তেওঁ লগতে গুজৰাটৰ ৰেলৱে খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে
এমজি ৰামচন্দ্ৰনৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
কেৱাডিয়া বিশ্বৰ সৰ্ববৃহৎ পৰ্যটনস্থলী হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী
লক্ষ্যকেন্দ্ৰিক প্ৰচেষ্টাৰে ৰূপান্তৰিত হৈছে ভাৰতীয় ৰেলৱে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা গুজৰাটৰ কেৱাডিয়াক সংযুক্ত কৰা ৮খন ৰেলগাড়ীৰ ফ্লেগ অফ কৰে। এই ৰেলগাড়ীসমূহে ষ্টেচু অৱ ইউনিটীলৈ সুচল যাতায়ত ব্যৱস্থা নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে গুজৰাটৰ ৰেলৱে খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে কয় যে হয়তো ৰেলৱেৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা একেটা গন্তব্যস্থানক সংযুক্ত কৰা ৰেলগাড়ীৰ ফ্লেগ অফৰ এয়া প্ৰথমটো পৰিঘটনা। এয়া সম্ভৱ হৈছে ষ্টেচু অৱ ইউনিটী আৰু ছৰ্দাৰ সৰোৱৰৰ গৃহস্থান হিচাপে কেৱাডিয়াৰ গুৰুত্বৰ বাবে। আজিৰ অনুষ্ঠানে ৰেলৱেৰ দূৰদৃষ্টি আৰু ছৰ্দাৰ পেটেলৰ মিছনক প্ৰতিফলিত কৰে।

কেৱাডিয়াক সংযুক্ত কৰিবলগীয়া এখন ৰেলগাড়ী পুৰুচী থালিয়াইভাৰ ড০ এমজি ৰামচন্দ্ৰন চেণ্ট্ৰেল ৰেলৱে ষ্টেচনৰ পৰা আহিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন এমজিআৰক তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই নতুন ৰেল সংযোগে কেৱাডিয়া উন্নয়ন ক্ষেত্ৰলৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব। ই পৰ্যটকৰ লগতে স্থানীয় আদিৱাসীসকলক উপকৃত কৰিব আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱাডিয়া এতিয়া এটা ভিতৰুৱা অঞ্চলৰ সৰু গাঁও নহয়, ই বিশ্বৰ সৰ্ববৃহৎ পৰ্যটনস্থলী হৈ উঠিছে। ষ্টেচু অৱ ইউনিটীয়ে ষ্টেচু অৱ লিবাৰ্টীতকৈও অধিক পৰ্যটকক আকৰ্ষিত কৰিছে। দেশবাসীৰ বাবে মুকলি কৰি দিয়াৰ পিছৰে পৰা গুজৰাটৰ ষ্টেচু অৱ ইউনিটী দৰ্শন কৰিবলৈ ৫০লাখৰো অধিক পৰ্যটক আহিছে। যোগাযোগ ব্যৱস্থা উন্নত হৈ উঠাৰ ফলত ইয়ালৈ দৈনিক এক লাখ দৰ্শনাৰ্থী আহিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ ফলত আদিৱাসী যুৱ-যুৱতীসকলে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে আৰু স্থানীয় লোকসকলে আধুনিক সা-সুবিধা লাভ কৰিছ। একতা মেলাত স্থানীয় হস্তশিল্প সামগ্ৰীৰ বাবে নতুন সুযোগ সৃষ্টি কৰা হৈছে। আদিৱাসী গাঁৱত পৰ্যটকৰ থকাৰ সুব্যৱস্থাৰে ২০০ কোঠা নিৰ্মাণ কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কেৱাডিয়া ষ্টেচনটো বৰ্ধিত পৰ্যটনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। ইয়াত জনজাতীয় আৰ্ট গেলেৰী আৰু ভিউয়িং গেলেৰী ৰখা হৈছে, য’ৰ পৰা ষ্টেচু অৱ ইউনিটীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে দেশৰ অসংযুক্ত অংশসমূহক ৰেল যাতায়তেৰে সংযুক্ত কৰাৰ কাম অব্যাহত আছে। ব্ৰড গজ আৰু ৰেলৱে লাইনৰ বৈদ্যুতিকৰণৰ কামে নতুন গতি লাভ কৰিছে। এই ৰেল লাইনসমূহক হাই-স্পীড ৰেলগাড়ী চলাব পৰাকৈ সক্ষম কৰি তোলা হ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride