Parliament represents the dreams and voice of 125 crore Indians: PM Modi
Everything said in Parliament is of immense value and provides an opportunity for policy makers and Government to resolve important issues: PM
Disruptions in the Parliament are a loss to the nation than to the government: PM Modi
It is the responsibility of the parliamentarians to ensure smooth functioning of Parliament: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সংসদীয় গোটে নতুন দিল্লীত আয়োজন কৰা শ্ৰেষ্ঠ সংসদীয় বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে৷ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দে সংসদৰ চেণ্ট্ৰেল হ’লত এই বঁটা প্ৰদান কৰে৷ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম.ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজনো অনুষ্ঠানত উপস্থিত থাকে৷

বঁটা বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদ আৰু দেশলৈ তেওঁলোকৰ অৱদান দেশবাসীয়ে সদায় মনত ৰাখিব৷ এই শ্ৰেষ্ঠ সাংসদসকলৰ সৈতে একেলগে কাম কৰা আৰু তেওঁলোকৰ পৰা শিকিব পোৱাতো গৌৰৱৰ বিষয় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয় যে দেশৰ সংসদে ১২৫ কোটি ভাৰতীয়ৰ সপোন আৰু কণ্ঠক প্ৰতিনিধিত্ব কৰে৷ সংসদত উত্থাপন কৰা প্ৰতিটো কথাৰ অপৰিসীম মূল্য আছে আৰু ইয়ে গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিবলৈ চৰকাৰ আৰু নীতি নিৰ্ধাৰকসকলক এক সুযোগ দিয়ে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদত ব্যাঘাত জন্মালে সাধাৰণ নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ সংসদৰ সময় বিনষ্টকৰণে চৰকাৰতকৈ দেশৰহে ক্ষতিসাধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদৰ কাম-কাজ নিয়াৰিকৈ চলিবলৈ দিয়াতো প্ৰতিগৰাকী সাংসদৰ কৰ্তব্য, যাতে সকলো সাংসদে নিজৰ বিষয়সমূহ উত্থাপনৰ সুযোগ লাভ কৰে৷

 

  Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride