উন্নত আন্তঃগাঁথনিৰে অসম ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে উজলি উঠিছে

ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়!

অসমৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাজী, ভাতৃ অতুল বৰাজী, শ্ৰী কেশৱ মহন্তজী, শ্ৰী সঞ্জয় কিশানজী, শ্ৰী জগমোহনজী, হাউচফেডৰ অধ্যক্ষ শ্ৰী ৰঞ্জিৎ কুমাৰ দাসজী, অন্য সকলো সাংসদ, বিধায়ক তথা অসমৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

মই অসমবাসীক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো৷ আহিবলগীয়া দিনবোৰ সকলোৰে বাবে সুখৰ আৰু সমৃদ্ধিপূৰ্ণ হওক!

সতীৰ্থসকল,

অসমৰ জনসাধাৰণৰ আশীৰ্বাদ, আপোনালোকৰ এই আত্মীয়তা মোৰ বাবে বহু সৌভাগ্যৰ কথা৷ আপোনালোকৰ এই প্ৰেম, এই স্নেহেই মোক অসমলৈ বাৰে বাৰে লৈ আনে৷ বিগত বৰ্ষসমূহত মই অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ, অসমৰ ভাই-ভনীসকলৰ সৈতে কথা পতাৰ আৰু বিকাশৰ কামৰ সৈতে জড়িত হোৱাৰ অৱকাশ লাভ কৰিছো৷ যোৱা বছৰ মই কোকৰাঝাৰত ঐতিহাসিক বড়ো চুক্তিৰ পিছত হোৱা উৎসৱত চামিল হোৱাৰ অৱকাশ লাভ কৰিছিলো৷ এতিয়া অসমৰ মূল অভিবাসীসকলৰ স্বাভিমান আৰু সুৰক্ষাৰ সৈতে জড়িত এনে বৃহৎ আয়োজনত, মই আপোনালোকৰ সুখত চামিল হ’বলৈ আহিছো৷ ১ লাখতকৈও অধিক মূল অভিবাসী পৰিয়ালক ভূমিৰ স্বামীত্বৰ অধিকাৰ প্ৰদান কৰাৰ দ্বাৰা জীৱনৰ এটা ডাঙৰ চিন্তা দূৰ হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

আজিৰ দিনটো স্বাভিমান, স্বাধীনতা আৰু সুৰক্ষা, এই তিনিওটা প্ৰতীকৰ এক প্ৰকাৰে সমাগম হৈছে৷ প্ৰথমে, আজি অসমৰ ভূমিৰ সৈতে প্ৰেম কৰোঁতাসকল, মূল অভিবাসীসকলৰ নিজৰ ভূমিৰ সৈতে জড়িতসকলক এক প্ৰকাৰে আইনী সংৰক্ষণ প্ৰদান কৰা হৈছে৷ দ্বিতীয়তে, এই কাম ঐতিহাসিক শিৱসাগৰৰ জেৰেংগা পথাৰৰ ভূমিত হৈছে৷ এই ভূমি অসমৰ ভৱিষ্যতৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা মহাসতী জয়মতীৰ বলিদানৰ ভূমি৷ মই তেওঁৰ অদম্য সাহস আৰু এই ভূমিক আদৰপূৰ্বক নমস্কাৰ কৰিছো৷ শিৱসাগৰৰ এই মহত্বক পৰিলক্ষিত কৰি ইয়াক দেশৰ পাঁচটা সবাতোকৈ Iconic Archaeological Sites ত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷

ভাতৃ আৰু ভগ্নীসকল,

আজি দেশত আমাৰ সবাতোকৈ প্ৰিয়, আমাৰ সকলোৰে শ্ৰদ্ধেয়, নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্মজয়ন্তী পালন কৰা হৈছে৷ এই দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত দেশে গ্ৰহণ কৰিছে৷ মা ভাৰতীৰ স্বাভিমান আৰু স্বতন্ত্ৰতাৰ বাবে নেতাজীৰ স্মৰণে আজিও আমাক প্ৰেৰণা প্ৰদান কৰে৷ আজিৰ পৰাক্ৰম দিৱসত সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে৷ সেইবাবে এফালে চাবলৈ গ’লে আজিৰ দিনটো আশা পূৰণৰ সৈতে আমাৰ ৰাষ্ট্ৰীয় সংকল্পৰ সিদ্ধিৰ সৈতে প্ৰেৰণা লাভ কৰাৰ অৱকাশ হিচাপেও বিবেচিত হৈছে৷

সতীৰ্থসকল,

আমি সকলো এনে এক সংস্কৃতিৰ ধ্বজ্বাবাহক য’ত আমাৰ ভূমি, আমাৰ ভূমিক কেৱল ঘাঁহ, মাটি, পাথৰৰ ৰূপত প্ৰত্যক্ষ কৰা নাযায়৷ অসমৰ মহান সন্তান, ভাৰতৰত্ন ভূপেন হাজৰিকাই কৈছিল- অ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়৷ অৰ্থাৎ হে ধৰিত্ৰী মাতৃ, মোক আপোনাৰ চৰণত ঠাই দিয়ক৷ আপোনাৰ অবিহনে কৃষকসকল ক’ত থাকিব? ভূমিবিনে অসহায় হ’ব৷

সতীৰ্থসকল,

এয়া অতিশয় দুখৰ কথা যে ইমান বছৰৰ পিছতো অসমত লক্ষাধিক এনে পৰিয়াল আছে যি কোনোবা নহয় কোনোবাটো কাৰণত নিজৰ ভূমিৰ আইনী অধিকাৰ লাভ কৰা নাই৷ ইয়াৰ ফলত বিশেষকৈ আদিবাসী ক্ষেত্ৰৰ এক বৃহৎ আবাদী ভূমিহীন হৈছে, তেওঁলোকৰ আজীৱিকালৈ সংকট নামি আহিছে৷ অসমত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল তেতিয়া সেই সময়ত প্ৰায় ৬ লাখ খিলঞ্জীয়া পৰিয়াল এনে আছিল যাৰ ওচৰত ভূমিৰ কোনো আইনী কাগজ-পত্ৰ নাছিল৷ পূৰ্বৰ চৰকাৰত আপোনালোকৰ এই চিন্তাই কোনো স্থান পোৱা নাছিল, প্ৰাথমিকতা পোৱা নাছিল৷ কিন্তু সৰ্বানন্দ সোণোৱালজীৰ নেতৃত্বত চৰকাৰে আপোনালোকৰ এই চিন্তা দূৰ কৰাৰ বাবে গম্ভীৰতাৰ সৈতে কাম কৰিছে৷ আজি অসমৰ খিলঞ্জীয়াসকলৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণৰ সৈতে ভূমিৰ সৈতে জড়িত অনেক অধিকাৰ সুৰক্ষিত কৰাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ ২০১৯ চনত যি নতুন ভূমি নীতি প্ৰৱৰ্তন কৰা হৈছে, তাৰ দ্বাৰা ইয়াৰ চৰকাৰৰ দায়ৱদ্ধতা প্ৰদৰ্শিত হছে৷ এই প্ৰয়াসসমূহৰ পৰিণাম হ’ল এয়াই যে বিগত বৰ্ষসমূহত আঢ়ৈ লাখতকৈও অধিক খিলঞ্জীয়া পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে৷ এতিয়া ইয়াত ১ লক্ষাধিক পৰিয়াল জড়িত হ’ব৷ অসমৰ প্ৰতিটো পৰিয়ালে যাতে ভূমিৰ আইনী অধিকাৰ লাভ কৰে তাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

