PM Modi and Bangladesh PM jointly launch projects pertaining to LPG, vocational training and social facility
In one year, we have inaugurated total 12 joint projects (between India and Bangladesh): PM Modi

মাননীয় প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা,

মাননীয়সকল,

বন্ধুসকল,

নমস্কাৰ!!

সকলোকে শাৰদীয় শুভেচ্ছা যাছিলো!

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ডাঙৰীয়ানীৰ সৈতে তিনিটা দ্বিপাক্ষিক প্ৰকল্প মুকলি কৰিবলৈ পাই মই সুখী অনুভৱ কৰিছো৷ যোৱা এবছৰত আমি ভিডিঅ’ লিংকযোগে ৯টা প্ৰকল্প মুকলি কৰিছিলো৷ আজিৰ এই তিনিটা প্ৰকল্পৰ সৈতে আমি এবছৰত এক ডজন প্ৰকল্প মুকলি কৰিবলৈ সক্ষম হলো৷ এই সাফল্যৰ বাবে মই দুয়োখন দেশৰ চৰকাৰী বিষয়া আৰু নাগৰিকসকলক অভিনন্দন জনাইছো৷

তিনিটা প্ৰকল্প তিনিটা ভিন্ন ক্ষেত্ৰ– এল পি জি আমদানিবৃত্তিমূলক প্ৰশিক্ষণ আৰু সামাজিক সুবিধা৷ কিন্তু তিনিওটা প্ৰকল্পৰে উদ্দেশ্য একে৷ আৰু সেয়া হ– আমাৰ নাগৰিকসকলৰ জীৱনৰ উত্তৰণ কৰা৷ ভাৰতবাংলাদেশৰ সম্পৰ্কৰো মূল আধাৰ এয়াই৷ ভাৰতবাংলাদেশৰ মিত্ৰতাৰ ভেঁটি হল যাতে আমাৰ মিত্ৰতাই দুয়োখন দেশৰ নাগৰিক জীৱনৰ উত্তৰণ হোৱাটো নিশ্চিত কৰে৷

বাংলাদেশৰ পৰা এল পি জিৰ যোগানে দুয়োখন দেশকে উপকৃত কৰিব৷ ই বাংলাদেশত ৰপ্তানিউপাৰ্জন আৰু নিয়োজনো বৃদ্ধি কৰিব৷ ১৫০০ কিলোমিটাৰৰ দূৰত্ব হ্ৰাসে অৰ্থনৈতিকভাৱে উপকৃত কৰাৰ লগতে পৰিবেশৰ ক্ষতিও হ্ৰাস কৰিব৷ দ্বিতীয়টো প্ৰকল্পবাংলাদেশভাৰত পেছাগত দক্ষতা উন্নয়ন প্ৰতিষ্ঠানে বাংলাদেশত ঔদ্যোগিক বিকাশৰ বাবে দক্ষ মানৱ সম্পদ আৰু প্ৰযুক্তিবিদৰ সৃষ্টি কৰিব৷

মহোদয়া,

আৰু শেষৰ প্ৰকল্পটো হল ঢাকাত ৰামকৃষ্ণ মিছনত বিবেকানন্দ ভৱনৰ প্ৰকল্প৷ ইয়াৰ জৰিয়তে আমাৰ সমাজত দুগৰাকী মহান ব্যক্তিত্বস্বামী ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ প্ৰভাৱ তথা মূল্যবোধ সম্প্ৰসাৰিত হব৷

বাংলা সংস্কৃতিৰ মুক্ত চিন্তাধাৰাৰ দৰে এই মিছনৰো সৰ্বত্ৰ অনুগামী পৰিলক্ষিত হৈছে৷ আৰু এই মিছনে সমান উত্তেজনা তথা উৎসাহেৰেই উৎসৱসমূহ উদযাপন কৰে৷ এই ভৱনত ১০০ত কৈও অধিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু গৱেষকৰ বাবে থকাখোৱাৰ ব্যৱস্থা কৰা হৈছে৷

মহোদয়া,

ভাৰতে বাংলাদেশৰ সৈতে মিত্ৰতাক অগ্ৰাধিকাৰ প্ৰদান কৰে৷ ভাৰতবাংলাদেশৰ মিত্ৰতাই দুটা বন্ধুত্বপূৰ্ণ ওচৰচুবুৰীয়াৰ মহান নিদৰ্শন দাঙি ধৰাৰ পৰিপ্ৰেক্ষিতত আমি গৌৰৱ অনুভৱ কৰো৷ আজিৰ এই অনুষ্ঠানে আমাৰ সম্পৰ্ক অধিক দৃঢ় কৰিব বুলি মই আশাবাদী৷

জয় হিন্দজয় বাংলাজয় ভাৰতবাংলা বন্ধুত্ব!

ধন্যবাদ৷

অস্বীকাৰকৰণঃ প্ৰধানমন্ত্ৰীৰ ভাষণ হিন্দীত প্ৰদান কৰা হৈছিল৷ এয়া সেই ভাষণটোৰ এটা অনুমানমূলক অনুবাদ৷   

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power

Media Coverage

Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Madhya Pradesh meets Prime Minister
March 18, 2026

Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister @narendramodi.

@GovernorMP”