Today women are leading from the front in every sphere: Prime Minister Modi
Not only are our daughters flying fighter jets but also achieving great feats by circumnavigating the entire world: PM Modi
Our government is fully devoted to empowerment of women: PM Modi

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ বাৰাণসীত দীনদয়াল হস্তকলা সংকুলত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা জীৱিকা সমাৰোহ-২০১৯ত অংশ গ্ৰহণ কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশ গ্ৰাম্য জীৱিকা অভিযানৰ সাহায্যত আত্ম সহায়ক গোটসমূহে প্ৰস্তুত ৰকাৰ সামগ্ৰীৰ এক প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ তেওঁ মহিলা হিতাধিকাৰীক বৈদ্যুতিক চক, সৌৰ শক্তিৰে চালিত যঁতৰ, মৌ বাহৰ লগতে ৫টা মহিলা আত্ন সহায়ক গোটক প্ৰশস্তিপত্ৰও প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে৷ উত্তৰপ্ৰদেশৰ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত দীনদয়াল উপাধ্যায় অন্ত্যোদয়া যোজনাৰ সাহায্যপ্ৰাপ্ত বিভিন্ন আত্ম সহায়ক গোটে ‘ভাৰতৰ বীৰ’ পুঁজিলৈ প্ৰধানমন্ত্ৰীৰ হাতত ২১ লাখ টকাৰ চেকো প্ৰদান কৰে৷

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে সকলো মহিলাৰ প্ৰতি শ্ৰদ্ধা জনায়। তেওঁ কয় যে নতুন ভাৰত গঠনত মহিলাসকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৭৫,০০০ স্থানৰ পৰা ৬৫ লাখ মহিলাই এই অনুষ্ঠানত সংযোগ হোৱাৰ বাবে প্ৰধানমন্ত্রীয়ে সন্তোষ প্ৰকাশ কৰে। মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত বাৰাণসীয়ে উজ্জ্বল উদাহৰণ দাঙি ধৰা বুলি তেওঁ মন্তব্য কৰে৷

মহিলাসকলৰ সবলীকৰণৰ প্ৰতি চৰকাৰ সম্পূর্ণ দায়বদ্ধ বুলি কয় প্ৰধানমন্ত্রীয়ে। মহিলা আৰু কন্যা শিশুসকলৰ কল্যাণাৰ্থে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভতো তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত স্বাস্থ্য, পুষ্টি, অনাময়, শিক্ষা, দক্ষতা বিকাশ, আত্মসংস্থাপন, নতুন গেছ সংযোগ, মহিলাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা ইত্যাদি উল্লেখযোগ্য। তেওঁ কয় যে চৰকাৰে ৬ মাহৰ মাতৃত্বকালীন ছুটি আৰম্ভ কৰিছে। এয়া বিশ্বৰ ভিতৰতে সর্বোৎকৃষ্ট৷

প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ সকলো আঁচনিত মহিলাসকলক অগ্রাধিকাৰ প্ৰদান কৰা হৈছে৷ মুদ্রা যোজনাৰ অধীনত ১৫ কোটি সংখ্যক ঋণ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১ কোটি টকাৰ ঋণ মহিলাসকলে লাভ কৰিছে৷

প্ৰধানমন্ত্রী আত্ম সহায়ক গোটসমূহৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে৷ তেওঁ কয় যে তেওঁলোকৰ কামত কেৱল পৰিয়ালৰে উন্নতি নহয়, তেওঁলোকে দেশৰ উন্নয়নতো সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে আত্ম সহায়ক গোটসমূহক বেংক ঋণকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে তেওঁলোকৰ উৎসাহো বৃদ্ধি পাইছে। তেওঁ কয় যে দেশত এতিয়া ৫০ লাখ আত্ম সহায়ক গোটত ৬ কোটি মহিলা জড়িত হৈ আছে৷ প্ৰতিটো পৰিয়ালৰ এজনকৈ মহিলা সদস্যই এটি আত্ম সহায়ক গোটত জড়িত হৈ থকাটোৱেই তেওঁৰ চৰকাৰৰ লক্ষ্য হৈছে৷

প্ৰধানমন্ত্রীয়ে আত্ম সহায়ক গোটসমূহক আৰু উদ্ভাৱক আৰু তেওঁলোকৰ বজাৰ বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পৰামর্শ দিয়ে৷ তেওঁ চৰকাৰক তেওঁলোকৰ উৎপাদিত সামগ্ৰী ‘জেম পোর্টাল’ৰ মাধ্যমে বিক্রীৰো পৰামর্শ দিয়ে৷ প্ৰধানমন্ত্রীয়ে কয় যে যিবোৰ অঞ্চলত সূযোগ আছে আত্ম সহায়ক গোটসমূহ সেইবোৰ ক্ষেত্রলৈ প্ৰসাৰিত হোৱা উচিত৷

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াভাৱে শুভাৰম্ভ কৰা প্ৰধানমন্ত্রী শ্ৰম যোগী মান-ধন যোজনাৰ সুযোগ মহিলাসকলে গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়৷ ইয়াৰ ফলত বৃদ্ধ বয়সত তেওঁলোকে আর্থিক নিৰাপত্তা লাভ কৰিব তেওঁ কিষান সন্মান নিধি আৰু আয়ুষ্মান ভাৰত যোজনাৰ কথাও উল্লেখ কৰে৷

বাৰাণসীত প্ৰধানমন্ত্রীয়ে আত্ম সহায়ক গোটৰ একাংশ সদস্যৰ সৈতে বাৰ্তালাপো কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi urges people to take 9 pledges on health, saving water, others

Media Coverage

PM Modi urges people to take 9 pledges on health, saving water, others
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives phone call from President Emmanuel Macron, discusses situation in West Asia and maritime security
April 16, 2026

The Prime Minister, Shri Narendra Modi, received a phone call from the President of France, Emmanuel Macron.

During the conversation, the two leaders discussed the prevailing situation in West Asia. They agreed on the urgent need to restore safety and ensure freedom of navigation in the Strait of Hormuz.

Both leaders reiterated their commitment to continue close cooperation in advancing peace and stability in the region and beyond.

The Prime Minister wrote on X;

“Received a phone call from my dear friend President Emmanuel Macron. We discussed the situation in West Asia and agreed on the need to urgently restore safety and freedom of navigation in the Strait of Hormuz.

We will continue our close cooperation to advance peace and stability in the region and beyond.

@EmmanuelMacron”