NRIs are not only the Brand Ambassadors of India but also represent its strength, capabilities and characteristics: PM
With its rapid progress, India is being seen on a high pedestal across the world and is in a position to lead the global community: PM Modi
India is on course to become a global economic powerhouse, says PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ দীনদয়াল হস্তকলা সংকুলত পঞ্চদশ প্ৰবাসী ভাৰতীয় দিৱসৰপূর্ণাংগ অধিৱেশন উদ্বোধন কৰে৷

এইবাৰৰ প্ৰবাসী ভাৰতীয় দিৱসত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে মৰিচাচৰ প্ৰধানমন্ত্রী প্ৰবীন্দ জগনাথ।উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়ক, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্রীমতী সুষমা স্বৰাজ, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টাৰ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী ত্রিবেন্দ্ৰ সিংৰাৱাট, কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী অৱসৰপ্রাপ্ত জেনেৰেল ভি কে সিঙকে ধৰিকেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এই উপলক্ষে উদ্বোধনী ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে পিতৃপুৰুষসকলৰ মাতৃভূমিৰ প্ৰতি ভালপোৱা আৰুআন্তৰিকতা বাবেই প্ৰবাসী ভাৰতীয়সকল ইয়ালৈ আহিছে৷ এক নতুন ভাৰত গঠনত তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে হাতে হাত মিলাই কাম কৰি যোৱাৰ আহ্বান জনায়।

‘বসুধৈৱ কুটুম্বকম্‌’ অৰ্থাৎ সমগ্ৰ বিশ্বই একে পৰিয়ালৰ–প্রাচীন ভাৰতীয় এই ঐতিহ্য বজাই ৰখাৰ ক্ষেত্ৰত প্ৰধানন্ত্ৰী মোদীয়ে প্ৰবাসী ভাৰতীয়সকলে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ তেওঁ কয় যে প্ৰবাসী ভাৰতীয়সকল কেৱল ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰেই নহয়, তেওঁলোক ভাৰতৰ শক্তি, সক্ষমতা আৰু চাৰিত্ৰিক গুণাগুনৰ প্ৰতীক।তেওঁ এক নতুন ভাৰত গঠনত, বিশেষকৈ গৱেষণা আৰু নতুনত্ব উদ্ভাৱনৰ ক্ষেত্রত সহযোগিতাৰ তথাঅংশগ্ৰহণৰ বাবে প্ৰবাসী ভাৰতীয়সকল প্ৰতি আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰতে দ্রুত অগ্ৰগতিৰ সমান্তৰালভাৱে এতিয়া সমগ্ৰ বিশ্বই মর্যাদাপূৰ্ণ দৃষ্টিৰে চাবলৈ ধৰিছে। কেৱল ইমানে নহয়, ভাৰতে এতিয়া বিশ্ব সমূদায়ক নেতৃত্ব দিয়াৰ স্থানতো উপনীত হৈছে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী ইয়াৰ এক উজ্জ্বল দৃষ্টান্ত। প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় সমস্যাসমূহৰ সমাধান আৰুবিশ্বৰ শ্রেষ্ঠ পন্থাসমূহৰ প্ৰয়োগেই আমাৰ মন্ত্ৰ। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক তেওঁ এক বিশ্ব, এক সূর্য, এক গ্রিডগঢ়ি তোলাৰ লক্ষ্যৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে৷

বিশ্ব অর্থনীতিৰ মূল চালিকাশক্তি হৈ উঠাৰ দিশত ভাৰত অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে দেশত নতুন উদ্যোগ স্থাপনৰ এক অনুকূল পৰিৱেশ গঢ়ি উঠাৰ লগতে দেশত বিশ্বৰ বৃহত্তম স্বাস্থ্য সেৱা আঁচনি আৰম্ভ হৈছে। মেক ইন ইণ্ডিয়া আঁচনিৰ জৰিয়তে আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছো। অভিলেখ পৰিমাণৰখাদ্যশস্য উৎপাদনো আমাৰ আন এক উল্লেখযোগ্য সাফল্য।

