We have agreed to strengthen our cooperation in areas of renewable energy, we welcome Saudi Arabia in the International Solar Alliance: Prime Minister Modi
The barbaric terrorist attack in Pulwama last week is anti-humanitarian: PM Modi
Destroying the infrastructure of terrorism and those supporting terror organisations is very important: Prime Minister

মাননীয় মহম্মদ বিন চলমান বিন আব্দুল আজিজ আন সৌদ,

সদেকী,
মৰহৱা বিকুম ফিল হিন্দ।

বন্ধুসকল,

প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ অহা মহামহিম সম্ৰাট আৰু তেওঁৰ সৈতে অহা অতিথি বৃন্দক এনেদৰে ভাৰতত স্বাগতম জনাবলৈ পাই মই নথৈ আনন্দিত হৈছো। ভাৰত আৰু ছৌদি আৰৱৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক সম্বন্ধ আজিৰ নহয়, বহু বছৰ পুৰণি আমাৰ এই সম্পৰ্ক। আৰু এই সম্পৰ্ক সদায়েই মৈত্ৰীভাৱাপন্ন আৰু সৌহাদ্যপূৰ্ণ হৈ আহিছে। দুয়োখন দেশৰে লোকসকলৰ মাজত থকা ঘনিষ্ঠতা আৰু নিবিড় সম্পৰ্কই আমাৰ দুয়োখন দেশৰ মাজতে এক জীৱন্ত সেঁতু হিচাপে কাম কৰি আছে। মহামহিম সম্ৰাটৰ ৰুচিবোধ আৰু মাৰ্গদৰ্শনেৰে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বেছি মধুৰ হৈছে আৰু শক্তিশালী হৈছে। আজি, ২১ শতিকাত ছৌদি আৰৱ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু মূল্যৱান কৌশলগত অংশীদাৰ। আমাৰ চুবুৰীয়া দেশসমূহৰ ভিতৰতো এক অতি সৌহাদ্যপূৰ্ণ সম্পৰ্ক দেশ হিচাপে পৰিগণিত হৈ আহিছে ছৌদি আৰৱ। ভাৰতৰ ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰতো এই দেশখনে পালন কৰি আহিছে অতি গুৰুত্বপূৰ্ণ ভুমিকা। ২০১৬ চনত মই ছৌদি আৰৱ ভ্ৰমণলৈ যাওঁতে, আমি আমাৰ দুয়োখন দেশৰে সম্পৰ্কৰ দিশবোৰক বিশেষ ৰূপ দিবলৈ সক্ষম হৈছিলো, বিশেষকৈ ইন্ধন শক্তি আৰু সুৰক্ষাৰ দিশেৰে। আপোনাৰ সৈতে আজিৰ পৰা দুমাহ পূৰ্বে আৰ্জেণ্টিনাত হোৱা সাক্ষাৎৰ ফলশ্ৰুতিতে সুৰক্ষা, ব্যৱসায় আৰু বিনিয়োগ ক্ষেত্ৰত আমাৰ strategic partnership ৰ বিভিন্ন দিশে বিস্তৃত ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। মই অতিকৈ আনন্দিত যে আপোনাৰ পৰামৰ্শৰ ৰূপৰেখাৰ অনুসৰিয়েই আমি দ্বিবাৰ্ষিক শিখৰ সন্মিলন আৰু ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিল গঠন কৰাৰ বাবে একমত হৈছিলো। ইয়াৰ দ্বাৰা আমাৰ সম্পৰ্কই আৰু অধিক প্ৰগাঢ় ৰূপ লাভ কৰিব।

