প্ৰধানমন্ত্ৰী মোডীয়ে পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘত এক উদাত্ত ভাষণ প্ৰদান কৰিলে, অৱশ্যে, এইবেলি তেওঁ যি দৃঢ়তাৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ অধিকাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰিলে সেয়া আক্ষৰিক অৰ্থতে অভুতপূৰ্ব আছিল। ভাৰতক গোলকীয় মঞ্চটোৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা কিমান দিনলৈ নিলগাই ৰখা হ’ব প্ৰধানমন্ত্ৰী মোডীয়ে তাৰ উত্তৰ বিচাৰিছিল। জে পি নাড্ডাই লিখিছে, “প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘত ইয়াৰ আগতেও দেশ-দুনীয়াৰ দৃষ্টি আকৰ্ষণ কৰাকৈ ভাষণ প্ৰদান কৰিছিল, কিন্তু এইবাৰ তেওঁ সেই মঞ্চত যি আত্মবিশ্বাসৰে ভাৰতৰ অধিকাৰৰ কথা ক’লে সেয়া নিতান্তই অভুতপূৰ্ব আছিল। তেওঁ ক’ৰোনাৰ এই সংকটকালত যি ধৰণে ৰাষ্ট্ৰসংঘৰ অকৰ্মণ্যতাক স্পষ্ট ভাষাৰে সমালোচনা কৰিলে, তেওঁ পৃথিৱীৰ বহু দেশৰ মুখৰ ভাষাক বল প্ৰদান কৰিলে। প্ৰকৃতাৰ্থতে এয়া ১৩০ কোটি ভাৰতীয়ৰ শক্তিশালী চিঞৰ হৈ প্ৰতিধ্বনিত হৈছিল। নিজৰ ভাষণত তেওঁ কৈছিল যিটো সংগঠন গঢ়ি তোলাৰ বাবে, সংগঠনটোৰ উদ্দেশ্যক কাৰ্যক্ষম কৰি তোলাৰ বাবে ভাৰতে প্ৰতিটো পদক্ষেপত নিজৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে, সেইখন দেশক ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা কিমান দিনলৈ নিলগাই ৰাখিব পৰা যাব? মই ভাবো আজি পৰ্যন্ত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ইমান শক্তিশালী কণ্ঠেৰে বিশ্বৰ আগত নিজৰ বক্তব্য ৰাখিব পৰা নাছিল”।
মোডীয়ে কৈছিল-৭৫ বছৰৰ আগতে পৃথিৱীৰ পৰিৱেশ সঁচাকৈয়ে পৃথক আছিল, তেতিয়াৰ সমীকৰণ বেলেগ আছিল
প্ৰধানমন্ত্ৰী মোডীয়ে উচিত কথাই কৈছিল যে “৭৫ বছৰৰ আগতে যেতিয়া ৰাষ্ট্ৰসংঘৰ নিৰ্মাণ কৰা হৈছিল সেই সময়ত পৃথিৱীৰ পৰিস্থিতি নিতান্তই পৃথক আছিল, সেই সময়ৰ সমীকৰণ পৃথক আছিল, তেতিয়াৰ দাবী ভিন্ন আছিল আৰু সেইসময়ৰ প্ৰয়োজনায়তাৰো ভিন্নতা আছিল। পৃথিৱীয়ে দ্বিতীয় মহাযুদ্ধৰ বিভিষিকাৰ পৰা মুক্ত হোৱাৰ প্ৰয়াস চলাইছিল, নাগাচাকি আৰু হিৰোচিমাৰ পৰমাণু বোমাৰ আক্ৰমণে কেৱল জাপানকে নহয় বৰং সমগ্ৰ পৃথিৱীকে ভীত-সন্ত্ৰস্ত কৰি তুলিছিল। যুদ্ধৰ বাবেই সমগ্ৰ পৃথিৱীৰ অৰ্থব্যৱস্থা ধ্বংস হৈ গৈছিল। পৃথিৱীৰ মানচিত্ৰৰ পৰা ঔপনিৱেশবাদ নিঃশেষ হ’বলৈ ধৰিছিল। ভাৰতে নিজৰ স্বাধীনতাৰ চূড়ান্ত পৰ্যায়ত স্থিতি লৈ আছিল। তেনে এক সময়ত ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তা একেবাৰ সীমিত আছিল। তেতিয়াৰ পৰা এতিয়ালৈকে পৃথিৱীৰ বহু পৰিমাণে পৰিৱৰ্তন হ’ল। বিগত ৭৫ বছৰত আমি শীতল যুদ্ধৰ দ্বিতীয়টো পৰ্যায়ো প্ৰত্যক্ষ কৰিছিলো আৰু তাৰ অৱসানো। ভাৰত আৰু চীনৰ দৰে দেশৰ উথ্থানো প্ৰত্যক্ষ কৰিছো। ছোভিয়েট সংঘৰ বিভাজন আৰু জাৰ্মানীৰ একত্ৰিকৰণকো দেখিলো। অনেক পৰাধীন দেশক স্বাধীন হোৱা দেখিছো। এইছোৱা সময়ত বহুদেশে গৃহযুদ্ধৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুকেইখন দেশৰ মাজত সৰু-বৰ যুদ্ধও হৈছে”।
ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত স্বাক্ষৰদান কৰা দেশৰ সংখ্যা কেৱল ৫০খন আছিল, আজি সংখ্যা বাঢ়ি গৈ হৈছেহি ১৯৩খন
১৯৪৫ত যেতিয়া ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল, তেতিয়া ইয়াৰ চনদত স্বাক্ষৰ দান কৰিছিল কেৱল ৫০খন দেশে। আজি ইয়াৰ সংখ্যা ১৯৩ খনলৈ বৃদ্ধি পালে, পিচে ইয়াৰ গঠন প্ৰক্ৰিয়াৰ কোনো পৰিৱৰ্তন নহ’ল। নিৰাপত্তা পৰিষদৰ ‘ভেটো’ ক্ষমতা সম্পন্ন পাঁচখন দেশ আজিও একে স্থানতে আছে। প্ৰধানমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে ক’লে যে যোৱা সাতোটামাহে সমগ্ৰ পৃথিৱীয়েই ক’ৰোনাৰ বিভিষিকাৰে যুঁজি আছে, কিন্তু ৰাষ্ট্ৰসংঘ উদাসীন হৈ আছে। ইয়াৰ এক আনিষংগিক সংগঠন ‘বিশ্ব স্বাস্থ্য সংস্থা’ই কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। আজি সংগঠনটোৱে বিশ্বাসৰ সংকটৰ মাজেৰে কালাতিবাহিত কৰিবলগীয়া হৈছে। দীৰ্ঘ দিন ধৰি সংস্থাটোৰ সংস্কাৰৰ বাবে অপেক্ষা কৰি অহা হৈছে। সেই কাৰণেই প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে ‘অন্ততঃ ৭৫বছৰীয়া ৰাষ্ট্ৰসংঘক এনেকৈ পুনৰ্গঠন কৰা হওক যে পৃথিৱী সন্তুলিত হ’ব পাৰে আৰু সংগঠনসমূহো শক্তিশালী হৈ উঠিব পাৰে’।
প্ৰধানমন্ত্ৰীয়ে কৈছিল : আমি বসুধৈৱ কুটুম্বকমক বিশ্বাস কৰো
ভাৰতৰ পক্ষত দৃঢ়তাৰে যুক্তি দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আমি বসুধৈৱ কুটুম্বকম’ক বিশ্বাস কৰো।, যিটো ৰাষ্ট্ৰসংঘৰ লক্ষ্যৰ পৰা সামান্যতমো পৃথক নহয়। আমি জন-কল্যাণৰ দ্বাৰা জগত-কল্যাণ সাধন কৰিব খোজো। ভাৰত পথিৱীৰ শান্তি, নিৰাপত্তা আৰু প্ৰগতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ লগতে ভাৰতে মানৱতাৰ শত্ৰুবোৰক নিঃশেষ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সহযোগীও হ’ব বিচাৰে। এখন প্ৰতিস্থাপক দেশ হিচাপে ভাৰতে ৰাষ্ট্ৰসংঘৰ ওপৰত অগাধ বিশ্বাস কৰি আহিছে। পৃথিৱীৰ কুশলসাধন কৰাৰ বাবে যেতিয়াই প্ৰয়োজন হৈছে ভাৰতে আগবাঢ়ি সহযোগিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ আহ্বানক সঁহাৰি জনাই ভাৰতে অন্ততঃ ৫০বাৰ নিজৰ ‘শান্তিসেনা’ক পৃথিৱীৰ বেলেগ বেলেগ প্ৰান্তলৈ প্ৰেৰণ কৰি আহিছে। পৃথিৱীত ভাৰতীয় বীৰসকলে সকলোতকৈ অধিক বলিদান দিছে”।
মোডীয়ে দেশৰ সমৃদ্ধিৰ বাবে ‘সংস্কাৰ, পাৰদৰ্শিতা প্ৰদৰ্শন আৰু ৰূপান্তৰণ’ৰ আহ্বান জনায়
ভাৰতে বিগত ছটা বছৰত যেনেকৈ বিশ্বত নিজৰ স্থান নিশ্চিত কৰিছে আৰু নিজৰ জনতাৰ হিত সাধন কৰাৰ বাবে অনেক জন-কল্যাণমূলক যোজনাৰ ৰূপায়ণ কৰিছে তাৰো সম্ভেদ প্ৰধানমন্ত্ৰীয়ে জগতৰ সন্মুখত দাঙি ধৰিছে। দেশৰ প্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে সংস্কাৰ, পাৰদৰ্শিতাৰ প্ৰদৰ্শন আৰু ৰূপান্তৰণৰ আহ্বান জনায়। ইয়াৰ অৰ্থ হ’ল- প্ৰথমে শুধৰণিৰ পৰিকল্পনা, তাৰ পিচত সেইবোৰৰ ৰূপায়ণ আৰু ইয়াৰ জৰিয়তে ৰূপান্তৰ সাধন কৰা। ভাৰতে পাঁচটা বছৰত ৪০ কোটি দুখীয়া জনতাক বেংকিং ব্যৱস্থাৰে জড়িত