Every festival brings our society together: PM Modi
This Diwali, let us celebrate the accomplishments of our Nari Shakti. This can be our Lakshmi Pujan: PM

আজি নতুন দিল্লীৰ দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা দশেৰা উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক শুভেচ্ছা জনায়৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত উৎসৱৰ ভূমি৷ বৈচিত্ৰময় সংস্কৃতিৰ বাবে ভাৰতৰ যিকোনো অংশত কোনোবাটো নহয় কোনোবা এটা উৎসৱ সদায়েই অনুষ্ঠিত হৈয়েই থাকে৷ ভাৰতৰ উৎসৱসমূহৰ জৰিয়তে আমি ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰতা উদযাপন কৰো৷ আমি বিভিন্ন ধৰণৰ কলা, সংগীত, গীত আৰু নৃত্যৰ বিষয়ে জানিব পাৰো, তেওঁ এইদৰে কয়৷

তেওঁ কয় যে ভাৰত শক্তি সাধনাৰ ভূমি৷ যোৱা ন দিন আমি মাৰ আৰাধনা কৰিলো৷ এই ভাৱনাক আগুৱাই নি তেওঁ ইয়াত মহিলা সৱলীকৰণ তথা সন্মানৰ পূজন বুলি অভিহিত কৰে৷

‘মন কী বাত’ত উল্লেখ কৰা ‘ঘৰ কী লক্ষ্মী’ৰ বিষয়ে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এই দেৱালীত নাৰী শক্তিৰ উদযাপন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আজি বিজয়া দশমী আৰু বায়ু সৈন্যবাহিনী দিৱসো৷ ভাৰতে বায়ু সৈন্যবাহিনীক লৈ গৌৰৱ কৰে, তেওঁ এইদৰে কয়৷

মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিজয়া দশমীৰ দিনা এটা অনুৰোধ কৰে৷ তেওঁ জনতাক এই বৰ্ষটোত এটা অভিযান গ্ৰহণ কৰি তাক পূৰণ কৰাৰ দিশত অগ্ৰসৰ হ’বলৈ অনুৰোধ জনায়৷ এই অভিযান যিকোনো ধৰণৰ হ’ব পাৰে- খাদ্য অপব্যয় নকৰা, শক্তি সংৰক্ষণ কৰা, পানী সংৰক্ষণ কৰা৷ তেওঁ কয়, যদি আমি সকলোৱে সামূহিক সত্বাৰ শক্তি অনুধাৱন কৰিব বিচাৰিছো তেন্তে আমি ভগৱান শ্ৰী কৃষ্ণ আৰু ভগৱান শ্ৰী ৰামৰ পৰা অনুপ্ৰেৰণা ল’ব পাৰো৷

প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা শ্ৰী ৰাম লীলা ছ’চাইটিয়ে অনুষ্ঠিত কৰা ৰামলীলা প্ৰত্যক্ষ কৰে৷ তাৰোপৰি তেওঁ অনুষ্ঠানটোত অনীতিৰ ওপৰত সুনীতিৰ বিজয়ৰ প্ৰতীক হিচাপে ৰাৱন, কুম্ভকৰ্ণ আৰু মেঘনাদৰ মূৰ্তিৰ দহনো প্ৰত্যক্ষ কৰে৷

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."