ভূমিৰ পট্টা লাভৰ দ্বাৰা খিলঞ্জীয়াসকলৰ দীৰ্ঘকালীন দাবী পূৰণ হ’ব, ইয়ৰ দ্বাৰা লক্ষাধিক জীৱনৰ স্তৰ বিকশিত হোৱাৰ পথ প্ৰশস্ত হৈছে৷ এতিয়া তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অনেক যোজনাসমূহৰ লাভ পোৱাটো নিশ্চিত হৈ পৰিছে৷ এতিয়া তেওঁলোক অসমৰ সেই লক্ষাধিক পৰিয়ালৰ সৈতে অন্তৰ্ভুক্ত হ’ব যিসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত হাজাৰ টকাৰ সাহায্য প্ৰত্যক্ষভাৱে নিজৰ একাউণ্টত লাভ কৰিছে৷ এতিয়া তেওঁলোকে কিষাণ ক্ৰেডিট কাৰ্ড, ফচল বীমা যোজনা আৰু কৃষকৰ বাবে প্ৰণয়ন কৰা আনবোৰ যোজনাৰ লাভ আদায় কৰিব পাৰিব৷ এয়াই নহয়, তেওঁ নিজৰ ব্যৱসায়ৰ বাবে এই ভূমিত বেংকৰ পৰা ঋণ সহজে লাভ কৰিব৷

ভাতৃ আৰু ভগ্নীসকল,

অসৰ প্ৰায় ৭০টা সৰু-ডাঙৰ জনজাতিক সামাজিত সংৰক্ষণ প্ৰদান কৰি তেওঁলোকৰ দ্ৰুত বিকাশ কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব৷ অটলজীৰ চৰকাৰেই হওক অথবা বিগত কিছু বৰ্ষৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যত এনডিএ চৰকাৰ, অসমৰ সংস্কৃতি, স্বাভিমান আৰু সুৰক্ষা কৰাটো আমাৰ অগ্ৰাধিকাৰলৈ পৰিণত হৈছে৷ অসমীয়া ভাষা আৰু সাহিত্যক উৎসাহিত কৰাৰ বাবে অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এইদৰে প্ৰতিটো সম্প্ৰদায়ৰ মহান ব্যক্তিত্বক সন্মান দিয়াৰ কাম বিগত বৰ্ষসমূহত অসমৰ ভূমিত কৰা হৈছে৷ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, তেওঁৰ শিক্ষা অসমৰ সৈতে সম্পূৰ্ণ দেশ, সমগ্ৰ মানৱতাৰ বাবে অমূল্য সম্পত্তি৷ এনে ধৰোহৰক সংৰক্ষিত আৰু প্ৰচাৰ কৰাৰ বাবে প্ৰয়াস হওক, এয়া প্ৰতিখন চৰকাৰৰ দায়িত্ব হোৱাটো আৱশ্যক আছিল৷ কিন্তু বটদ্ৰৱা সত্ৰসহিতে আনবোৰ সত্ৰৰ সৈতে কি ব্যৱহাৰ কৰা হ’ল, এয়া অসমৰ লোকৰ বাবে নতুন কথা নহয়৷ বিগত চাৰে চাৰি বছৰত অসম চৰকাৰে আস্থা আৰু আধ্যাত্মিকাৰ এই স্থানসমূহক ভব্য কৰি তুলিবলৈ, কলাৰ সৈতে জড়িত ঐতিহাসিক বস্তুসমূহক সংবদ্ধ কৰাৰ বাবে অনেক প্ৰয়াস কৰিছে৷ এইদৰে অসম আৰু ভাৰতৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বেদখলৰ পৰা মুক্ত কৰাৰ বাবে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