বন্ধুসকল,
আজি আমি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো বিষয়ৰ ওপৰত ব্যাপক আৰু বিস্তৃত আলোচনা কৰিছো। আমি নিজ নিজ আৰ্থিক সহযোগক এক নতুন উচ্চতালৈ লৈ যোৱাৰ বিষয়ে সুনিশ্চিত কৰিছো। আমাৰ দেশৰ অৰ্থব্যৱস্থাত ছৌদি আৰৱৰ প্ৰতিষ্ঠানিক বিনিয়োগক সুবিধাজনক কৰি তুলিবলৈ আমি এক বিশেষ ভেটি স্থাপন কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছো। ভাৰতৰ আন্তঃগাঁথনিত ছৌদি আৰৱৰ বিনিয়োগ মই কামনা কৰিছো।

মাননীয়,

আপোনাৰ ভিজন ২০৩০ আৰু আপোনাৰ নেতৃত্বত হৈ থকা আৰ্থিক সংশোধন ভাৰতৰ আগশাৰীৰ কাৰ্যাৱলী যেনে মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ পৰিপূৰক। আমাৰ ইন্ধন শক্তি সম্পৰ্কক ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে। বিশ্বৰ আটাইতকৈ ডাঙৰ শোধনাগাৰ আৰু ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভত ছৌদি আৰৱৰ অংশীদাৰীত্বই আমাৰ ইন্ধন শক্তি সম্পৰ্কক কেৱল ক্ৰেতা-বিক্ৰেতা সম্পৰ্কৰ পৰা বহু আগুৱাই লৈ যায়। আমি অক্ষয় শক্তিৰ ক্ষেত্ৰতো নিজ নিজ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো সহমত পোষণ কৰিছো। আমি ইণ্টাৰনেশ্যনেল চ’লাৰ এলায়েন্স বা আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক স্বাগতম জনাইছো। পৰমাণু শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ, বিশেষকৈ ৱাটাৰ ডিছেলিনেশ্যন আৰু স্বাস্থ্যৰ বাবে আমাৰ সহযোগে এক নতুন দিশ প্ৰদৰ্শন কৰিব। বিশেষকৈ, নিজৰ ষ্ট্ৰেটেজিক পৰিৱেশ সন্দৰ্ভত, আমি পাৰস্পৰিক ৰক্ষা সহযোগক শক্তিশালী কৰা আৰু তাৰ বিস্তাৰ কৰাৰ ওপৰতো সফল আলোচনা কৰিছো। যোৱাবছৰ ছৌদি আৰৱত আয়োজিত জনাদ্ৰিয়াহ সমাৰোহত ভাৰত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল। আজি আমি আমাৰ সাংস্কৃতিক সম্পৰ্কক শক্তিশালী কৰি তোলাৰ লক্ষ্য হাতত লৈছো। ব্যৱসায় আৰু পৰ্যটন ক্ষেত্ৰক প্ৰসাৰতা প্ৰদান কৰিবৰ বাবে ছৌদি আৰৱৰ নাগৰিকসকলৰ বাবে ই-ভিছা প্ৰদানৰ ব্যৱস্থাও হাতত লোৱা হৈছে। ভাৰতীয় লোকসকলৰ বাবে হজৰ যি কোটা আছে, তাৰ সংখ্যা বৃদ্ধি কৰা বাবে মই His Majesty আৰু Royal Highness ৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। ছৌদি আৰৱত ২.৭ মিলিয়ন ভাৰতীয় লোক বসবাস কৰি আছে আৰু অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে বসবাস কৰি আছে, আৰু এয়া আমাৰ বাবে নিতান্তই গুৰুত্বপূৰ্ণ দিশ। ৰয়েল হাইনেছে ছৌদি আৰৱৰ প্ৰগতিত সেই ভাৰতীয় লোকসকলৰ অনবদ্য অৱদানকো স্বীকাৰ কৰিছে। আপুনি সদায়েই তেওঁলোকৰ হিত চিন্তা কৰি আহিছে। ইয়াৰ বাবেও আপোনাক কৃতজ্ঞতা জনাইছো আৰু সেই লোকসকলৰ শুভ ইচ্ছা আপোনাৰ লগত সদায়েই থাকিব।

বন্ধুসকল,

বিগত সপ্তাহটোত জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ সমগ্ৰ বিশ্বৰ বাবেই মানৱতা বিৰোধী আৰু ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ চিন। এই বিপদৰ পৰা প্ৰভাৱশালীভাৱে পৰিত্ৰাণ পাবৰ বাবে আমি এই একমত হৈছো যে সন্ত্ৰাসবাদক যিকোনো প্ৰকাৰে সমৰ্থন আগবঢ়াই থকা দেশবোৰৰ ওপৰত সম্ভৱপৰ সকলোধৰণৰেই চাঁপ প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা আছে, কেৱল প্ৰয়োজনীয়তাই নহয়, বৰঞ্চ তাৰ সময় সমাগত। সন্ত্ৰাসবাদৰ সমস্ত পৰিকাঠামো নষ্ট কৰি পেলোৱা, সমস্ত আন্তঃগাঁথনি ধ্বংস কৰা আৰু তাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীসকলক উচিত শাস্তি বিহাটো অত্যন্ত জৰুৰী হৈ পৰিছে। তাৰ লগতে উগ্ৰবাদৰ বিৰুদ্ধে সহযোগিতাৰে এক মজবুত কৰ্মপৰিকল্পনা যুগুত কৰা দৰকাৰ, যাতে হিংসা আৰু সন্ত্ৰাসবাদে আমাৰ যুৱ সমাজক পথভ্ৰষ্ট কৰিব নোৱাৰে। মই আনন্দিত যে ছৌদি আৰৱ আৰু ভাৰতে এই সংক্ৰান্তত ঐক্যমত পোষণ কৰে।

বন্ধুসকল,
পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰিবৰ বাবে আমাৰ দুয়োখন দেশেই ইচ্ছুক। আজি আমি কৰা বাৰ্তালাপত এই স্থানত আমাৰ কাৰ্যকলাপৰ ক্ষেত্ৰত সমন্বয় ৰখা আৰু কামবোৰ ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে সহমত পোষণ কৰিছো। সন্ত্ৰাসবাদ নিৰ্মূল, সামূদ্ৰিক সুৰক্ষা আৰু ছাইবাৰ সুৰক্ষাৰ দৰে ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা দুয়োখন দেশৰ বাবেই হিতজনক বিবেচিত হ’ব।

Your Royal Highness,

আপোনাৰ এই যাত্ৰাই আমাৰ সম্পৰ্কৰ ক্ষীপ্ৰ বিকাশক এক নতুন দিশ প্ৰদান কৰিলে। মই পুনৰ এবাৰ মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাৰতলৈ অহা বাবে ৰয়েল হাইনেছ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। মই তেওঁৰ লগতে তেওঁৰ সৈতে অহা অতিথি দলটোকো সুখেৰে ভাৰত ভ্ৰমণ কৰাৰ কামনা কৰিছো।

অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Russia’s Foreign Minister calls on Prime Minister Shri Narendra Modi
May 14, 2026
FM Lavrov briefs PM on the progress achieved in bilateral cooperation since the meeting of the two leaders in December 2025.
FM Lavrov and PM discuss regional and global issues of mutual interest, including the situation in Ukraine and West Asia.
PM reiterates India’s consistent stand in favour of dialogue and diplomacy.
PM conveys his warm greetings to President Putin.

The Foreign Minister of the Russian Federation, H.E. Mr. Sergei Lavrov, called on Prime Minister Shri Narendra Modi today.

Foreign Minister Lavrov briefed the Prime Minister on the progress achieved in bilateral cooperation since the meeting of the two leaders in December 2025 for the 23rd India-Russia Annual Summit.

Foreign Minister Lavrov and PM exchanged views on various regional and global issues of mutual interest, including the situation in Ukraine and West Asia.

Prime Minister reiterated India’s consistent stand in of dialogue and diplomacy as the best way forward.

Prime Minister requested Foreign Minister Lavrov to convey his warm greetings to President Putin.