প্ৰধানমন্ত্রীয়ে ক্ষোভেৰে কয় যে বিগত চৰকাৰৰ আগ্ৰহৰ অভাৱ তথা উপযুক্ত নীতিহীনতা বাবে বৃহৎ পৰিমাণৰপূঁজিৰ সা–সুবিধাৰ পৰা হিতাধিকাৰীসকল বঞ্চিত হৈছিল৷ অৱশ্যে, বৰ্তমান আমি প্ৰশাসনিক ব্যৱস্থাৰ সমস্যাৱলী প্ৰযুক্তিৰ সহায়ত হ্ৰাস কৰিবলৈ সক্ষম হৈছো। ৰাজহুৱা ধনৰ আত্মসাৎ কৰাটো বন্ধ কৰি ৮৫ শতাংশ ধন হিতাধিকাৰীসকলৰ বেংক একাউন্টত পোনপটীয়া হস্তান্তৰ কৰিবলৈ সক্ষম হৈছো৷ তেওঁ লগতে কয় যে বিগতচাৰে চাৰি বছৰত সাধাৰণ জনতাৰ একাউন্টত ৫লাখ ৮০ হাজাৰ কোটি টকা পোনপটীয়া হস্তান্তৰ কৰা হৈছে। ৭কোটি ভুৱা হিতাধিকাৰীৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই সংখ্যাব্রিটেইন, ফ্রান্স আৰু ইটালীৰ মুঠ জনসংখ্যাৰ সমান।

প্ৰধানমন্ত্রীয়ে কয় যে পৰিৱর্তনৰ এই ছবিসমূহেই তেওঁৰ চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ প্ৰতিফলন। এই প্ৰতিফলনেএক নতুন ভাৰত গঢ়াৰ নতুন বিশ্বাস যোগাইছে৷

আমি নতুন ভাৰত গঢ়াৰ যি সংকল্প লৈছো, সেই ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰো সমানেই গুৰুত্ব আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এইবোৰৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টোত আমি অগ্রাধিকাৰ দিছো৷ হিংসা জৰ্জৰ বিভিন্ন অঞ্চলৰ পৰা ২ লাখতকৈ অধিক ভাৰতীয়ক নিৰাপদে উদ্ধাৰ কৰি অনাৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে চৰকাৰ৷

আমি নতুন ভাৰত গঢ়াৰ যি সংকল্প লৈছো, সেই ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰো সমানেই গুৰুত্ব আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এইবোৰৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টোত আমি অগ্রাধিকাৰ দিছো৷ হিংসা জৰ্জৰ বিভিন্ন অঞ্চলৰ পৰা ২ লাখতকৈ অধিক ভাৰতীয়ক নিৰাপদে উদ্ধাৰ কৰি অনাৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে চৰকাৰ৷

 

প্ৰধানমন্ত্রীয়ে প্ৰবাসী তীর্থ দর্শন যোজনা গ্ৰহৰ কথাও ভাষণত অৱগত কৰে৷ এই যোজনাৰ অধীনত তেওঁ পাঁচটাবিদেশী পৰিয়ালক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰত্যেক প্ৰবাসী ভাৰতীয়ক আহ্বান জনায়।গান্ধীজী আৰু গুৰু নানক দেৱজীৰ মূল্যবোধ আৰু আদর্শ প্ৰচাৰৰ বাবে প্ৰবাসী ভাৰতীয়সকলক অনুৰোধ জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক গান্ধীজী আৰু গুৰু নানকৰ জন্মবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰআহ্বান জনায়। বাপুৰ পছন্দৰ ‘বৈষ্ণৱজন’ ভজনটোক সমগ্ৰ বিশ্বই সাদৰে আদৰণি জনোৱাৰ বাবে আমিগৌৰৱবোধ কৰিছো বুলি প্ৰধানমন্ত্রীয়ে মত প্ৰকাশ কৰে।

প্ৰবাসী ভাৰতীয় দিৱস সফল কৰি তুলিবলৈ কাশীবাসীৰ উষ্ণ অভ্যর্থনা আৰু আতিথ্যৰ প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে কয় যে বিদ্যালয় পৰিষদসমূহৰ পৰীক্ষাৰ প্রাকমুহূৰ্ত তেওঁ অহা ২৯জানুৱাৰী পুৱা ১১বজাত ‘পৰীক্ষাপে চর্চা’ অনুষ্ঠানত ‘নমো’ এপৰ জৰিয়তে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰিব।

চলিত বৰ্ষৰ প্ৰবাসী ভাৰতীয় দিৱসৰ প্ৰধান অতিথি হৈছে মৰিচাচৰ প্ৰধানমন্ত্রী প্ৰবীন্দ জগনাথ৷ প্ৰবাসী ভাৰতীয়ৰপিতৃপুৰুষসকলৰ মাতৃভূমিৰ সৈতে সম্পর্ক আৰু স্মৃতিৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী জগনাথে। হিন্দীআৰু ইংৰাজীত আগবঢ়োৱা তেওঁৰ ভাষণত শ্রী জগনাথে কয় যে এই ধৰণৰ সমাবেশে অভিন্ন ইতিহাস আৰুসংস্কৃতিৰ সৈতে যুক্ত পৰিয়ালৰ এক সদস্য হিচাপে প্ৰবাসী ভাৰতীয়ত্বক আৰু অধিক মজবুত কৰিব। তেওঁ কয় যে ভাৰত যদি অনন্য হয়, তবে ভাৰতীয়ত্ব সার্বজনীন। এক শিক্ষিত আৰু আত্মনির্ভৰশীল প্ৰবাসী মানুহৰসংগঠনে দেশ গঢ়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।.

