ভাৰতৰ সমাজ জীৱনত নিয়মানুৱৰ্তিতা ধাৰণা সঞ্চাৰিত কৰাত এনচিচিয়ে ডাঙৰ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্রতিৰক্ষা সৰঞ্জামৰ বজাৰৰ পৰিৱর্তে বৃহৎ উৎপাদক হিচাপে আত্মপ্রকাশ কৰিবঃ প্রধানমন্ত্রী
সেনাবাহিনী, বিমান বাহিনী আৰু নৌবাহিনী, সীমান্ত আৰু উপকূলৱর্তী এলেকাত প্রয়োজনীয় ভূমিকা পালনৰ বাবে ১ লাখ কেডেটক প্রশিক্ষণ দিয়া হৈছে, য’ৰ এক তৃতীয়াংশই মহিলাঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা গ্রাউণ্ডত নেচনেল কেডেট কৰ্পছৰ (এনচিচি)ৰেলীত ভাষণ আগবঢ়ায়৷ প্রতিৰক্ষা মন্ত্রী, চীফ অফ ডিফেন্স ষ্টাফ, তিনিওটা সেনা বাহিনীৰ মুৰব্বী অনুষ্ঠানত উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কেডেটসকলৰ অভিবাদন গ্রহণ কৰে৷ তেওঁ এনচিচি কেডেটসকলৰ মার্চ পাষ্ট প্রত্যক্ষ কৰে৷ অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

প্রধানমন্ত্রীয়ে এই উপলক্ষে কয় যে যিবোৰ ৰাষ্ট্রৰ সামাজিক জীৱনত যথেষ্ট নিয়মানুৱৰ্তিতা আছে, সেই দেশসমূহে সকলো ক্ষেত্রতে উন্নতি সাধন কৰে৷ তেওঁ লগতে কয় যে ভাৰতৰ সামাজিক জীৱনত নিয়মানুৱৰ্তিতা সঞ্চাৰিত কৰাত এনচিচিৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ সর্ববৃহৎ সুশৃংখলিত যুৱ সংগঠন এনচিচিৰ গুৰুত্ব সদায়েই বৃদ্ধি পাইছে৷ সংবিধানৰ বিষয়ত সজাগতা বৃদ্ধি, ভাৰতীয় সংস্কৃতিৰ শৌর্য্য আৰু সেৱাৰ প্রচাৰ ইত্যাদি ক্ষেত্রত এনচিচি কেডেটসকলৰ অৰিহণা আছে। একেদৰে পৰিৱেশ বা পানী সংৰক্ষণৰ ক্ষেত্রতো তেওঁলোকে অংশ লৈ আহিছে৷ প্রধানমন্ত্রীয়ে ক’ৰোনাৰ দৰে মহামাৰীৰ সময়ত এনচিচি কেডেটসকলৰ ভূমিকাৰ প্রশংসা কৰে৷

প্রধানমন্ত্রীয়ে কয় যে আমাৰ সংবিধানে যি কর্তব্য পালনৰ দায়িত্ব নাগৰিকসকলক দিছে, সেইবোৰ সকলোৱে মানি চলিব লাগিব৷ সাধাৰণ নাগৰিক আৰু সভ্য সমাজে এইবোৰ যেতিয়া মানি চলে, তেতিয়া বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো সফলতা আহে৷ প্ৰধানমন্ত্ৰীয়ে কয় যি আমাৰ দেশৰ বৃহৎ অংশত নক্সাল আৰু মাওবাদী সমস্যাৰ মোকাবিলাত নাগৰিকসকলৰ কর্তব্যবোধ আৰু নিৰাপত্তা বাহিনীৰ সাহসে সহায় কৰিছে। এতিয়া দেশৰ কেৱল কেইটামান স্থানতহে মাওবাদী সমস্যা আছে। বহু যুৱক-যুৱতীয়ে হিংসাৰ পথ এৰি উন্নয়নৰ মূল সুঁতিলৈ ঘুৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাৰ সময়ত বিভিন্ন সমস্যা দেখা দিছে। কিন্তু দেশৰ মানুহৰ অভূতপূর্ব কামৰ বাবে সেইবোৰ সমস্যা সুযোগত পৰিণত হৈছে, যাৰ ফলত দেশৰ দক্ষতা বৃদ্ধি পাইছে আৰু আত্মনির্ভৰতাৰ বাবে সাধাৰণৰ পৰা শ্রেষ্ঠ হৈ উঠাৰ ক্ষেত্রত সুবিধা হ’ব৷ যুৱ সম্প্রদায় এই ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