আত্মনিৰ্ভৰ ভাৰতৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশ, অসম দ্ৰুত বিকাশ অতিশয় আৱশ্যক৷ আত্মনিৰ্ভৰ অসমৰ পথ অসমৰ জনসাধাৰণৰ আত্মবিশ্বাসৰ সৈতে আগবাঢ়ে৷ অসমৰ প্ৰায় এক দশমিক পসত্তৰ কোটি দৰিদ্ৰৰ জন ধন বেংক একাউণ্ট মুকলি কৰা হৈছে৷ এই একাউণ্টসমূহৰ বাবে ক’ৰোনাৰ সময়তো অসমৰ সহস্ৰাধিক ভগ্নী আৰু লক্ষাধিক কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ধন স্থানান্তৰণ সম্ভৱ হৈছে৷ আজি অসমৰ প্ৰায় ৪০ শতাংশ জনসাধাৰণে আয়ুষ্মান ভাৰত হিতাধিকাৰী হোৱাৰ জৰিয়তে প্ৰায় ডেৰ লাখ বন্ধুৱে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিছে৷ বিগত ৬ বছৰত অসমত টয়লেটৰ কভাৰেজ ৩৮ শতাংশতকৈও অধিক হৈছে৷  ৫ বছৰ পূৰ্বে অসমৰ ৫০ শতাংশতকৈও কম ঘৰত বিদ্যুতৰ সুবিধা নাছিল, যি এতিয়া প্ৰায় ১০০ শতাংশ হৈছে৷ জল জীৱন অভিযানৰ অধীনত বিগত ডেৰ বছৰত অসমত আঢ়ৈ লাখতকৈও অধিক ঘৰত পানীৰ সংযোগ প্ৰদান কৰা হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিন, ৩-৪ বছৰত অসমৰ প্ৰতিখন ঘৰলৈ পাইপেৰে পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

এই যিমানবোৰ সুবিধা উপলব্ধ হৈছে ইয়াৰ অধিকাংশ লাভ আমাৰ ভগ্নী-কন্যাসকলে লাভ কৰিব৷ অসমৰ ভগ্নী-কন্যাসকলে উজ্বলা যোজনাৰ পৰাও উপকৃত হৈছে৷ আজি অসমৰ প্ৰায় ৩৫ লাখ দৰিদ্ৰ ভনীসকলৰ পাকঘৰত উজ্বলা গেছৰ সংযোগ প্ৰদান কৰা হৈছে৷ ইয়াতো প্ৰায় ৪ লাখ পৰিয়াল অনুসূচীত জাতি/জনজাতিৰ লোক আছে৷ ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ কেন্দ্ৰত গঠন হ’ল তেতিয়া অসমত এলপিজিৰ কভাৰেজ কেৱল ৪০ শতাংশ আছিল৷ এতিয়া উজ্বলাৰ বাবে অসমত এলপিজি কভাৰেজ বৃদ্ধি হৈ প্ৰায় ৯৯ শতাংশ হৈছে৷ অসমৰ দূৰ-দুৰণিৰ এলেকাত গেছৰ যোগানত যাতে সমস্যা নহওক, তাৰবাবে চৰকাৰে বিতৰকৰ সংখ্যা বৃদ্ধি কৰিছে৷ ২০১৪ চনত অসমত তিনিশ ত্ৰিশ এলপিজি গেছ বিতৰক আছিল, এতিয়া এই সংখ্যা বৃদ্ধই হৈ পাঁচশ পসত্তৰতকৈও অধিক হৈছে৷ আমি দেখা পাইছো যে কিদৰে উজ্বলাই ক’ৰোনাৰ সময়তো জনসাধাৰণৰ সহায় কৰিছে৷ এই সময়ছোৱাত অসমত ৫০ লাখতকৈও অধিক বিনামূলীয়া গেছ চিলিণ্ডাৰ উজ্বলাৰ হিতাধিকাৰীসকললৈ প্ৰদান কৰা হৈছে৷ অৰ্থাৎ উজ্বলা যোজনাত অসমৰ ভগ্নীসকলৰ জীৱনো সৰল হৈছে আৰু ইয়াৰ বাবে যি নতুন বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে তাৰ দ্বাৰা অনেক যুৱক-যুৱকতীয়ে ৰোজগাৰৰ সুবিধা লাভ কৰিছে৷

