Metro in Delhi has positively impacted the lives of citizens: PM Modi
There is a direct link between connectivity and development; Metro will mean more employment opportunities for the people: PM
Union Government has brought out a policy relating to Metros, to bring uniformity and standardization in metro rail networks across the country: PM
Our aim is also to boost “Make in India” by making metro rail coaches in India itself: PM Modi
Metro systems are an example of cooperative federalism, the Centre and the respective State Govts are working together: PM Modi
New India requires new and smart infrastructure, Union Government is working on roads, railways, highways, airways, waterways and i-ways: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বাহাদুৰগড়-মুণ্ডকা মেট্ৰো ৰে’ল লাইনৰ শুভাৰম্ভ কৰে।
দিল্লী মেট্ৰো ৰে’লৰ এই নতুন অংশ আৰম্ভ কৰাৰ বাবে হাৰিয়ানা আৰু দিল্লীবাসীক অভিনন্দন জনাই তেওঁ কয় যে দিল্লী মেট্ৰো ৰে’লেৰে বাহাদুৰগড়ক সংযোগ কৰাক লৈ তেওঁ সুখ অনুভৱ কৰিছে।

হাৰিয়ানাত গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ পাছত এইদৰে মেট্ৰো ৰে’লেৰে সংযোগ কৰা বাহাদুৰগড় হৈছে তৃতীয়টো স্থান।
মেট্ৰো ৰে’লে দিল্লীৰ নাগৰিকসকলৰ জীৱনত কেনে ইতিবাচক প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। বাহাদূৰগড়ে অৰ্থনৈতিকভাৱে ব্যাপক অগ্ৰগতি লাভ কৰা বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তাত কেইবাটাও শৈক্ষিক প্ৰতিষ্ঠান আছে আৰু তাৰ শিক্ষাৰ্থীসকলে দিল্লীলৈ অহা-যোৱা কৰে। তেনে ক্ষেত্ৰত এই মেট্ৰো ৰে’ল অধিক সুবিধাজনক হ’ব বুলি তেওঁ লগতে কয়।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগাযোগ আৰু উন্নয়নৰ মাজত প্ৰত্যক্ষ যোগসুত্ৰ আছে। তেওঁ কয় মেট্ৰো ৰে’লে এই অঞ্চলটোৰ লোকসকলৰ বাবে সংস্থাপনৰ পথো মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মেট্ৰো চহৰসমূহক লৈ এটা নীতি গ্ৰহণ কৰিছে, যাৰ দ্বাৰা সমগ্ৰ দেশত একীকৃত আৰ মানসম্পন্ন মেট্ৰো ৰে’ল নেটৱৰ্ক গঢ়ি তুলিব পৰা যায়। আমাৰ চহৰসমূহত নগৰ পৰিবহণ ব্যৱস্থাত উপযোগী নিৰ্মাণ, আৰামদায়ক আৰু সুলভ কৰাটোৱেই ইয়াৰ উদ্দেশ্য বুলি তেওঁ কয়। তদুপৰি, ইয়াৰ লক্ষ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত ভাৰতে নিজেই মেট্টো ৰে’লৰ দবা নিৰ্মাণ কৰা।

প্ৰধানমন্ত্ৰীয়ে কয় যে মেট্টো ব্যৱস্থাটোৰ নিৰ্মাণ প্ৰক্ৰিয়া আকৌ সহযোগিতামুলক যুক্তৰাষ্টীয় ব্যৱস্থাৰ সৈতে জড়িত। যদিও মেট্ৰোসমূহ ভাৰতত নিৰ্মাণ কৰি থকা হৈছে, তথাপি কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে একেলগেই কাম কৰি আছে বুলিও তেওঁ লগতে কয়।

কেৱল নিউ ইণ্ডিয়াই নহয়, ভাৰতক নতুন আৰু স্মাৰ্ট আন্তঃগাঁথনিৰ প্ৰয়োজন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পথ পৰিবহণ, ৰে’লৱে, ঘাইপথ, বিমামপথ, জলপথ আৰু আই-ৱেৰ দিশত কাম কৰি আছে। যোগাযোগ ব্যৱস্থাৰ লগতে উন্নয়নমুলক প্ৰকল্পবোৰ সময়মতে নিৰ্মাণকাৰ্য শেষ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."