প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোডীয়ে আজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, চেন্নাইত ‘৩৬ আৱাৰ ছিংগাপোৰ ইণ্ডিয়া হেকাথন’-ৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। ছিংগাপোৰ চৰকাৰ, ভাৰত চৰকাৰ, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, চেন্নাই আৰু ছিংগাপোৰৰ নান্যায়াং কাৰিকৰী বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা হেকাথনখনৰ এয়া দ্বিতীয় সন্মিলন আছিল।

 নান্যায়াং কাৰিকৰী বিশ্ববিদ্যালয়ৰ এক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে দিয়া এক প্ৰস্তাৱৰ আঁত ধৰিয়েই ২০১৮চনত হেকাথনখনৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল।  হেকাথনখনৰ দ্বিতীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি আজি প্ৰধানমন্ত্ৰী মোডীয়ে সমবেত সভাসদ, বৌদ্ধিক মহলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধী দিয়া ভাষণত হেকাথনৰ বঁটা-প্ৰাপকসকলক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, বন্ধুসকল, হেকাথনত বিজয় সাব্যস্ত কৰাৰ বাবে মই আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছো।

ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিৰ লগতে আমাৰ ছাত্ৰ বন্ধুসকলকো বিশেষ ভাবে অভিনন্দন জনাইছো। কোনো প্ৰতিযোগিতাত বিজয়ী হোৱাতকৈও প্ৰত্যাহ্বানৰে মোকাবিলা কৰি ইয়াৰ বিপৰীতে কামত অহা সমাধান সূত্ৰ আৱিষ্কাৰ কৰাৰ বাবে আপোনালোকে প্ৰদৰ্শন কৰা আগ্ৰহ, আপোনালোকৰ উত্সাহ, আপোনালোকৰ কৰ্মোদ্যমহে অধিক গুৰুত্বপূৰ্ণ কথা। প্ৰসংগক্ৰমে তেওঁ ভাৰতক ষ্টাৰ্ট আপৰ বাবে অনুকূল বাতাবৰণ থকা পৃথিৱীৰ শীৰ্ষৰ তিনিখন ৰাষ্ট্ৰৰ অন্যতম দেশ বুলি অভিহিত কৰি কয় যে, যোৱা পাঁচোটা বছৰত ভাৰতে উদ্ভাৱন আৰু ইয়াৰ প্ৰতিপালনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

‘অটল উদ্ভাৱন অভিযান’, প্ৰ’ধানমন্ত্ৰী গৱেষণা ফেলশ্বিপ’, ‘ষ্টাৰ্ট আপ ইণ্ডিয়া অভিযান’ৰ দৰে কাৰ্যক্ৰমসমূহক ২১ শতিকাৰ ভাৰতৰ বুনিয়াদ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘আজিৰ ভাৰতে উদ্ভাৱনৰ এক সংস্কৃতি গঢ়িব বিচাৰিছে। শেহতীয়া ভাবে আমি ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক ‘মেশ্বিন লাৰ্ণিং’, ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’, ‘ব্লকচেইন’ৰ দৰে আধুনিক প্ৰযুক্তি সন্দৰ্ভত সম্যক জ্ঞান দিয়াৰ বাবে প্ৰয়াস কৰি আছো।’ ইফালে, ভাৰতত বিদ্যালয় পৰ্যায়ৰ পৰা উচ্চতৰ শ্ৰেণীলৈকে গৱেষণাৰ এক বাতাবৰণ এনেকৈ সৃষ্টি কৰা হৈছে যিয়ে উদ্ভাৱনৰ এক মাধ্যমৰ ৰূপধাৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

ভাৰতে সন্মুখীন হোৱা সমস্যাৱলীৰ সহজ সমাধান বিচাৰি উলিওৱাৰ বাবে ছাত্ৰসমাজক আহ্বান জনাই তেওঁ ভাৰতে আৱিষ্কাৰ কৰা সমাধানসূত্ৰই সমগ্ৰ পৃথিৱীকে, বিশেষকৈ দুখীয়াৰো দুখীয়া ৰাষ্ট্ৰসমূহক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, ‘আমি উদ্ভাৱন আৰু ইয়াৰ প্ৰতিপালনক উত্সাহিত কৰাৰ দুটা বিশেষ কাৰণ আছে, সেয়া হৈছে—আমি ভাৰতৰ সমস্যাৱলীৰ সহজ সমাধান উলিয়াই সৰ্বসাধাৰণ ৰাইজৰ জীৱন-যাত্ৰা সহজ কৰিব বিচাৰিছো। আনহাতে, আমি সমগ্ৰ পৃথিৱীৰ বাবেও সমাধান সূত্ৰৰ সন্ধান কৰিব খুজিছো। গোলকীয় ব্যৱহাৰৰ বাবে ভাৰতীয় সমান সূত্ৰ হ’ল পৃথিৱীলৈ আমাৰ প্ৰতিশ্ৰুতি। আমি দৰিদ্ৰ দেশসমূহক উপকৃত কৰিব পৰা, পৃথিৱীৰ যিকোনো স্থানত বসবাস কৰা দুখীয়াৰো দুখীয়াসকলক সকাহ দিব পৰা কম খৰচী কিন্তু প্ৰভাৱশালী সমাধানৰ অনুসন্ধান আৰম্ভ কৰিছো।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026

Media Coverage

PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the qualities of an ideal and truly excellent individual
July 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of an ideal and truly excellent individual in fulfilling personal, social, and national duties.

The Prime Minister wrote on X;


"परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम्।

सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः ।। "

The person who devotes themselves wholeheartedly to the tasks of others, completes their own personal duties with speed and efficiency, carries out tasks for friends selflessly, and demonstrates their full valor and courage in fulfilling national duties, only such a person is truly excellent.