প্রধানমন্ত্রীয়ে তেওঁৰ ১৫ আগষ্টৰ ভাষণৰ কথা দোঁহাৰি সেই দিনা তেওঁ সীমান্তৱর্তী আৰু উপকূলীয় অঞ্চলত এনচিচিৰ প্রসাৰ ঘটোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে৷ বর্তমানত স্থল সেনা বাহিনী, বায়ু সেনা বাহিনী আৰু নৌ-বাহিনীত ১ লাখ কেডেট প্রশিক্ষণ লৈছে, যিসকলৰ ভিতৰত এক তৃতীয়াংশই মহিলা। এনচিচিৰ প্রশিক্ষণৰ আন্তঃগাঁথনি বৃদ্ধি হৈছে। আগতে আগ্নেয়াস্ত্র ব্যৱহাৰ প্রশিক্ষণৰ মাত্র এটা কেন্দ্র আছিল, বর্তমান সেয়া ৯৮টালৈ বৃদ্ধি হৈছে। আকাশীপথত প্রশিক্ষণৰ কেন্দ্র ৫ৰ পৰা বৃদ্ধি পাই ৪৪টা আৰু জলপথৰ প্রশিক্ষণেৰ কেন্দ্র ১১টা বৃদ্ধি পাই ৬০টা হৈছে।

ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পাৰ জন্মদিনত তেওঁক শ্রদ্ধা জনাই তেওঁ কয় যে আজিৰ অনুষ্ঠানস্থলীৰ নাম তেওঁৰ নামত নামকৰণ কৰা হৈছে। সেনা বাহিনীত এতিয়া মহিলা কেডেটৰ সুযোগ বৃদ্ধি পাইছে। এনচিচিত মহিলা কেডেটৰ সংখ্যা ৩৫ শতাংশলৈ বৃদ্ধি হোৱা তেওঁ সন্তোষ প্রকাশ কৰে৷ ১৯৭১ চনত বাংলাদেশ যুদ্ধৰ বিজয়ৰ ৫০ বছৰ উপলক্ষে সেনা বাহিনীক শ্রদ্ধা নিবেদন কৰে প্রধানমন্ত্রীয়ে। তেওঁ কেডেটসকলক পৰামর্শ দিয়ে যে তেওঁলোকে যাতে ৰাষ্ট্ৰীয় স্মাৰক সৌধলৈ যোৱাৰ লগতে সাহসিকতাৰ পুৰস্কাৰৰ প’ৰ্টেলটো প্ৰত্যক্ষ কৰে। এনচিচিৰ ডিজিটেল প্লেটফর্মৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ইয়াত নতুন নতুন ধাৰণা দিয়া হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে দেশে স্বাধীনতাৰ ৭৫সংখ্যক বর্ষত প্রৱেশ কৰিছে। একেদৰে নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বাষির্কীও আৰম্ভ হৈছে। কেডেটসকলৰ নেতাজীৰ গৌৰবময় ঘটনাৱলীৰ পৰা অনুপ্রাণিত হোৱাৰ পৰামর্শ দি প্রধানমন্ত্রীয়ে কয় যে আগন্তুক ২৫-২৬ বছৰ অতি গুৰুত্বপূর্ণ কাৰণ ইয়াৰ পাছত ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব৷

