প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০খন চুবুৰীয়া দেশৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে ‘কোভিড-১৯ ব্যৱস্থাপনাঃ অভিজ্ঞতা, সুঅভ্যাস আৰু ভৱিষ্যৎ কাৰ্যপন্থা’ শীৰ্ষক এক কৰ্মশালাত ভাষণ দিয়ে। যিসমূহ দেশৰ প্ৰতিনিধিয়ে ভাৰতীয় বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে কৰ্মশালাত অংশগ্ৰহণ কৰে সেইসমূহ হৈছে-আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, মৰিছাছ, নেপাল, পাকিস্তান,ছেচেলেছ আৰু শ্ৰীলংকা।

মহামাৰীৰ সময়ত এই দেশসমূহৰ স্বাস্থ্য প্ৰণালীয়ে কিদৰে আটাইতকৈ ঘন জনবহুল অঞ্চলত ইজনে-সিজনৰ প্ৰতি সঁহাৰিৰ মাধ্যমেৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছিল তাৰ বাবে সংশ্লিষ্ট সকলোকে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

ঔষধ, পিপিই কিট আৰু নমুনা পৰীক্ষাৰ সা-সঁজুলিৰ দৰে সম্পদ ভাগ বতৰা কৰাৰ লগতে মহামাৰীৰ সৈতে যুঁজ দিবলৈ তাৎক্ষণিক ব্যয়ৰ কাৰণে কিদৰে কভিড-১৯ জৰুৰীকালীন সঁহাৰি পুঁজি সৃষ্টি কৰা হৈছিল সেই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ নমুনা পৰীক্ষা, সংক্ৰমণ নিয়ন্ত্ৰণ আৰু চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনাত দেশসমূহে গ্ৰহণ কৰা শ্ৰেষ্ঠ কাৰ্যপন্থা-পদ্ধতিসমূহৰ অভিজ্ঞতা ভাগ বতৰা কৰা আৰু ইয়াৰ পৰা শিকাৰ কথাও আলোচনা কৰে।‘সহযোগিতাৰ এই চেতনা এই মহামাৰীৰ পৰা এক মূল্যৱান গ্ৰহণ। আমাৰ মুক্ত চিন্তা আৰু সংকল্পৰ জৰিয়তে আমি বিশ্বৰ সৰ্বনিম্ন মৃত্যুৰ হাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। যিটো প্ৰশংসা লাভৰ যোগ্য। আজি, আমাৰ অঞ্চল আৰু সমগ্ৰ বিশ্বৰ আশা ভেকছিন দ্ৰুতভাৱে প্ৰয়োগৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে। এইক্ষেত্ৰতো আমি একেধৰণৰ সহযোগিতামূলক মানসিকতা বজাই ৰাখিব লাগিব’, প্ৰধানমন্ত্ৰীয়ে কয়।

দেশসমূহক উচ্চাকাংক্ষা আৰু বৃদ্ধি কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে আমাৰ চিকিৎসক আৰু নাৰ্চসকলৰ বাবে এক বিশেষ ভিছা আঁচনি সৃষ্টি কৰাৰ পৰামৰ্শ দিয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত উদ্ভৱ হোৱা জৰুৰীকালীন সময়ত কোনো দেশৰ পৰা লাভ কৰা অনুৰোধক্ৰমে যাতে চিকিৎসক আৰু নাৰ্চসকলে দ্ৰুততাৰে সেই দেশলৈ যাব পাৰে। আমাৰ অসামৰিক বিমান পৰিচালনা মন্ত্ৰালয়ে চিকিৎসাৰ আকস্মিকতাৰ বাবে এখন আঞ্চলিক এয়াৰ এম্বুলেন্স চুক্তিৰ সমন্বয় কৰিব পাৰে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে? আমাৰ জনসাধাৰণৰ মাজত কভিড-১৯ ভেকছিনৰ কাৰ্যকৰীতাৰ বিষয়ে তথ্য সংগ্ৰহ কৰি তাৰ বিশ্লেষণ কৰাৰ বাবে এখন আঞ্চলিক মঞ্চ গঢ়ি তোলাৰ প্ৰস্তাৱো তেওঁ দিয়ে। ভৱিষ্যতে মহামাৰী প্ৰতিহত কৰাৰ বাবে প্ৰযুক্তি-সহায়ক মহামাৰী বিজ্ঞানৰ প্ৰচাৰৰ বাবে আমি একেদৰে এক আঞ্চলিক নেটৱৰ্ক সৃষ্টি কৰিব পাৰোঁ নেকি সেই বিষয়েও তেওঁ আলোচনা কৰে।


কভিড-১৯ৰ বাহিৰেও প্ৰধানমন্ত্ৰীয়ে সফল জনস্বাস্থ্য নীতি আৰু আঁচনিসমূহৰ তথ্য আদন-প্ৰদানৰ বিষয়ে পৰামৰ্শ দিয়ে। তেওঁ কয়, আয়ুষ্মান ভাৰত আৰু জন আৰোগ্য আঁচনিসমূহ এই অঞ্চলটোৰ বাবে উপযোগী কেছ-অধ্যয়ন হ'ব পাৰে। ‘যদি একৈশ শতিকা এছিয়াৰ শতাব্দী হ'ব লাগে, তেন্তে দক্ষিণ এছিয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত বৃহত্তৰ সমন্বয় অবিহনে লক্ষ্য প্ৰাপ্তি সম্ভৱ হ'ব নোৱাৰে। মহামাৰীৰ সময়ত আপোনালোকে দেখুওৱা আঞ্চলিক ভাতৃত্ববোধৰ চেতনাই প্ৰমাণ কৰিছে যে এনে একত্ৰীকৰণ সম্ভৱ’ প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”