কৰিছে। ৬০কোটি লোকক মুকলি শৌচ কৰাৰ দৰে অভিশাপৰ পৰা মুক্ত কৰিছে, ১৫ কোটি ঘৰলৈ পানীৰ যোগান আৰু ছইলাখ গাঁৱক ব্ৰডবেণ্ড সেৱাৰে সংযুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। স্বচ্ছতাৰ বাবে দেশে জুৰি অভিযান চলাইছে। আজি দেশ যক্ষ্মাৰ পৰা প্ৰায় মুক্ত হোৱাৰ দিশে আগবাঢ়িছে। কোটি কোটি জনতাই বিনামূলীয়া চিকিত্সা সেৱাৰ লাভ গ্ৰহণ কৰি আছে। দুখীয়া ৰাইজক সস্তা দামত ঔষধ উপলব্ধ কৰাই থকা হৈছে। এইবোৰ এনেয়ে হৈ থকা নাই।
অস্থায়ী পদৰ বাবে নিৰ্বাচিত হোৱাৰ সময়ত ১৯০খন দেশৰ ১৮৭খনেই ভাৰতৰ সপক্ষে ভোট দান কৰিছিল
‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপ্নৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ দ্বাৰা পৃথিৱীৰো লাভ হ’ব। ভাৰতৰ উন্নয়ণ মানে পৃথিৱীৰো উন্নয়ণ। সেয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ উন্নতিৰ বাবে আগবঢ়োৱা যোগদানৰ বিনিময়ত সংস্থাটোৰ ব্যৱস্থাপনাত নিজৰ ভূমিকা পালনৰ অধিকাৰ বিচাৰি আছে। ২০২১চনৰ পৰা ভাৰত ‘নিৰাপত্তা পৰিষদ’ৰ অস্থায়ী সদস্য হ’ব। এই পৰ্যন্ত ভাৰতে আঠবাৰ অস্থায়ী সদস্যৰ ভূমিকা পালনৰ সুযোগ লাভ কৰিছে। অস্থায়ী সদস্য পদৰ বাবে হোৱা নিৰ্বাচনত ১৯০ খন দেশৰ ১৮৭ খনেই ভাৰতৰ পক্ষত ভোট দান কৰা কথাৰ পৰাই পৃথিৱীত ভাৰত জনপ্ৰিয়তা কিমান তাৰ হিচাপ ল’ব পাৰি।
ভাৰতে ৰাষ্ট্ৰসংঘৰ সমৃদ্ধি আৰু বিকাশ আঁচনিসমূহৰ ৰূপায়ণ দেশতো কৰি আহিছে
ৰাষ্ট্ৰসংঘৰ যোজনাসমূহক যিমান দ্ৰুত ভাবে ভাৰতে ৰূপায়ণৰ দিহা কৰিছে, সিমান চাগৈ আন কোনেও কৰিব পৰা নাই। ভাৰত পৃথিৱীৰ পৰমাণৱিক অস্ত্ৰশক্তিসম্পন্ন দেশৰ অন্যতম। ইয়াৰ লগতে পৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ নকৰাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ। পৃথিৱীৰ সৰ্ববৃহত গণতন্ত্ৰ হিচাপে আজি পৃথিৱীৰ সকলো শক্তিধৰ আৰ্থিক সংগঠনসমূহৰো ই সক্ৰিয় সদস্য। পৃথিৱীৰ ১৮% জন সংখ্যাই ভাৰতত বাস কৰে।
‘জি-৪’ সহ বহুকেইটা শক্তিধৰ সংস্থায়ো ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ দাবী তুলি আহিছে
ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য দেশৰ সৰহ সংখ্যকেই ইউৰোপৰ, অথচ এইসমূহ দেশৰ মুঠ জনসংখ্যাৰ পৰিমান পৃথিৱীৰ মাত্ৰ পাঁচ শতাংশহে। আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে দ্বীপসমূহৰ কোনো প্ৰতিনিধিত্ব ইয়াত নাই। সেইকাৰণেই ‘জি-৪’ সহ বহু সংখ্যক শক্তিধৰ সংস্থাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ দাবী উথ্থাপন কৰি আহিছে।
প্ৰধানমন্ত্ৰী মোডীয়ে যিধৰণে ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য ৰাখিলে তালৈ বহুসংখ্যক দেশে সমৰ্থন জনায়
প্ৰধানমন্ত্ৰীয়ে যেনেকৈ ৰাষ্ট্ৰসংঘত বক্তব্য প্ৰদান কৰিলে তালৈ বহু সংখ্যক দেশে সমৰ্থন আগবঢ়ায়। আমেৰিকা আৰু ইউৰোপৰ দেশে আজি ভাৰতৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ পৃথিৱীকে সংকটাপন্ন কৰাৰ মুহূৰ্তত ৰাষ্ট্ৰসংঘৰ সংস্কাৰ নিশ্চত অৰ্থতে হোৱা উচিত।