দেশৰ প্রতিৰক্ষা ক্ষেত্ৰকে ধৰি বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰাত ভাৰতৰ ক্ষমতা বৃদ্ধি পাচ্ছে। দেশত অত্যাধুনিক সামৰিক সা-সৰঞ্জাম প্ৰস্তুত কৰা হৈছে। সংযুক্ত আৰব এমিৰেটছ, ছৌদি আৰৱ আৰু গ্রীচৰ সহায়ত নতুন ৰাফেল যুদ্ধ বিমানৰ মাজ আকাশত ইন্ধন ভৰোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে উপ-সাগৰীয় অঞ্চলৰ ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ সু-সম্পর্ক প্রতিফলিত হৈছে। ভাৰতে বর্তমান ১০০বিধ প্রতিৰক্ষা সঁজুলি নির্মাণৰ সিদ্ধান্ত লৈছে। তদুপৰি, বিমান বাহিনীৰ ৮০টা তেজছ যুদ্ধ বিমান সৃষ্টি আৱণ্টন দিছে। কৃত্রিম বুদ্ধিমত্তাভিত্তিক যুদ্ধৰ সৰঞ্জামৰ জৰিয়তে ভাৰতে প্রতিৰক্ষা সৰঞ্জামৰ বজাৰৰ পৰিৱর্তে বৃহৎ উৎপাদক হিচাপে ধৰা দিছে৷

প্রধানমন্ত্রীয়ে কেডেটসকলক ভোকেল ফৰ লোকেলৰ বাবে প্রচাৰ চলাবলৈ পৰামর্শ দিয়ে৷ যুৱ সম্প্রদায়ৰ মাজত এতিয়া নতুন ফেশ্বন সামগ্ৰীৰ ৰূপত খাদীৰ প্রচলন বৃদ্ধি পাইছে। স্থানীয় সামগ্ৰী ফেশ্বন শ্ব’, বিয়া, উৎসৱকে ধৰি অন্যান্য অনুষ্ঠানত অধিক পৰিমাণ ব্যৱহৃত হৈছে। যুৱ সম্প্রদায়ৰ আত্মবিশ্বাস দেশৰ আত্মনির্ভৰতাৰ বাবে অতি গুৰুত্বপূর্ণ। সেয়েহে চৰকাৰ ফিটনেছ শিক্ষা আৰু দক্ষতাক লৈ কাম কৰিছে। অটল টিংকাৰিং লেবৰ জৰিয়তে সহায় আগবঢ়াই স্কিল ইণ্ডিয়া আৰু মূদ্রা যোজনাত অত্যাধুনিক শিক্ষানুষ্ঠানত বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এনচিচিৰ বিশেষ কাৰ্যসূচীকে ধৰি ফিট ইণ্ডিয়াত ফিটনেছ আৰু খেলো ইণ্ডিয়াত খেলাধুলাক বিশেষ গুৰুত্ব দিয়া হৈছে। প্রধানমন্ত্রীয়ে কয় যে নতুন শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীকেন্দ্রিক হোৱাৰ বাবে ছাত্র-ছাত্রীসকলে তেওঁলোকৰ পছন্দ আৰু চাহিদা অনুসৰি বিভিন্ন বিষয় বাছনি কৰিব পাৰিব৷ সংস্কাৰৰ বাবে যি সুযোগ গঢ় দিয়া হৈছে সেইবোৰে দেশৰ যুৱ সম্প্রদায়ৰ কামত আহাৰ লগতে ইয়াৰ জৰিয়তে দেশৰ উন্নতি হ’ব৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s industrial output quickens to 7.3% in June from 5.1% in May as manufacturing, electricity growth accelerates

Media Coverage

India’s industrial output quickens to 7.3% in June from 5.1% in May as manufacturing, electricity growth accelerates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima
July 29, 2026

The Prime Minister, Shri Narendra Modi, extended his heartfelt greetings to the people of the country on the occasion of Guru Purnima. He said that, along with imparting knowledge, teachers infuse their students with positive energy and shape them through noble thoughts and values. The Prime Minister called upon everyone to make the ideals of their gurus a guiding force in their lives.

The Prime Minister shared a Sanskrit Subhashitam-

“प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”

The Subhashitam conveys that one who provides the right direction, imparts knowledge and truth, shows the righteous path, offers education and awakens an understanding of truth in life, paving the way for self-development. These are regarded as the six forms of a Guru.

The Prime Minister wrote on X;

“गुरु पूर्णिमा की सभी देशवासियों को बहुत-बहुत बधाई। गुरु ज्ञान के साथ ही अपने शिष्यों में सकारात्मक ऊर्जा का संचार कर उन्हें सुविचार और सुसंस्कारों से सुशिक्षित करते हैं। आइए, उनके आदर्शों को अपने जीवन का संबल बनाएं।

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”