ভাৰতৰ সমাজ জীৱনত নিয়মানুৱৰ্তিতা ধাৰণা সঞ্চাৰিত কৰাত এনচিচিয়ে ডাঙৰ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্রতিৰক্ষা সৰঞ্জামৰ বজাৰৰ পৰিৱর্তে বৃহৎ উৎপাদক হিচাপে আত্মপ্রকাশ কৰিবঃ প্রধানমন্ত্রী
সেনাবাহিনী, বিমান বাহিনী আৰু নৌবাহিনী, সীমান্ত আৰু উপকূলৱর্তী এলেকাত প্রয়োজনীয় ভূমিকা পালনৰ বাবে ১ লাখ কেডেটক প্রশিক্ষণ দিয়া হৈছে, য’ৰ এক তৃতীয়াংশই মহিলাঃ প্রধানমন্ত্রী

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, চিফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱত, স্থলসেনা, নৌসেনা আৰু বায়ু সেনাধ্যক্ষ, প্ৰতিৰক্ষা সচিব, এনচিচি মহানিৰ্দেশক আৰু দেশজুৰি ইয়াত একত্ৰিত হোৱা ৰাষ্ট্ৰভক্তিৰ শক্তিৰে ওতঃপ্ৰোত এনচিচি কেডেটছ, আপোনালোক সকলো যুৱ বন্ধুৰ মাজত যিমানেই পল অতিবাহিত কৰাৰ সুযোগ লাভ কৰো, ই অত্যন্ত সুখকৰ অনুভৱ প্ৰদান কৰে। এতিয়া যি আপোনালোকে ইয়াত মাৰ্চ পাষ্ট কৰিলে, কিছুসংখ্যক কেডেটে পেৰা ছেলিঙৰ পাৰদৰ্শিতা দেখুৱালে, যি এই সাংস্কৃতিক প্ৰদৰ্শন হ'ল, সেয়া দেখি কেৱল মোৰেই নহয়, আজি টিভিৰ মাধ্যমতো যিসকল লোকে দেখিব, প্ৰত্যেকৰে গৌৰৱ অনুভৱ হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আপোনালোকে ২৬ জানুৱাৰীৰ পেৰেডতো উন্নত প্ৰদৰ্শন কৰিলে। আপোনালোকৰ এই পৰিশ্ৰম সমগ্ৰ পৃথিৱীয়ে দেখিলে। আমি দেখিছো, পৃথিৱীত যি দেশতেই সমাজ জীৱনত অনুশাসন থাকে, তেনেকুৱা দেশ সকলো ক্ষেত্ৰতে নিজৰ সৌষ্ঠৱ প্ৰতিপন্ন কৰে। আৰু ভাৰতত সমাজ জীৱনত অনুশাসন আনিবলৈ এই বহুত গুৰুত্বপূৰ্ণ ভূমিকা এনচিচিয়ে সুন্দৰকৈ পালন কৰিব পাৰে। আৰু আপোনালোকৰ মাজতো এই সংস্কাৰ আজীৱন থকা দৰকাৰ। এনচিচিৰ পিছতো অনুশাসনৰ এই চিন্তা আপোনালোকৰ সৈতে থকা দৰকাৰ। ইমানেই নহয়, আপোনালোকে নিজৰ ওচৰ-পাজৰৰ লোককো নিৰন্তৰ ইয়াৰ বাবে অনুপ্ৰাণিত কৰিলে ভাৰতৰ সমাজ ইয়াৰ দ্বাৰা শক্তিশালী হ'ব, দেশ শক্তিশালী হ'ব। 

বন্ধুসকল,

পৃথিৱীৰ সবাতোকৈ ডাঙৰ uniformed youth organizationৰ ৰূপত, এনচিচিয়ে নিজৰ যি ছবি গঢ় দিছে, সেয়া দিনে দিনে আৰু শক্তিশালী হৈ গৈ আছে। আৰু যেতিয়া মই আপোনালোকৰ প্ৰয়াস দেখা পাওঁ, তেতিয়া মই অত্যন্ত আনন্দ পাওঁ, আপোনালোকৰ ওপৰত ভৰষা আৰু শক্তিশালী হয়। শৌৰ্য আৰু সেৱা ভাবৰ ভাৰতীয় পৰম্পৰাক য'তেই প্ৰসাৰিত কৰা হৈছে তাতেই এনচিচি কেডেট দৃষ্টিগোচৰ হয়। য'ত সংবিধানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ অভিযান চলি আছে- তাতো এনচিচি কেডেট দেখা যায়। পৰিবেশক লৈ কিবা ভাল কাম হৈ থাকিলে, পানী সংৰক্ষণ অথবা স্বচ্ছতাৰে জড়িত কিবা অভিযান হওক, তেতিয়া তাত এনচিচি কেডেট নিশ্চিতভাৱে চকুত পৰে। সংকটৰ সময়ত আপোনালোক সকলোৱে যি অভিনৱ প্ৰক্ৰিয়াৰে সংগঠিত কাম কৰে, তাৰ উদাহৰণ বাকী ঠাইসমূহত বহুত কম দেখিবলৈ পোৱা যায়। বান হওক বা অন্য বিপদ, যোৱা বছৰ এনচিচিৰ কেডেটে বিপদত পৰা দেশবাসীক উদ্ধাৰ আৰু সকাহ দিয়াত সহায় কৰে। ক'ৰোণাৰ এই সমগ্ৰ কাল ক্ষণত লাখ লাখ কেডেটছে দেশজুৰি যেনেকৈ প্ৰশাসনৰ সৈতে মিলি, সমাজৰ সৈতে মিলি যেনেকৈ কাম কৰিলে, সেয়া প্ৰশংসনীয়। আমাৰ সংবিধানত যি নাগৰিক কৰ্তব্যৰ কথা কোৱা হৈছে, যাক আমাৰ পৰা আশা কৰা হৈছে, সেয়া পালন কৰাটো সকলোৰে দায়িত্ব।

আমি সকলো ইয়াৰ সাক্ষী যে যেতিয়া চিভিল ছ'চাইটী, স্থানীয় নাগৰিকে নিজৰ কৰ্তব্যত জোৰ দিয়ে, তেতিয়া ডাঙৰতকৈও ডাঙৰ প্ৰত্যাহ্বানৰ সমাধান কৰিব পৰা যায়। যেনেকৈ আপোনালোকেও ভালদৰে জানে যে আমাৰ দেশত এটা সময়ত নক্সালবাদ-মাওবাদ কিমান ডাঙৰ সমস্যা আছিল। দেশৰ বহুতো জিলা ইয়াৰ দ্বাৰা প্ৰভাৱিত আছিল। কিন্তু স্থানীয় নাগৰিকসকলৰ কৰ্তব্যভাব আৰু আমাৰ সুৰক্ষা বাহিনীৰ শৌৰ্য একত্ৰিত হ'ল, তেতিয়াই নক্সালবাদৰ কঁকাল ভাগিবলৈ আৰম্ভ কৰিলে। এতিয়া দেশৰ কেইখনমান মুষ্টিমেয় জিলাতহে নক্সালবাদ সীমাবদ্ধ হৈ ৰ'ল। এতিয়া দেশত কেৱল নক্সালবাদী হিংসা বহুত কম হোৱাই নহয়, বৰং বহু যুৱকে হিংসাৰ পথ ত্যাগ কৰি বিকাশৰ কামত লাগিছে। এজন নাগৰিক হিচাপে নিজৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিয়াৰ প্ৰভাৱ আমি এই ক'ৰোণা কালতো দেখিলো। যেতিয়া দেশৰ মানুহ একত্ৰিত হ'ল, নিজৰ কৰ্তব্য পালন কৰিলে, তেতিয়া দেশে ক'ৰোণাৰ ভালদৰে মোকাবিলাও কৰিব পাৰিলে। 

বন্ধুসকল,

এই কালখণ্ড প্ৰত্যাহ্বান পূৰ্ণতো আছিলেই, কিন্তু ই নিজৰ লগত সুযোগো আনিলে। সুযোগ-প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হ'বলৈ, বিজয়ী হ'বলৈ, সুযোগ-দেশৰ বাবে কিবা কৰিবলৈ, সুযোগ-দেশৰ ক্ষমতা বঢ়োৱা, সুযোগ-আত্মনিৰ্ভৰ হোৱা, সুযোগ-সাধাৰণৰ পৰা অসাধাৰণ, অসাধাৰণৰ পৰা সৰ্বশ্ৰেষ্ঠ হোৱা। এই সকলো লক্ষ্যৰ প্ৰাপ্তিত ভাৰতৰ যুৱ শক্তিৰ ভূমিকা আৰু যুৱ শক্তিৰ যোগদান সবাতোকৈ মহত্বপূৰ্ণ। আপোনালোক সকলোৰে ভিতৰতো মই এজন ৰাষ্ট্ৰ সেৱকৰ লগতে এজন ৰাষ্ট্ৰ ৰক্ষকক দেখা পাওঁ। সেয়ে চৰকাৰে বিশেষ প্ৰয়াস কৰিছে যে এনচিচিৰ ভূমিকাৰ আৰু প্ৰসাৰিত কৰা হওক। দেশৰ সীমান্তৱৰ্তী আৰু সাগৰৰ তীৰৰ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰে জড়িত নেটৱৰ্কক শক্তিশালী কৰিবৰ বাবে এনচিচিৰ অংশগ্ৰহণ বৃদ্ধি কৰা হৈছে। 

যোৱা বছৰ ১৫ আগষ্টত এই ঘোষণা কৰা হৈছিল যে Coastal আৰু Border Areasৰ প্ৰায় পৌনে ২শ জিলাত এনচিচিক নতুন দায়িত্ব দিয়া হ'ব। ইয়াৰ বাবে প্ৰায় ১ লাখ এনচিচি কেডেটছক Army, Navy আৰু Airforceয়ে ট্ৰেইন কৰি আছে। ইয়াতো এক তৃতীয়াংশ, ৱান থাৰ্ড, আমাৰ Girls Cadetsক ট্ৰেইনিং দি থকা হৈছে। এই কেডেটসকলৰ ছিলেকচন সকলো স্কুল আৰু কলেজ, লাগে সেইবোৰ চৰকাৰী হওক, প্ৰাইভেট হওক, কেন্দ্ৰৰ হওক বা ৰাজ্য চৰকাৰৰ হওক, সকলোকে ইয়াত অন্তৰ্ভুক্ত কৰি থকা হৈছে। এনচিচিৰ ট্ৰেইনিং ক্ষমতাও চৰকাৰে দ্ৰুত গতিত বঢ়াই আছে। এতিয়ালৈকে আপোনালোকৰ ওচৰত কেৱল এটা ফায়াৰিং ছিমিউলেটৰ আছিল। ইয়াক এতিয়া বৃদ্ধি কৰি ৯৮ কৰা হৈছে, প্ৰায় ১০০, ক'ত এটা আৰু ক'ত ১০০। মাইক্ৰ'লাইট ফ্লাইট ছিমিউলেটৰো ৫ৰ পৰা বৃদ্ধি কৰি ৪২ আৰু ৰোৱিং ছিমিউলেটৰ ১১ৰ পৰা বৃদ্ধি কৰি ৬০ কৰা হৈছে। এই আধুনিক ছিমিউলেটৰছে এনচিচি ট্ৰেইনিঙৰ কোৱালিটী আৰু সংশোধন কৰাত সহায় কৰিব।

বন্ধুসকল,

এই আয়োজন এতিয়া যি গ্ৰাউণ্ডত হৈ আছে, তাৰ নাম ফিল্ড মাৰ্শ্বেল কে.এম.কাৰিয়াপ্পা জীৰ নামত আছে। সেয়াও আপোনালোকৰ বাবে ডাঙৰ প্ৰেৰণা। কাৰিয়াপ্পা জীৰ জীৱন শৌৰ্যৰ অনেক গাঁথাৰে পৰিপূৰ্ণ। ১৯৪৭ত তেওঁৰ ৰাজনৈতিক দক্ষতাৰ বাবে ভাৰতে যুদ্ধত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছিল। আজি ফিল্ড মাৰ্শ্বেল কে.এম.কাৰিয়াপ্পা জীৰ জন্ম জয়ন্তী। মই সকলো দেশবাসীৰ হৈ, আপোনালোক এনচিচি কেডেটছৰ হৈ তেওঁক আদৰপূৰ্বক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। 

আপোনালোকৰ মাজৰ পৰাও অনেক বন্ধুৰ এই প্ৰবল ইচ্ছা হ'ব যে আপোনালোক ভাৰতৰ Defence Forcesৰ অংশ হওক। আপোনালোক সকলোৰে মাজত সেই সামৰ্থ্যও আছে আৰু চৰকাৰে আপোনালোকৰ বাবে অৱসৰো বৃদ্ধি কৰিছে। বিশেষকৈ Girls Cadetsক মই আগ্ৰহেৰে ক'ম যে আপোনালোকৰ বাবেও অনেক সুযোগে আপোনালোকৰ অপেক্ষা কৰি আছে। মই নিজৰ সন্মুখতো দেখি আছো আৰু পৰিসংখ্যায়ো কয় যে যোৱা বছৰবিলাকত এনচিচিত Girls Cadetsত প্ৰায় ৩৫ শতাংশ বৃদ্ধি পাইছে। এতিয়া আমাৰ Forcesৰ প্ৰতিটো ফ্ৰণ্ট আপোনালোকৰ বাবে খোলা হৈছে। ভাৰতৰ বীৰ কন্যাসকল সকলো বাহিনীত শত্ৰুৰে প্ৰতিশোধ ল'বলৈ আজিও বাহিনীত থিয় দি আছে। আপোনালোকৰ শৌৰ্যৰ দেশক প্ৰয়োজন আছে আৰু নতুন উচ্চতাই আপোনালোকৰ অপেক্ষা কৰি আছে। আৰু মই আপোনালোকৰ মাজত ভৱিষ্যতৰ অফিচাৰকো দেখি আছো। মোৰ মনত আছে, মই যেতিয়া দুই-আঢ়ৈ মাহৰ আগতে দীপাৱলিত জয়শালমেৰৰ লোংগেৱালা পোষ্টলৈ গৈছিলো, তেতিয়া কেইবাজনো য়ং অফিচাৰৰ সৈতে মোৰ সাক্ষাৎ হৈছিল। দেশৰ প্ৰতিৰক্ষাৰ বাবে তেওঁলোকৰ অৰিহণা, তেওঁলোকৰ উৎসাহ, তেওঁলোকৰ চেহেৰাত প্ৰতিফলিত অদম্য ইচ্ছা শক্তি, মই কেতিয়াও পাহৰিব নোৱাৰো। 

বন্ধুসকল,

লোংগেৱালা পোষ্টৰো নিজৰ এটা গৌৰৱময় ইতিহাস আছে। '৭১ চনৰ যুদ্ধত আমাৰ বীৰ যুঁজাৰুসকলে নিৰ্ণায়ক বিজয় প্ৰাপ্ত কৰিছিল। তেতিয়া পাকিস্তানৰ সৈতে যুদ্ধৰ সময়ত পূব আৰু পশ্চিমৰ কেইবাহাজাৰ কিলোমিটাৰ দীঘল ব'ৰ্ডাৰত ভাৰতৰ ফৌজে নিজৰ পৰাক্ৰমেৰে শত্ৰুক তচনচ কৰিছিল। সেই যুদ্ধত পাকিস্তানৰ হাজাৰ হাজাৰ সৈনিকে ভাৰতৰ যুঁজাৰুসকলৰ সন্মুখত ছাৰেণ্ডাৰ কৰিছিল। '৭১ চনৰ এই যুদ্ধ, ভাৰতৰ মিত্ৰ আৰু আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্মাণতো সহায়ক হয়। এই বছৰতে, এই যুদ্ধত বিজয়ৰো ৫০ বছৰ হৈ আছে। ভাৰতৰ আমি ১৯৭১ৰ যুদ্ধত দেশক জয় কৰোৱা ভাৰতৰ বীৰ পুত্ৰ-কন্যাৰ সাহস, তেওঁলোকৰ শৌৰ্য, আজি সমগ্ৰ দেশে তেওঁলোকক ছেল্যুট কৰিছে। এই যুদ্ধত দেশৰ বাবে যি শ্বহীদ হ'ল, আজি মই তেওঁলোকক নিজৰ শ্ৰদ্ধাঞ্জলিও অৰ্পণ কৰিছো।

বন্ধুসকল,

আপোনালোক সকলো যেতিয়া দিল্লীলৈ আহিছে, তেনেহ'লে নেচনেল ৱাৰ মেমৰিয়েললৈ যোৱাটো বহুত স্বাভাৱিক। ৰাষ্ট্ৰৰক্ষাৰ বাবে জীৱন অৰ্পণ কৰাসকলক সন্মান দিয়াটো আমাৰ সকলোৰে দায়িত্ব। বৰং এই গণতন্ত্ৰ দিৱসক আমাৰ যি Gallantry Awards Portal আছে www.gallantryawards.gov.in, তাকো নতুন ৰং-ৰূপত Re-launch কৰা হৈছে। ইয়াত পৰম বীৰ আৰু মহাবীৰ চক্ৰৰ দৰে সন্মান পোৱা আমাৰ সৈনিকসকলৰ জীৱনৰ সৈতে জড়িত তথ্যতো আছেই, আপোনালোকে এই প'ৰ্টেললৈ গৈ তেওঁলোকৰ বীৰতাক নমন কৰিব পাৰে। আৰু মোৰ এনচিচিত বৰ্তমান থকা আৰু পূৰ্বৰ সকলো কেডেটছক আহ্বান যে আপোনালোক এই প'ৰ্টেললৈ যোৱা দৰকাৰ, সংলগ্ন হোৱা দৰকাৰ আৰু একেৰাহে তাৰ সৈতে এংগেজ হৈ থকা দৰকাৰ। 

বন্ধুসকল,

মোক লগতে কোৱা হৈছে যে যি এনচিচি Digital Platform বনোৱা হৈছে, তাত এতিয়ালৈকে ২০ হাজাৰতকৈ অধিক কেডেটছ সংলগ্ন হৈছে। এই কেডেটসকলে নিজৰ অনুভৱ, নিজৰ Ideas শ্বেয়াৰ কৰিবলৈ আৰম্ভও কৰিছে। মই বিশ্বাস কৰো যে আপোনালোক সকলোৱে এই প্লেটফৰ্মৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব। 

বন্ধুসকল,

ৰাষ্ট্ৰ ভক্তি আৰু ৰাষ্ট্ৰসেৱাৰ যি মূল্যক লৈ আপোনালোক চলিছে, তাৰ বাবে এই বছৰটো বহুত মহত্বপূৰ্ণ। এই বছৰ ভাৰতে নিজৰ স্বাধীনতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিব। এই বছৰ নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তীৰো। জীৱনত প্ৰেৰণাৰ ইমান ডাঙৰ সুযোগ একেলগে আহিছে, এনেকুৱা কমেই হয়। নেতাজী সুভাষ, তেওঁ নিজৰ পৰাক্ৰমেৰে পৃথিৱীৰ সবাতোকৈ শক্তিশালী সত্বাক কঁপাই তুলিছিল। আৰু আপোনালোকৰ জীৱনৰ অহা ২৫-২৬টা বছৰ খুবেই মহত্বপূৰ্ণ। এই ২৫-২৬টা বছৰ ভাৰতৰ বাবেও সিমানেই বিশেষ।

বৰ্ষ ২০৪৭ত যেতিয়া দেশে নিজৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া আপোনালোকৰ আজিৰ প্ৰয়াসে ভাৰতৰ এই যাত্ৰাক শক্তি দিব। আমি দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত এই মহামাৰীৰ যি কু প্ৰভাৱ পৰিল, তাকো সম্পূৰ্ণ ৰূপে নোহোৱা কৰিব লাগিব। আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পকো সম্পূৰ্ণ কৰি দেখুৱাব লাগিব। 

বন্ধুসকল,

যোৱা বছৰ ভাৰতে দেখুৱাইছে যে Virus হওক বা Borderৰ প্ৰত্যাহ্বান, ভাৰতে নিজৰ প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণ শক্তিৰে নিজৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম। ভেকচিনৰ সুৰক্ষা কৱচ হওক বা ভাৰতক প্ৰত্যাহ্বান জনোৱাসকলৰ অভিপ্ৰায় আধুনিক মিছাইলেৰে ধ্বস্ত কৰা, ভাৰত সকলো পৰিস্থিতিত সমৰ্থ। আজি ভাৰতৰ ওচৰত পৃথিৱীৰ উন্নত War Machines আছে। আপোনালোকে আজি মিডিয়াতো চাগে দেখিছে যে কালিহে ভাৰতত ফ্ৰাঞ্চৰ পৰা আৰু তিনিখন ৰাফেল ফাইটাৰ প্লেন আহিছে। ভাৰতৰ এই ফাইটাৰ প্লেনেই মিড-এয়াৰেই ৰি-ফুৱেলিং হৈছে। আৰু এই ৰি-ফুৱেলিং, ভাৰতৰ মিত্ৰ ইউনাইটেড আৰব এমিৰেটে কৰিছে আৰু ইয়াত গ্ৰীচ আৰু চৌডি আৰবে সহযোগ কৰিছে। ই ভাৰতৰ উপকূলীয় দেশৰ সৈতে শক্তিশালী হোৱা সম্পৰ্কৰ এখন ছবিও। 

বন্ধুসকল,

নিজৰ সেনাৰ বেছিভাগ প্ৰয়োজনীয়তা ভাৰততে সম্পূৰ্ণ কৰিব পৰা হওক, ইয়াৰ বাবেও চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে। ১০০তকৈও অধিক সুৰক্ষাৰে জড়িত সামগ্ৰী বিদেশৰ পৰা ক্ৰয় বন্ধ কৰি সেইবোৰ ভাৰততে তৈয়াৰ কৰা হৈছে। এতিয়া ভাৰতৰ নিজৰ তেজছ ফাইটাৰ প্লেনো সাগৰৰ পৰা আকাশলৈকে নিজৰ গতি প্ৰসাৰিত কৰি আছে। সম্প্ৰতি বায়ু সেনাৰ বাবে ৮০তকৈ বেছি তেজছৰ অৰ্ডাৰো দিয়া হৈছে। ইমানেই নহয়, Artificial Intelligence আধাৰিত Warfareতো ভাৰত কাৰো পিছত নাথাকক, ইয়াৰ বাবে সকলো প্ৰয়োজনীয় R and Dৰ ওপৰত ফ'কাছ কৰি থকা হৈছে। সেই দিনলৈ বেছি দূৰ নাই যেতিয়া ভাৰতক Defence Equipmentsৰ ডাঙৰ মাৰ্কেটৰ সলনি এক ডাঙৰ Producerৰ ৰূপত জনা যাব। 

বন্ধুসকল,

আত্মনিৰ্ভৰতাৰ অনেক লক্ষ্যক আজি আপোনালোকে সাকাৰ হোৱা দেখি আছে, সেয়ে আপোনালোকৰ ভিতৰত গৌৰৱৰ অনুভূতি হোৱা বহুত স্বাভাৱিক। আপোনালোকেও এতিয়া নিজৰ মাজত, নিজৰ বন্ধুসকলৰ মাজত লোকেলৰ প্ৰতি উৎসাহ অনুভৱ কৰি আছে। মই দেখি আছো যে Brandsক লৈ ভাৰতৰ যুৱক-যুৱতীসকলৰ Preferencesত এটা ডাঙৰ পৰিৱৰ্তন আহিছে। এতিয়া আপোনালোকে খাদীকেই লওক। খাদীক এটা সময়ত নেতাৰ বসন হিচাপেই নিজৰ অৱস্থাত এৰি দিয়া হৈছিল। আজি সেই খাদীয়েই যুৱক-যুৱতীসকলৰ পছন্দৰ Brand হৈ পৰিছে। খাদীৰ কুৰ্তাই হওক, খাদীৰ জেকেটেই হওক, খাদীৰ বেলেগ সামগ্ৰীয়েই হওক, সেয়া আজি যুৱক-যুৱতীসকলৰ বাবে ফেশ্যনৰ ছিম্বল হৈ পৰিছে। এনেদৰে, আজি টেক্সটাইলেই হওক বা ইলেকট্ৰনিকছ, ফেশ্যনেই হওক বা পেশ্যন, উৎসৱ হওক বা বিবাহ, লোকেলৰ বাবে প্ৰতিজন ভাৰতীয় ভোকেল হৈ গৈ আছে। ক'ৰোণাৰ সংকটৰ সময়তো ভাৰতত ৰেকৰ্ড সংখ্যাত ষ্টাৰ্ট আপছ হৈছে আৰু ৰেকৰ্ড ইউনিকৰ্ণ দেশৰ যুৱক-যুৱতীসকলে তৈয়াৰ কৰিছে। 

বন্ধুসকল,

২১তম শতিকাত আত্মনিৰ্ভৰ ভাৰতৰ বাবে আত্মবিশ্বাসী যুৱক-যুৱতীসকলৰ বহুত প্ৰয়োজন। এই আত্মবিশ্বাস ফিটনেছৰ পৰা বাঢ়ে, এডুকেশ্যনৰ পৰা বাঢ়ে, স্কিল আৰু উচিত সুযোগৰ পৰা আহে। আজি চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে জৰুৰী এই পদক্ষেপসমূহৰ ওপৰত কাম কৰি আছে আৰু ইয়াৰ বাবে ছিষ্টেমত সকলো প্ৰয়োজনীয় ৰিফৰ্মছো কৰি থকা হৈছে। কেইবাহাজাৰ অটল টিংকাৰিং লেবৰ পৰা ডাঙৰ ডাঙৰ আধুনিক শিক্ষা সংস্থানলৈকে, স্কিল ইণ্ডিয়া মিছনৰ পৰা মুদ্ৰাৰ দৰে যোজনালৈকে চৰকাৰে সকলো দিশতে প্ৰয়াস কৰি আছে। 

নতুন নেচনেল এডুকেশ্যন পলিচীৰ মাধ্যমত ভাৰতৰ এডুকেশ্যন ছিষ্টেমক প্ৰি-নাৰ্চাৰীৰ পৰা পিএইচডিলৈকে Student চেণ্ট্ৰিক কৰা হৈছে। নিজৰ শিশুসকলক, যুৱবন্ধুসকলক অনাৱশ্যকীয় হেঁচাৰ পৰা মুক্ত কৰি, তেওঁলোকৰ নিজৰ ইচ্ছা, নিজৰ ৰুচি অনুসৰি আগবাঢ়িবৰ বাবে পৰিৱেশ তৈয়াৰ কৰা হৈছে। খেতিৰ পৰা স্পেচ ছেক্টৰ পৰ্যন্ত, সকলো স্তৰতে যুৱ প্ৰতিভাৰ বাবে, যুৱ উদ্যমীসকলৰ বাবে সুযোগ দিয়া হৈছে। আপোনালোকে এই সুযোগবিলাকৰ যিমানেই মুনাফা ল'ব, সিমানেই দেশ আগবাঢ়িব। আমি ৱয়ং ৰাষ্ট্ৰ জাগৃয়মঃ, এই বৈদিক আহ্বানক ২১ শতিকাৰ যুৱ শক্তিৰ উদ্দেশ্য কৰি তুলিব লাগিব। আমি ''ইদম্ ৰাষ্ট্ৰায় ইদম্ ন মম্'' অৰ্থাৎ এই জীৱন ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত, এই ভাবনাক উপলব্ধি কৰিব লাগিব। আমি ''ৰাষ্ট্ৰ হিতায় ৰাষ্ট্ৰ সুখায় চ''ৰ সংকল্প লৈ প্ৰত্যেক দেশবাসীৰ বাবে কাম কৰিব লাগিব। আত্মৱত সৰ্বভূতেসু আৰু সৰ্বহিতেৰতা অৰ্থাৎ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ মন্ত্ৰৰে আমি আগবাঢ়িব লাগিব। 

যদি আমি এই মন্ত্ৰসমূহ নিজৰ জীৱনত অনুসৰণ কৰো তেতিয়া আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সিদ্ধিত বহুত বেছি সময় নালাগে। এবাৰ আকৌ আপোনালোক সকলোকে গণতন্ত্ৰ দিৱস পেৰেডৰ অংশ হোৱা বাবে বহুত বহুত অভিনন্দন আৰু ভৱিষ্যতৰ বাবেও অনেক অনেক মংগল কামনা। 

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman
March 28, 2026

The Prime Minister, Shri Narendra Modi, today spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia. Shri Modi reiterated India’s condemnation of attacks on regional energy infrastructure, and the need to ensure freedom of navigation and keeping shipping lines open and secure. “Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”, Shri Modi stated.

Shri Modi posted on X:

“Spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia.

I reiterated India’s condemnation of attacks on regional energy infrastructure.

We agreed on the need to ensure freedom of navigation and keeping shipping lines open and secure.

Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”