিমান সেৱা আৰম্ভ কৰা প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷

স্বচ্ছ ভাৰত আৰু সুস্থ ভাৰত সন্দৰ্ভত তেওঁ পৰিকল্পনাৰ অংশ হিচাপে প্ৰধানমন্ত্রীয়ে ছোলাপুৰত ভূগর্ভৰ পানীকে ধৰি তিনিটা আৱৰ্জনা নিষ্কাষণ কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ নতুন এই নিষ্কাষণ ব্যৱস্থাৰ ফলত ছোলাপুৰ চহৰত নিষ্কাষণ ব্যৱস্থাৰ সমান্তৰালভাৱে অনাময় ব্যৱস্থাৰো উন্নতি ঘটিব।

প্ৰধানমন্ত্রীয়ে কয় যে ছোলাপুৰ স্মার্ট চিটীত অঞ্চলভিত্তিক উন্নয়ন আঁচনিৰ অংগ হিচাপে পানী যোগান আৰু নিষ্কাষণ ব্যৱস্থাৰ উন্নয়নত এক যৌথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তদুপৰি, ‘অমৰুট’ মিচনৰ অধীনত উজানি বান্ধৰ পৰা ছোলাপুৰ চহৰলৈ খোৱাপানী যোগান বৃদ্ধি আৰু ভূগর্ভস্থ নিষ্কাষণ ব্যৱস্থা গঢ়ি তুলিবলৈ এলানি আঁচনিৰ শুভাৰম্ভ কৰে। এই প্ৰচেষ্টাৰ ফলত সেৱা প্ৰদানৰ ক্ষেত্রত গুৰু্ত্বপূৰ্ণ অগ্ৰগতি হ’ব আৰু সাধাৰণ লোকসকলৰ কল্যাণত প্ৰযুক্তিক কামত লগাই জনস্বাস্থ্য ব্যৱস্থাত উন্নতি হ’ব।

ছোলাপুৰ আৰু ইাৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকলৰ কল্যাণাৰ্থে পথ যোগাযোগ আৰু পৰিবহণ, পানী যোগান, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কর্মসংস্থাপন সৃষ্টি ইত্যাদি ক্ষেত্রত সংশ্লিষ্ট প্ৰকল্পসমূহে সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."