Government is constantly working to create conducive environment for business in the country: PM Modi
In the past 4 years, old laws have been abolished and hundreds of rules are made easier: PM Modi
It is our constant endeavour to simplify procedures for small entrepreneurs: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজন কৰা আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল ২০১৯ আনুষ্ঠানিকভাৱে মুকলি কৰে। সমগ্ৰ গুজৰাটৰ পদপথৰ পোহাৰীৰ পৰা আৰম্ভ কৰি শ্বপিং মললৈ, শিল্প-কলাৰ পৰা আৰম্ভ কৰি হোটেল-ৰেষ্টুৰেণ্ট সংযোগী ব্যৱসায়, সকলো আহিছে এই ফেষ্টিভেললৈ, উদ্দেশ্য একেটাই, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উপস্থাপন, প্ৰদৰ্শন আৰু প্ৰসাৰ। ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হেতুকেই এই ফেষ্টিভেলে বিশেষ গুৰুত্ব বহন কৰিছে।

 

এই সন্দৰ্ভতে আয়োজন কৰা এক ৰাজহুৱা সভাতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ ভূয়সী প্ৰসংশা কৰি তেওঁ কয়, “সাধাৰণতে এনেধৰণৰ বিশাল সন্মিলন আমি বিদেশতহে দেখিবলৈ পাওঁ। এতিয়া ভাইব্ৰেণ্ট গুজৰাটৰ লগতে আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল এইক্ষেত্ৰত প্ৰসংশনীয় পদক্ষেপ।”

 

 

প্ৰধামন্ত্ৰীয়ে লগতে কয়, “দেশত ব্যৱসায় কৰাৰ এক সুচল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰখনে অহৰহ চেষ্টা কৰি আহিছে। বিগত ৪ টা বৰ্ষত ভালেমান পুৰণি নিয়ম কানুন সালসলনি কৰা হৈছে আৰু কেবাশ নতুন নিয়ম-নীতিৰে পৰিৱেশ সহজসাধ্য কৰি তোলা হৈছে। এনেবোৰ প্ৰয়াসৰ ফলতেই দেশত ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে আমি ১৪২ নং ৰেংকিংৰ পৰা উত্তৰণ ঘটাই বৰ্তমান ৭৭ ত উপনীত হৈছো।” প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে প্ৰক্ৰিয়াসমূহ সৰল কৰি তোলাৰ ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছো। জিএছটি আৰু অন্যান্য ৰিটাৰ্ণৰ ভিত্তিত ক্ষুদ্ৰ উদ্যোগীসকলে যাতে বেংকৰ ঋণ লাভ কৰিব পাৰে তেনে এক পৰিৱেশ গঢ়ি তোলাৰ বাবে আমি কাম কৰি আছো। ইয়াৰ বাবে আমি ইতিমধ্যেই মাত্ৰ ৫৯ মিনিটতেই এক কোটি টকা পৰ্যন্ত ঋণ মোকলাইয়ো দিছো।”

 

আজি এই অনুষ্ঠানৰ প্ৰাকক্ষণত, প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত অনুষ্ঠিত মহাত্মা মন্দিৰ প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল বাণিজ্য মেলাও মুকলি কৰে। ইয়াৰ লগতে, ১৮ জানুৱাৰীৰ পৰা অহা ২০ জানুৱাৰীলৈ গান্ধীনগৰতে আয়োজন কৰা হৈছে ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ ৯ম সংস্কৰণ। এই বিনিয়োগ সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ উদ্যোগসমূহৰ নেতৃবৃন্দই ভাগ ল’ব। এই ছামিটৰে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Bows To ‘Jana Shakti’ As BJP Forms First-Ever Government In West Bengal

Media Coverage

PM Modi Bows To ‘Jana Shakti’ As BJP Forms First-Ever Government In West Bengal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi