Science and technology ecosystem should be impactful as well as inspiring: PM Modi
Scientific Temper wipes out superstition: PM Modi
There are no failures in science; there are only efforts, experiments and success: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত অনুষ্ঠিত পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰে৷

অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে মহোৎসৱৰ প্ৰধান বিষয়বস্তু ৰাইজেন( RISEN: ৰিচাৰ্জ, ইন’ভেচন আৰু ছায়েন্স এমপাৱাৰিং দ্য নেশ্যন)-এ ২১ শতিকাৰ ভাৰতৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰে৷

তেওঁ কয় যে সমাজৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে আৰু সেয়ে চৰকাৰে নতুন আৱিস্কাৰ আৰু উদ্ভাৱনীমূলক চিন্তা-চৰ্চাক প্ৰতিষ্ঠানগত সহযোগিতা আগবঢ়াইছে৷ বিজ্ঞান আরু প্ৰযুক্তিক সমৰ্থন কৰিব পৰা এক শক্তিশালী পৰিৱেশতন্ত্ৰৰ পোষকতা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত নতুন উদ্ভাৱনক উদগণি যোগাবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে। এই প্ৰসংগত তেওঁ উল্লেখ কৰে যে, দেশত ৫ হাজাৰৰো অধিক অটল টিংকাৰিং লেব’ৰেটৰী, ২০০ৰো অধিক অটল ইনকিউবেচন চেণ্টাৰ স্থাপন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি চিন্তা কৰা উচিত যে বিজ্ঞানে আমাৰ দৈনন্দিন জীৱন-যাপন কিমান সহজ কৰি তুলিছে৷ সেইবাবে সমাজৰ বাবে বিজ্ঞানৰ এক উল্লেখনীয় অৱদান আছে৷ যেতিয়া প্ৰতিগৰাকী বিজ্ঞানী আৰু নাগৰিকে এইধৰণে কথা বিলাক চিন্তা কৰিব, তেতিয়া দেশখন প্ৰগতিৰ পথত আগুৱাই যাব৷’

প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় যে বিজ্ঞানে আমাক দিব পৰা দীৰ্ঘকালীন সমাধান আৰু দীৰ্ঘকালীন উপযোগিতাৰ ওপৰত সকলোৱে মনোনিৱেশ কৰা উচিত৷

তেওঁ কয়, ‘আমি সকলোৱে ভালদৰে জানো যে প্ৰযুক্তি হ’ল দুটা উপাদানৰ ফল—সমস্যাৰ উপস্থিতি আৰু এই সমস্যা সমাধান কৰিবলৈ আমাৰ পৰীক্ষা-নিৰীক্ষা৷’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘বিজ্ঞানত কোনো বিফলতা নাই৷ ইয়াত আছে কেৱল প্ৰচেষ্টা, পৰীক্ষা-নিৰীক্ষা আৰু সফলতা৷ এই কথা মনত ৰাখি কাম কৰিলে আপুনি বৈজ্ঞানিক অনুসন্ধানতেই হওক অথবা দৈনন্দিন জীৱনতেই হওক, কেতিয়াও একো কঠিনতাৰ সন্মীখন নহয়৷”

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Beyond Make in India: Building a globally competitive manufacturing ecosystem

Media Coverage

Beyond Make in India: Building a globally competitive manufacturing ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance