PM Modi congratulates Commonwealth Games medal winners

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কমনৱেলথ গেমছত পদক জয়ী ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে।

ভাৰোত্তলকসকলক অভিনন্দন জনাই তেওঁ কয়, “ স্বর্ণপদক জয়ী ৰাগালা ভেংকট ৰাহুলক লৈ আমি গর্বিত। আমাৰ ভাৰোত্তোলকসকলৰ এই অনবদ্য সাফল্যই ভাৰোত্তোলন প্রতিযোগিতাত অংশগ্রহণৰ বাবে আৰু অধিক নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব বুলি মোৰ বিশ্বাস।

মহিলাৰ ৬৯ কিলোগ্রাম ভাৰোত্তোলনত স্বর্ণপদক জয়ী পুনম যাদবক ভাৰতে অভিনন্দন জনাইছে। ভাৰোত্তোলনৰ ক্ষেত্রত তেওঁৰ নিষ্ঠা সচাকৈয়ে প্রশংসনীয়”।

ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “২০১৮ৰ কমনৱেলথ গেমছত আমাৰ শ্বুটাৰসকলে এক সুকীয়া স্বাক্ষৰ বহন কৰিছে। মনু ভাকৰে তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি মহিলাৰ ১০ মিটা এয়াৰ পিষ্টল বিভাগত এটি স্বর্ণপদক জয় কৰিছে। তেওঁকো মই অভিনন্দন জনাইছো।

মহিলাদেৰ ১০মিটা এয়াৰ পিষ্টলত ৰূপদ পদক জয়ী হীনা সিদ্ধুৰ প্ৰদৰ্শনতো আমি অতিশয় আনন্দিত। মই তেওঁকো অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।

পুৰুষৰ ১০মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক দখল কৰিছে আমাৰ প্ৰতিশ্ৰুতিসম্পন্ন শ্বুটাৰ ৰবি কুমাৰে। তেওঁৰ এই সাফল্য প্রত্যেকগৰাকী ভাৰতীয়ই গৌৰৱবোধ কৰিছে। এই উদীয়মান শ্বুটাৰসকলে ক্রীড়াক্ষেত্রত এক অনবদ্য অৱদান আগবঢ়াইছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"Overwhelmed By The Warmth": PM Modi Receives Grand Welcome In Uzbekistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi