প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াত ষ্টেচু অব্ ইউনিটীত ৪৩০ গৰাকী চিভিল ছাৰ্ভিচৰ শিক্ষানবিচ, বিষয়া আৰু অন্য ব্যক্তিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা শিক্ষানবিচসকলৰ আচুতীয়া সাক্ষাৎকাৰত তেওঁলোকে কৃষি আৰু গ্ৰামীণ সৱলীকৰণ, স্বাস্থ্যসেৱা আৰু নীতি নিৰ্ধাৰণ, বহনক্ষম গ্ৰামীণ ব্যৱস্থাপনা কৌশল, সামূহিক নগৰীকৰণ আৰু শিক্ষাৰ ভৱিষ্যত শীৰ্ষক বিভিন্ন বিষয়ৰ উপস্থাপন প্ৰদৰ্শন কৰে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত এইদৰে কয়, ‘‘দেশত বিভিন্ন চিভিল ছাৰ্ভিচেছৰ সংযুক্ত ভেঁটি পাঠ্যক্ৰমে ভাৰতত চিভিল ছাৰ্ভিচেছৰ নতুন অধ্যায় মুকলি কৰিছে৷ এই পৰ্যন্ত আপোনালোকে মুছৌৰী, হায়দৰাবাদ আৰু অন্যান স্থানসমূহত আপোনালোকৰ কেন্দ্ৰ মুকলি কৰিছে৷’’

উক্ত প্ৰয়াসৰ প্ৰশংসা কৰি তেওঁ কয়, ‘‘আপোনালোকৰ সৈতে চিভিল ছাৰ্ভিচেছৰ উপযুক্ত একত্ৰীকৰণ সম্ভৱ হৈছে৷ ‘আৰম্ভ’ নিজেই এক সংশোধন৷ এই সংশোধন কেৱল প্ৰশিক্ষণতেই সীমাৱদ্ধ হৈ থকা নাই৷ ইয়াৰ জৰিয়তে দৃষ্টিকোণ আৰু বীক্ষণো বিস্তৃত হৈছে৷ এয়া হ’ল চিভিল ছাৰ্ভিচেছৰ সংবদ্ধ ৰূপ৷ এই ‘আৰম্ভ’ আপোনালোকৰ সৈতে সূচনা হৈছে৷’’

প্ৰধাননমন্ত্ৰীয়ে কয় যে ইয়াৰ অধীনত প্ৰশিক্ষাৰ্থী বিষয়াসকলক সামাজিক তথা অৰ্থনৈতিক বিশ্বজনীন প্ৰসিদ্ধ ব্যক্তি আৰু বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপ কৰা অৱকাশ প্ৰদান কৰা হৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত চিভিল ছাৰ্ভিচেছক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তোলাত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা আছিল অপৰিসীম৷

‘‘ৰাষ্ট্ৰ নিৰ্মাণ আৰু ৰাষ্ট্ৰৰ প্ৰগতিত সকলো চিভিল ছাৰ্ভিচেছক এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে চৰ্দাৰ বল্লভভাই পেটেলে প্ৰয়াস কৰিছিল৷ নিজৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ তেওঁ অনেক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সেইসময়ত এটা সাধাৰণ ধাৰণা এয়া আছিল যে কিদৰে সেই বিষয়াসকলক ৰাষ্ট্ৰৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা যাব যিসকলে স্বতন্ত্ৰতা আন্দোলন মষিমূৰ কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ কিন্তু নিজৰ দৃষ্টিকোণৰ জৰিয়তে চৰ্দাৰ পেটেলে দেশবাসীৰ সন্মুখত এই ধাৰণা ভংগ কৰিবলৈ সমৰ্থ হৈছিল৷’’

প্ৰধানমন্ত্ৰীয়ে শিক্ষানবিচ বিষয়াসকলক কয় যে চৰ্দাৰ পেটেলে বাৰম্বাৰ এয়া দৰ্শাইছিল যে কিদৰে সাধাৰণ মানুহৰ জীৱন পৰিৱৰ্তিত কৰিব পাৰি, ইয়াৰ বাবে কঠোৰ ইচ্ছাশক্তি আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন৷

চৰ্দাৰ পেটেলৰ ক্ষমতাসমূহৰ বিষয়ে আলোকপাত কৰি তেওঁ কয়, ‘‘প্ৰায় ১০০ বছৰৰ পূৰ্বে তেওঁ সীমিত সংসাধনৰ সৈতে ১০ বছৰৰ ভিতৰত আহমেদাবাদ নগৰপালিকাৰ সংশোধনৰ উপায় উলিয়াই নিজৰ ক্ষমতা সিদ্ধ কৰিছিল৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এই দৃষ্টিকোণৰ সৈতে চৰ্দাৰ পেটেলে স্বতন্ত্ৰ ভাৰতত চিভিল ছাৰ্ভিচেছৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল৷’’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষানবিচ বিষয়াসকলক নিৰপেক্ষতাৰ সৈতে সকলো প্ৰয়াস কৰাৰ তথা নিঃস্বাৰ্থ হৈ প্ৰকৃত ভাৱনাৰে কাম কৰাৰ বাবে আহ্বান জনায়৷

‘‘নিৰপেক্ষতা আৰু নিঃস্বাৰ্থৰ সৈতে কৰা প্ৰত্যেকটো প্ৰয়াস নতুন ভাৰতৰ বাবে শক্তিশালী ভেঁটি হিচাপে বিবেচিত হ’ব৷’’

‘‘নতুন ভাৰতৰ বীক্ষণ আৰু সপোনক বাস্তৱায়িত কৰিবলৈ আমাৰ বিষয়াসকলৰ দৃষ্টিভংগীও একবিংশ শতিকাৰ দৰে হ’ব লাগে৷ আমাক এনে বিষয়াৰ প্ৰয়োজন যিয়ে ৰচনাত্মক আৰু তৰ্কসাধ্য, কল্পনাশীল আৰু নৱোন্মেষী, অগ্ৰসক্ৰিয় আৰু বিনম্ৰ, ব্যৱসায়িক আৰু প্ৰগতিশীল, উৰ্জাবান আৰু সক্ষম, দক্ষ আৰু প্ৰভাৱী, পাৰদৰ্শী আৰু প্ৰযুক্তিগত দৃষ্টিৰে সক্ষম হ’ব পাৰে৷’’

তেওঁ কয় যে অধিকাংশ জ্যেষ্ঠ বিষয়াসকলে পথ, বাহন, টেলিফোন, ৰে’লৱে, হাস্পতাল, বিদ্যালয়, মহাবিদ্যালয় আদিৰ অভাৱ স্বত্বেও বহু লাভ কৰিছে৷

‘‘আজি অৱস্থাৰ পৰিৱৰ্তন হৈছে৷ ভাৰতে অসাধাৰণ প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছে৷ আমাৰ ওচৰত প্ৰচুৰ মাত্ৰাত যুৱ শক্তি, প্ৰচুৰ মাত্ৰাত আধুনিক প্ৰযুক্তি আৰু খাদ্য সংসাধন আছে৷ এতিয়া আপোনালোকৰ গুৰু দায়িত্ব হ’ল ভাৰতৰ ক্ষমতা বৃদ্ধি কৰা আৰু ইয়াৰ স্থায়িত্ব শক্তিশালী কৰা৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষানবিচসকলে নিজকে ৰাষ্ট্ৰ সেৱাৰ প্ৰতি সমৰ্পিত কৰিব লাগে৷

তেওঁ কয়, ‘‘আপোনালোকে কেৱল কেৰিয়াৰ অথবা চাকৰিৰ বাবে ইয়ালৈ অহা নাই৷ আপোনালোকে সেৱাই পৰম ধৰ্মৰ মন্ত্ৰৰ সৈতে ইয়ালৈ আহিছে৷’’

‘‘আপোনালোকৰ এটা পদক্ষেপে, এটা হস্তাক্ষৰে লক্ষাধিক জীৱনক প্ৰভাৱিত কৰিব৷ আপোনালোকৰ নিৰ্ণয় স্থানীয় আৰু ক্ষেত্ৰীয় হ’ব পাৰে কিন্তু ইয়াৰ উদ্দেশ্য ৰাষ্ট্ৰীয় হ’ব৷ আপোনালোকে সদায়েই এই চিন্তা কৰিব লাগে যে আপোনালোকৰ সিদ্ধান্তৰ দ্বাৰা ৰাষ্ট্ৰ কিদৰে প্ৰভাৱান্বিত হ’ব৷’’

‘‘আপোনালোকৰ সিদ্ধান্ত সদায়েই বুনিয়াদী সিদ্ধান্তৰ ভিত্তিত হ’ব লাগে৷ মহাত্মা গান্ধীয়ে কৈছিল যে আপোনালোকৰ সিদ্ধান্ত সমাজৰ আটাইতকৈ তলৰ বৰ্গৰ ব্যক্তিজনকো প্ৰভাৱিত কৰা ধৰণৰ হ’ব লাগে৷’’

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত উপেক্ষিত হৈ থকা ১০০ত কৈও অধিক প্ৰত্যাশী জিলাৰ স্থিতি বৰ্ণনা কৰে৷

‘‘উৎসাহ আৰু চিন্তাৰ সৈতে আমি বিভিন্ন দিশত কাম কৰিবলৈ যাও বাবে সংসাধনৰ অভাৱ হৈ পৰে৷ ইয়াৰ পৰিৱৰ্তে আপোনালোকে এটা বিষয়ত কাম কৰক৷ এখন জিলাত এটা সমস্যাৰ সম্পূৰ্ণ সমাধান৷ এটা সমস্যাৰ ওপৰত কাম কৰক৷ আপোলালোকৰ আত্মবিশ্বাসো বৃদ্ধি হ’ব আৰু জনতাৰ বিশ্বাসো বৃদ্ধি হ’ব৷’’

‘‘আপোনালোকে কঠোৰ শক্তিৰ পৰিৱৰ্তে নৰম শক্তিৰ প্ৰদৰ্শন কৰিব লাগে৷ আপোনালোক জনতাৰ বাবে সুলভ হ’ব লাগে৷ এই দেশত যদি সাধাৰণ মানুহৰ সমস্যা ভালদৰে শুনা যায় তেন্তে তেওঁলোক তাতেও সুখী হয়৷ তেওঁলোকে নিজৰ সমস্যা সমাধান কৰাৰ বাবে এখন মঞ্চ বিচাৰে৷’’

প্ৰধানমন্ত্ৰীয়ে চিভিল ছাৰ্ভিচেছৰ বিষয়াসকলক প্ৰযুক্তিগত সমাধানৰ সৈতে কাম কৰি দেশক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশত আগুৱাই নিবলৈ আহ্বান জনায়৷

पूरा भाषण पढ़ने के लिए यहां क्लिक कीजिए

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ছেপ্টেম্বৰ 2026
September 13, 2026

Confidence on the Stage, Consensus in the Room: India’s BRICS 2026 Under PM Modi

PM Modi’s India: UPI in the Pocket, Solar on the Roof, Freight on the Rail