ভোজপুৰী উচ্চাৰণৰ মাজতে সমবেত জনতাৰ মন জয় কৰি তেওঁ ঘোষণা কৰে যে মৰিচাচে প্ৰথম আন্তঃৰাষ্ট্ৰীয়ভোজপুৰী উৎসৱৰ আয়োজন কৰিব।

প্ৰধানমন্ত্রীয়ে কয় যে ‘ভাৰতক জানক’ শীর্ষক কুইজ প্ৰতিযোগিতাই বিজয়ীসকলৰ সংবর্ধিত কৰে। তৰুণপ্ৰজন্মৰ প্ৰবাসী ভাৰতীয়সকলৰ বাবে এই কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

কাইলৈ প্ৰবাসী ভাৰতীয় দিৱসৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্রী ৰাম নাথ কোবিন্দই মনোনীতপ্ৰবাসী ভাৰতীয়সকলক তেওঁলোকৰ অসাধাৰণ অৱদানেৰ বাবে পুৰস্কৃত কৰিব৷

প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ অন্তিমদিনা ২৪ জানুৱাৰীত ভ্ৰমণলৈ অহা প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিনিধি দলে প্ৰয়াগৰাজৰ চলি থকা কুম্ভমেলালৈ যাব৷ ইয়াৰ পাছতে তেওঁলোক ২৫ তাৰিখত দিল্লীত উপনীত হ’ব, তাৰ পাছৰ দিনা অৰ্থাৎ ২৬জানুৱাৰীত নতুন দিল্লীৰ ৰাজপথত প্ৰজাতন্ত্ৰ দিবসৰ শোভাযাত্রা প্ৰত্যক্ষ কৰিব।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India adds 1.26 million credit cards in July as spending rises; HDFC, SBI lead the way

Media Coverage

India adds 1.26 million credit cards in July as spending rises; HDFC, SBI lead the way
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Address Youth at Khelo India Dialogue on 27th August
August 26, 2026
Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform
Yuva Samvaad under Khelo India Dialogue to Focus on Five Key Themes: Sports, Olympic Aspirations, Youth Leadership, Viksit Bharat and Nasha Mukt Yuva

Prime Minister Shri Narendra Modi will address Khelo India Dialogue on 27th August at 11 AM via video conferencing. The programme aims to help the youth engage with India's sporting journey, share their aspirations, and contribute ideas for a stronger youth-led Viksit Bharat.

Organised by Mera Yuva Bharat (MY Bharat), as part of the National Sports Day 2026 celebrations, the programme will be conducted across the country with participation of youth at two colleges in every district across States and Union Territories. The programme is being held in line with the Prime Minister's vision of building a fit, disciplined and sporting nation while placing the aspirations of youth at the centre of the national development agenda.

The nationwide Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform. It will provide a direct channel for young people to engage with the country's sporting ambitions, while ensuring that their ideas and perspectives become part of the continuing conversation on India's youth and sports ecosystem.

The national programme will be followed by local interactions involving young participants, MY Bharat volunteers, local sportspersons and public representatives. A major feature of the initiative will be direct interaction between youth having interest in sports and leading Indian athletes and medal winners. A central feature of the programme will be Yuva Samvaad where Young participants will be invited to articulate their own ideas, perspectives and aspirations. The dialogue will be structured around five themes:

  • improving India's sports ecosystem through better facilities, coaching, sports science and inclusive participation;
  • nurturing talent for the 2036 Olympics via scientific talent identification, transparent selection and long-term athlete development;
  • creating youth leaders through governance platforms and MY Bharat-led volunteering;
  • empowering youth for Viksit Bharat by building civic mindedness, future-ready skills and structured volunteering;
  • promoting a Nasha Mukt Yuva movement that leverages sport and peer networks to fight substance abuse, reinforced by weekly Jan Bhagidari activities under PM's 100-week nationwide campaign launched on 2 August 2026.