উন্নত আন্তঃগাঁথনিৰে অসম ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে উজলি উঠিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ এক লাখৰো অধিক খিলঞ্জীয়া পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিছে। শিৱসাৰৰ এইসকল লোকৰ জীৱনৰ পৰা এতিয়া একোটা বৃহত্ বোজা আঁতৰি গ’ল। আজিৰ অনুষ্ঠানটোক অসমৰ খিলঞ্জীয়া লোকৰ বাবে ‘আত্মসন্মান’, ‘আত্মনিৰ্ভৰশীলতা’ আৰু ‘সুৰক্ষা’ৰে জড়িত বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। দেশৰ বাবে ত্যাগৰ ইতিহাসৰে প্ৰসিদ্ধ শিৱসাগৰৰ বিশেষ গুৰুত্বৰ কথাও প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। অসমৰ ইতিহাসত শিৱসাগৰৰ বিশেষ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ শিৱসাগৰক পুৰাতত্বৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৫খন চহৰৰ অন্যতম হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

দেশে আজি, অৰ্থা্ত্ ২৩ জানুৱাৰী, ২০২১ত ‘পৰাক্ৰম দিৱস’ৰ ৰূপত ‘নেতাজী’ৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে এই উপলক্ষে দেশত আজি বিভিন্ন কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে। এখন ‘নতুন ভাৰত’ গঢ়াৰ উদ্দশ্যে আৰম্ভ কৰিব খোজা এইসমূহ কাৰ্যক্ৰমক ‘পৰাক্ৰম দিৱস’-য়ে অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ‘নেতাজী’ৰ সাহস আৰু ত্যাগে আজিও আমাক অনুপ্ৰাণিত কৰি আহিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। মানুহৰ জীৱনত মাটিৰ গুৰুত্বৰ কথা ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতৰত্ন’ ভূপেন হাজৰিকাৰ গীতৰ কিয়দাংশ উদ্ধৃত কৰে-

“ অ মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,

খেতিয়কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়”। 

অৰ্থাত্, আই ধৰি্ত্ৰী তোমাৰ চৰণত মোক অকণমান ঠাই দিয়া। তোমাৰ অবিহণে জানো খেতিয়কসকলে কিবা কৰিব পাৰিব? মাটি নহ’লে দেখোন তেওঁ তেনেই নিঃসহায়! 

স্বাধীনতাৰ ইমান দিনৰ পিচতো অসমৰ বহু লক্ষ পৰিয়ালে ভূমিহীন হৈয়ে জীৱনাতিবাহিত কৰি আহিছিল। সোণোৱাল চৰকাৰে শাসনৰ বাঘজৰী লোৱা সময়ত ৬ লাখ জনজাতীয় লোকৰ হাতত তেওঁলোকৰ ভূমি সংক্ৰান্তীয় কোনো নথী-পত্ৰ নথকাকৈয়ে চলি আহিবলগীয়া হৈছিল। বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে গ্ৰহণ কৰা নতুন ভূমি নীতি আৰু অসমৰ ৰাইজৰ প্ৰতি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ তেওঁ ভূয়সী প্ৰশংসা কৰে। চৰকাৰৰ এই নীতিৰ আধাৰতে প্ৰদান কৰা ভূমি অধিকাৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়ে বহু লক্ষ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভূমিৰ ক্ষেত্ৰত লাভ কৰা এই অধিকাৰে এতিয়া ইমান দিনে বঞ্চিত হৈ অহা ‘পিএম কিষাণ সন্মান নিধি’, ‘কিষাণ ঋণ পত্ৰ’, ‘শস্য বীমা আঁচনি’ৰ দৰে চৰকাৰৰ বহু আঁচনিৰ সুফল আদায় কৰাত হিতাধিকাৰীসকলক সহায় কৰিব বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। কেৱল এয়াই নহয় তেওঁলোকে এতিয়াৰে পৰা বেংকৰ ঋণো লাভ কৰিব পাৰিব।

অসমৰ ভূমিপুত্ৰসকলৰ দ্ৰুত উন্নয়ণ আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাতো চৰকাৰৰ দায়বদ্ধতা বুলি দোহাৰে প্ৰধানমন্ত্ৰীয়ে। অসমীয়া ভাষা তথা অসমীয়া সাহিত্যৰ উত্তৰণ সাধনৰ ক্ষেত্ৰত বহুবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। সেইদৰে সকলো সম্প্ৰদায়ৰে মহান পুৰোধাসকলক সন্মানিত কৰাৰো ব্যৱস্থা কৰা হৈছে। বিগত চাৰে চাৰিটা বছৰত ৰাজ্যখনৰ ধৰ্মীয় আৰু আধ্যাত্মিক গুৰুত্ব থকা স্মাৰক সমূহৰ সংৰক্ষণৰ বাবেও বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অবৈধ দখলদাৰীক উচ্ছেদ কৰাৰ লগতে ইয়াৰ উন্নয়ণৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে।

ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবেই উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ দ্ৰুত উন্নয়ণ নিতান্তই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। ‘এখন ‘আত্মনিৰ্ভৰ অসম’ লৈ যোৱাৰ পথটো অসমৰ ৰাইজৰ আত্মবিশ্বাসৰ মাজেৰে অতিবাহিত হয়’ বুলি তেওঁ তাত্পৰ্যপূৰ্ণ অভিমত প্ৰকাশ কৰে। তেওঁ কয়, এই আত্মবিশ্বাসৰ সৃষ্টি হ’ব উন্নত সা-সুবিধা আৰু আন্তঃগাঁথনিৰ পৰ্যাপ্ত উপলব্ধতাৰে। বিগত বছৰচেৰেকত অসমৰ সৰ্বাংগীন উন্নয়ণৰ বাবে অভুপূৰ্ব ভাবে কৰ্ম সম্পাদন কৰা হৈছে বুলি অভিমত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ভাষণ প্ৰসংগত তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ প্ৰায় ৪০ শতাংশ জন সংখ্যাক ‘আয়ুষ্মান ভাৰত আঁচনি’য়ে সামৰি লৈছে। ইয়াৰে প্ৰায় ১.৫লাখে ইতিমধ্যে বিনামূলীয়া চিকিত্সা সেৱা আদায় কৰিছে। বিগত ৬টা বছৰত অসমত চৰকাৰী আঁচনিৰ জৰিয়তে শৌচাগাৰ নিৰ্মাণৰ পৰিমান পূৰ্বৰ ৩৮শতাংশৰ পৰা ১০০শতাংশ হৈছেগৈ। পাঁচবছৰৰ আগতে মাত্ৰ ৫০শতাংশ পৰিয়ালতহে বিদ্যুত সংযোগ আছিল যদিও এতিয়া ১০০শতাংশ পৰিয়ালৰ ঘৰতে বিদ্যুতৰ সংযোগ দিয়া হৈছে। ইফালে, যোৱা ডেৰটা বছৰত অসমৰ ২.৫লাখ ঘৰত নলী সংযুক্ত পানীৰ যোগান দিয়া হৈছে ‘জল জীৱন মিছন’ৰ অধীনত।

এই সমূহ সুবিধাই মহিলাসকলক উপকৃত কৰে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰসংগত তেওঁ ৰাজ্যখনৰ ৩৫লাখ পৰিয়ালে ‘উজ্জ্বলা আঁচনি’ৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে বুলি উল্লেখ কৰি ইয়াৰ সুবাদত এতিয়া ৰাজ্যখনত ‘এলপিজি সংযোগ’ৰ হাৰ পূৰ্বৰ ৪০শতাংশৰ পৰা ৯৯শতাংশ হৈছে বুলি তথ্য দাঙি ধৰে।

‘সব কা সাথ. সব কা বিকাশ, সব কা বিশ্বাস’ মন্ত্ৰৰ উল্লেখ কৰি তেওঁ দেশৰ সকলো জনগোষ্ঠীৰ সম উন্নয়ণত চৰকাৰে গুৰুত্ব প্ৰদান কৰি অহাৰ কথা দোহাৰে। এই প্ৰসংগত তেওঁ দীৰ্ঘদিনে বঞ্চনাৰ বলি হৈ অহা চাহ জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়ণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

সকলো জনগোষ্ঠীকে সংঘবদ্ধ কৰি আগুৱাই নিয়াৰ নীতি গ্ৰহণ কৰাৰ বাবেই আজি অসমৰ প্ৰতিটো প্ৰান্তই শান্তি আৰু প্ৰগতিৰ বাটেৰে আগুৱাব পাৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ঐতিহাসিক ‘বড়ো বুজাবুজিৰ চুক্তি’ৰ আধাৰত আজি অসমৰ এক বৃহত্ অঞ্চলে শান্তি আৰু প্ৰগতিৰ পথলৈ উভতি আহিছে বুলিও তেওঁ অভিমত প্ৰকাশ কৰে। তেওঁ ‘বড়োলেণ্ড টেৰটৰিয়েল কাউন্সিল’ৰ শেহতীয়া নিৰ্বাচনৰ জৰিয়তে গঠিত হোৱা নতুন পৰিষদখনে অঞ্চলটোলৈ উন্নয়ণৰ নতুন ধৰা প্ৰবাহিত কৰিব বুলিও আশা প্ৰকাশ কৰে।

বিগত ছটা বছৰত পথ-সংযোগ ব্যৱস্থাৰ আধুনিকীকৰণৰ লগতে অন্যান্য আন্তঃগাঁথনি উন্নয়ণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিশেষ উদ্যোগৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰসংগত তেওঁ কয়, পূব এছীয় দেশসমূহৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পথ-যোগাযোগ ব্যৱস্থাৰ উত্তৰণ নিতান্তই গুৰুত্বপূৰ্ণ। উন্নত আন্তঃগাঁথনিৰ বাবেই আজিৰ তাৰিখত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক অতিকে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে অসমে নিজকে উজলাই তুলিবলৈ সক্ষম হৈছে বুলি তেওঁ অভিমত ব্যক্ত কৰে। এই প্ৰসংগত তথ্য দাঙি ধৰি তেওঁ কয় যে অসমৰ গাঁও সংযোগী ১১,০০০কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ, ‘ড০ ভূপেন হাজৰিকা সেতু’, ‘বগীবিল দলং’, ‘শৰাইঘাট দলং’কে ধৰি আন বহুতো দলং আৰু নিৰ্মীয়মান দলঙে অসমৰ পথ-সংযোগ ব্যৱস্থাটোকে শক্তিশালী কৰি তুলিছে। তদুপৰি, বাংলাদেশ, নেপাল, ভূটান আৰু ম্যানমাৰ সৈতে জলপথৰে সংযোগ সাধনৰ প্ৰসংগকো গুৰুত্ব সহকাৰে আগবঢ়াই থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, ৰে’ল আৰু বিমান পৰিবহণৰ বৰ্দ্ধিত আন্তঃগাঁথনিয়ে উন্নত উদ্যোগীক আৰু কৰ্ম সংস্থানৰ সম্ভাৱনা সৃষ্টি কৰিছে। ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰা্ষ্ট্ৰীয় বিমান বন্দৰ’ত ‘আধুনিক টাৰ্মিনেল’ আৰু ‘সীমা-শুল্ক কেন্দ্ৰ’ স্থাপন, কোকৰাঝাৰৰ ‘ৰূপশী বিমানঘাটী’ৰ আধুনিকীকৰণ, বঙাইগাঁৱত ‘মাল্টী মডেল লজিষ্টিক হাব’ আদিয়ে অসমৰ ঔদ্যোগীক বিকাশৰ যাত্ৰাত নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।  

গেছ-ভি্তিক অৰ্থনীতিৰ দিশে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসমে এক গুৰুত্বপূৰ্ণ অংশীদাৰৰ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। অসমৰ তেল আৰু গেছ-ৰে বিজড়িত আন্তঃগাঁথনিৰ উন্নয়ণৰ বাবে ৪০ হাজৰ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে বুলি তেওঁ তথ্য উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, গুৱাহাটী-বাৰাউনী গেছ পাইপলাইনে পূব ভাৰতৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ ব্যৱস্থাক শক্তিশালী কৰি তুলিব। নুমলীগড় শোধণাগাৰক ইতিমধ্যে জৈৱ-শোধণাগাৰ হিচাপে সংবৰ্দ্ধিত কৰাৰ দিহা কৰা হৈছে। ইয়ে ‘ইথানল’ৰ দৰে জৈৱ-ইন্ধনৰ এক গুৰুত্বপূৰ্ণ উতপাদক হিচাপে অসমক পৰিচিতি প্ৰদান কৰিব। ইফালে, নৱ প্ৰতিষ্ঠিত ‘অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান’(এইমছ) আৰু ‘ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে’ অঞ্চলটোৰ যুৱ-প্ৰজন্মৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব আৰু সামগ্ৰিক ভাবে অঞ্চলটোক স্বাস্থ্য আৰু শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলিও অভিমত প্ৰকাশ কৰি ভাষণৰ সামৰণি মাৰে প্ৰধানমন্ত্ৰীয়ে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Strength of 'janbhagidari' in India: PM Modi on people's support for fuel saving, no-gold-buy appeals

Media Coverage

Strength of 'janbhagidari' in India: PM Modi on people's support for fuel saving, no-gold-buy appeals
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