সতীৰ্থসকল,

সকলোৰে সৈতে –সকলোৰে বিকাশ, সকলোকে বিশ্বাস, এই মন্ত্ৰত আগবঢ়া আমাৰ চৰকাৰে অসমৰ প্ৰতিটো প্ৰান্তত, প্ৰতিটো শ্ৰেণীয়ে যাতে ক্ষীপ্ৰতাৰে লাভান্বিত হয় সেই প্ৰয়াসত নামি পৰিছে৷ পূৰ্বৰ নীতিসমূহৰ ফলত চাহ জনজাতিৰ স্থিতি কেনে হৈছিল সেয়া মোতকৈ আপোনালোকে ভালদৰে জানে৷ এতিয়া চাহ জনজাতীয় লোকসকলক ঘৰ আৰু শৌচালয়ৰ দ্বাৰা মূল সুবিধাসমূহৰ সৈতে জড়িত কৰোৱা হৈছে৷ তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰিছে৷ চাহ জনজাতীয় লোকসকলৰ শিশুসকলে শিক্ষা, স্বাস্থ্য আৰু যুৱক-যুৱতীসকলে ৰোজগাৰৰ সুবিধা লাভ কৰিছে৷ প্ৰথমবাৰলৈ তেওঁলোকক বেংকৰ সুবিধাৰ সৈতে জড়িত কৰোৱা হৈছে৷ শ্ৰমিক নেতা সন্তোষ টপ্নৰ সৈতে চাহ জনজাতিৰ অন্য বৃহৎ নেতাসকলৰ প্ৰতিমা স্থাপন কৰি, ৰাজ্য চৰকাৰে চাহ জনজাতিৰ যোগদানক সন্মান প্ৰদান কৰিছে৷

সতীৰ্থসকল,

অসমৰ প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো জনজাতিক লগত লৈ এই নীতিৰ সৈতে অসম শান্তি আৰু প্ৰগতিৰ পথত আগবাঢ়িছে৷ ঐতিহাসিক বড়ো চুক্তিৰ জৰিয়তে অসমত শান্তি আৰু বিকাশৰ পথ উভতি আহিছে৷ চুক্তিৰ পিছত শেহতীয়াকৈ বড়ো স্বায়ত্বশাসিত ভূমি পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷ মোৰ বিশ্বাস যে এতিয়া বড়ো স্বায়ত্বশাসিত পৰিষদৰ বিকাশ আৰু বিশ্বাসৰ নতুন প্ৰতিমূৰ্তি স্থাপন হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

বৰ্তমান আমাৰ চৰকাৰে অসমৰ প্ৰয়োজন চিনাক্ত কৰি, প্ৰতিটো প্ৰজেক্টত দ্ৰুতগতিত কাম চলাই আছে। বিগত ৬ বছৰ ধৰি অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ আৰু আন্তঃগাঠনিৰ অভূতপূৰ্ব প্ৰচাৰো হৈ আছে, আধুনিকো হৈ আছে। আজি অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ এক্টইষ্ট পলিচী, পূব এছীয় দেশৰ সৈতে আমাৰ সংযোগো বৃদ্ধি কৰি আছে। উপযুক্ত আন্তঃগাঠনিৰ বাবে অসম, আত্মনিৰ্ভৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ বিভাগৰূপে বিকশিত হৈ আছে। বিগত বৰ্ষত অসমৰ গাঁওসমূহত প্ৰায় ১১ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। ডাক্তৰ ভূপেন হাজৰিকা সেঁতুই হওক, বগীবিল দলঙে হওক, শৰাইঘাট দলঙে হওক, এনে যিসমূহ দলং নিৰ্মাণ হৈ উঠিছে বা নিৰ্মাণৰত, ইয়াৰ দ্বাৰা অসমৰ সংযোগ শক্তিশালী হৈছে। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ লোকসকল আহ-যাহ কৰিবলৈ দীঘলীয়া পথ অতিক্ৰম কৰিব নালাগে আৰু লগতে বিপদসংকুল পথেৰে অহা-যোৱা কৰি নিজৰ জীৱন বিপদতো পেলাব নালাগে। ইয়াৰোপৰি জলপথসমূহেৰে বাংলাদেশ, নেপাল, ভূটান আৰু ম্যানমাৰৰ সৈতে সংযোগ সন্দৰ্ভত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে।

সতীৰ্থসকল,

অসমত যেতিয়াৰ পৰা ৰে'ল আৰু বিমান সংযোগৰ পৰিসৰ বৃদ্ধি হৈছে, সঞ্চালন ব্যৱস্থাৰ সৈতে সংলগ্ন সুবিধাসমূহো উন্নত হৈ উঠিছে, সেই একেদৰে ইয়াত উদ্যোগ আৰু কৰ্মসংস্থাপনৰ নতুন সম্ভাৱনাৰো সৃষ্টি হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আধুনিক টাৰ্মিনেল আৰু শুল্ক নিষ্পত্তি কেন্দ্ৰৰ নিৰ্মাণ হওক, কোকৰাঝাৰত ৰুপসী বিমানবন্দৰ আধুনিকীকৰণ হওক, বঙাইগাঁৱত Multi-model logistics hubৰ নিৰ্মাণ হওক, এনেধৰণৰ সুবিধাৰ পৰাই অসমত ঔদ্যোগিক বিকাশে নতুন শক্তি লাভ কৰিব।

ভাতৃ আৰু ভগ্নীসকল,

যিটো সময়ত ভাৰত Gasbased economyৰ ফালে দ্ৰুতগতিত আগবাঢ়িছে, অসমো এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। অসমত তেল আৰু গেছৰ সৈতে সংলগ্ন আন্তঃগাঠনিত বিগত বৰ্ষত ৪০ হাজাৰ কোটি টকাতকৈ অধিক ধনৰ বিনিয়োগ কৰা হৈছে। গুৱাহাটী-বাৰাউনী গেছ পাইপ লাইনেৰে উত্তৰ-পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ গেছ সংযোগ শক্তিশালী হৈ উঠিব আৰু অসমত কৰ্মসংস্থাপনৰ নতুন সুযোগ লাভ কৰিব। নুমলীগড় তেল শোধনাগাৰৰ উদ্বোধন কৰাৰ লগতে তাত এতিয়া বায়'-শোধনাগাৰৰ সুবিধাও সংযুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে তেল আৰু গেছৰ লগতে অসম ইথানলৰ দৰে বায়'ফুয়েল নিৰ্মাণ কৰা ৰাজ্যৰ ভিতৰত প্ৰধান ৰাজ্য হৈ উঠিব।

ভাতৃ আৰু ভগ্নীসকল,

স্বাস্থ্য আৰু শিক্ষাৰ কেন্দ্ৰবিন্দুৰ ৰূপতো বিকশিত হ'বলৈ ধৰিছে অসম। AIIMS আৰু Indian Agricultural Research Instituteৰ দৰে প্ৰতিষ্ঠান গঢ়ি উঠাৰ বাবে অসমৰ নৱ-প্ৰজন্মই আধুনিক শিক্ষা লাভৰ নতুন সুযোগ লাভ কৰিব। যিদৰে অসমত ক'ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া হৈছে সেয়া যথেষ্ট প্ৰশংসনীয়। মই অসমৰ জনতাৰ লগতে সোণোৱালজী, হিমন্তজী আৰু তেওঁৰ দলক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ বিশ্বাস যে অসমে এতিয়া টীকাকৰণ অভিযানো সফল কৰি তুলিব। মোৰ অসমবাসীলৈ আহ্বান যে, ক'ৰোনা টীকাকৰণৰ টীকা নিশ্চয় লওক। লগতে এইটো মনত ৰাখিব যে টীকাৰ এটা পালি নহয়, দুটা পালি লোৱাটো প্ৰয়োজন।

 

বন্ধুসকল,

ভাৰতত নিৰ্মিত টীকাৰ চাহিদা সমগ্ৰ বিশ্বতে হৈ আছে। ভাৰততো লাখ লাখ লোকে টীকা ইতিমধ্যে লৈছে। আমি টীকা ল'বও লাগিব আৰু সাৱধানতাও অৱলম্বন কৰিব লাগিব। শেষত পুনৰবাৰ সেইসকল বন্ধুক বহুত-বহুত শুভেচ্ছা জ্ঞাপন কৰিছো, যিসকলে ভূমিৰ অধিকাৰ লাভ কৰিছে। আপোনালোক স্বাস্থ্যৱান হৈ থাকক, আপোনালোকৰ উন্নতি হওক, এই কামনাৰে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিলো! মোৰ লগতে কওক, ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India crosses 20k organ transplants/yr for 1st time

Media Coverage

India crosses 20k organ transplants/yr for 1st time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