PM Modi, PM Hasina of Bangladesh jointly inaugurate two railway projects and a power link
Railway projects between India and Bangladesh to boost trade and connectivity
India to supply an additional 500MW power to Bangladesh, through the existing Bheramara-Baharampur interconnection
Enhanced cooperation between India and Bangladesh augurs well for our peoples as well as progress of both countries: PM Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনাৰ্জী আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱে আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে বাংলাদেশত তিনিটা প্রকল্পৰ শুভাৰম্ভ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্রীমতী সুষমা স্বৰাজ আৰু বাংলাদেশৰ বৈদেশিক মন্ত্রীয়ে ক্ৰমে নতুন দিল্লী আৰু ঢাকাৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে প্রকল্পসমূহৰ শুভাৰম্ভণী অনুষ্ঠানত যোগ দিয়ে।

সেইবোৰৰ ভিতৰত–(ক) বাংলাদেশৰ ভিৰামাৰা আৰু ভাৰতৰ বহৰমপুৰৰ মাজত বর্তমান সংযুক্ত বিদ্যুৎ লাইনৰ জৰিয়তে বাংলাদেশক অতিৰিক্ত ৫০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা। (খ) আখাউৰা-আগৰতলাৰ মাজত ৰে’ল সংযোগ আৰু (গ) বাংলাদেশ ৰে’লৰ কুলাউৰা-ছাহবাজপুৰ শাখাৰ পুনৰ স্থাপন উল্লেখযোগ্য।

এই উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে ইয়াৰ পূৰ্বে কাঠমাণ্ডুত বিমষ্টেক সন্মিলন, শান্তি নিকেতন আৰু লণ্ডনত আয়োজিত কমনৱেল্‌থ সন্মিলনত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা স্মৰণ কৰে।

প্রতিবেশী দেশসমূহৰ সৈতে প্রতিবেশীসুলভ সম্পর্কৰ কথা দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে প্রচলিত প্র’ট’কলৰ পৰা ওলাই আহি নেতৃবৃন্দৰ সৈতে আলোচনা আৰু কম সময়ৰ ব্যৱধানত ইখন-সিখন দেশে ভ্ৰমণ অব্যাহত ৰাখিব লাগিব। তেওঁ কয় যে প্রতিবেশী দেশসমূহৰ সৈতে ঘনিষ্ঠতা তেওঁৰ আৰু বাংলাদেশৰ প্রধানমন্ত্রীৰ মাজত কম সময়ৰ ব্যৱধানত হোৱা আলোচনা তথা সাক্ষাতৰে প্রতিফলন ঘটিছে।

দুয়ো দেশৰ মাজত ১৯৬৫ৰ পূৰ্বে যি ধৰণৰ যোগাযোগ ব্যৱস্থা আছিল, সেয়া পুনৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত বিগত কেইবছৰমানৰ অগ্রগতিক লৈ সন্তোষ প্রকাশ কৰে। তেওঁ লগতে কয় যে আজি আমি বিদ্যুৎ সৰবৰাহ বৃদ্ধি তথা ৰে’ল যোগাযোগ সম্প্ৰসাৰণৰ দুটা প্রকল্পও আৰম্ভ কৰিছো। ২০১৫ চনত তেওঁৰ বাংলাদেশ ভ্ৰমণৰ কথা সুঁৱৰি প্রধানমন্ত্রী মোদীয়ে কয় যে তেতিয়াই বাংলাদেশক অতিৰিক্ত ৫০০ মেগাৱাট বিদ্যুৎ সৰবৰাহ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পশ্চিমবংগ আৰু বাংলাদেশৰ মাজত বিদ্যুৎ সংযোগ ব্যৱস্থাক ব্যৱহাৰ কৰি সৰবৰাহৰ কাম কৰা হৈছে। বিদ্যুৎ সৰবৰাহৰ কাম সুস্থভাৱে সম্পন্ন হোৱাৰ বাবে তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ ভূমিকাকো প্রশংসা কৰে। তেওঁ লগতে কয় যে এই প্রকল্পৰ কাম শেষ হোৱাৰ ফলত ভাৰতৰ পৰা বাংলাদেশলৈ ১.১৬ জিগাৱাট বিদ্যুৎ সৰবৰাহ কৰা হৈছে। বিদ্যুৎ সৰবৰাহ মেগাৱাটৰ পৰা জিগাৱাটলৈ নিয়াৰ এই যাত্রাক ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পর্কৰ মাজত এক সোনালী যুগৰ প্রতীক বুলি প্ৰধানমন্ত্ৰী আখ্যা দিয়ে।

প্রধানমন্ত্রীয়ে লগতে কয় যে আখাউৰা-আগৰতলা ৰে’ল সংযোগে দুয়ো দেশৰ মাজত সীমান্তৰ যোগাযোগৰ ক্ষেত্রত আন এক যোগসূত্র স্থাপন কৰিব। সুস্থভাবে এই কাম সম্পন্ন কৰাৰ বাবে ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱৰ ভূমিকাৰো প্রশংসা কৰে প্রধানমন্ত্রীয়ে।

প্রধানমন্ত্রী মোদীয়ে ২০২১ চনত বাংলাদেশক মধ্যবিত্ত আয়ৰ দেশ হিচাপে আৰু ২০৪১ৰ ভিতৰত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ বাবে প্রধানমন্ত্রী শ্বেইখ হাছিনাক প্রশংসা কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে দুয়ো দেশৰ মাজত ঘনিষ্ঠ সম্পর্ক আৰু ইয়াৰ লোকসকলৰ মাজত যোগাযোগে দেশ দুখনৰ উন্নয়ন আৰু সমৃদ্ধিক এক নতুন উচ্চতাত উপনীত কৰিব।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IMF says India remains growth engine for world

Media Coverage

IMF says India remains growth engine for world
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”