উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, সম্পদ আৰু ভাষা ৰক্ষাৰ বাবে এনডিএ চৰকাৰে সম্পূৰ্ণৰূপেদায়বদ্ধঃ প্ৰধানমন্ত্ৰী

 

প্ৰধানমন্ত্ৰীৰ অৰুণাচল, অসম আৰু ত্ৰিপুৰাৰ ভ্ৰমণৰ অংশ হিচাপে আজি তেওঁ গুৱাহাটী ভ্ৰমণ কৰে৷ ৰাজ্যখনত বিভিন্ন উন্নয়নমূলক আঁচনি মুকলি কৰাৰ লগতে তেওঁ উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলাও স্থাপন কৰে৷

এই উপলক্ষে তেওঁ ভাষণ প্ৰদান কৰি কয়, ‘‘আজি উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন আৰু আমাৰ চৰকাৰৰ বাবে এই অঞ্চলটো সদায়েই প্ৰথম অগ্ৰাধিকাৰযোগ্য হৈ আহিছে৷’’ তেওঁ অসম উন্নতিৰ দিশত অগ্ৰসৰ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি কয় যে শেহতীয়া বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ পাইছে আৰু তাৰে ফলশ্ৰুতিতেই অঞ্চলটোৰ বাবে বাজেট আৱণ্টন ২১%লৈ বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ লগতে অঞ্চলটোৰ সংস্কৃতি, সম্পদ আৰু ভাষাৰ ৰক্ষাৰ বাবে দায়বদ্ধ৷ নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত উৰাবাতৰিসমূহক গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে অসম চুক্তিৰ ৩৬ বৰ্ষৰ পিছতো ইয়াৰ ৰূপায়ন হোৱা নাছিল, কেৱল মোদী নেতৃত্বাধীন চৰকাৰেহে ইয়াক প্ৰণয়ন কৰাৰ দিশত আগবাঢ়িছে৷ প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দলসমূহক জনসাধাৰণৰ আবেগৰ সৈতে খেলা নকৰিবলৈ তথা ৰাজনৈতিক লাভালাভ আৰু ভোটবেংকৰ স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়৷ নাগৰিকত্ব(সংশোধনী) বিধেয়েকৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ লেশমানো ক্ষতি নহয় বুলি তেওঁ নিশ্চিতি প্ৰদান কৰে৷ অসম চুক্তি ৰূপায়নৰ দাবীও পূৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

দুৰ্নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘চকীদাৰে দুৰ্নীতি নাশ কৰিছে৷ পূৰ্বৰ চৰকাৰে দুৰ্নীতিক সাধাৰণ অৱস্থালৈ পৰিণত কৰিছিল কিন্তু আমি ইয়াৰ সমুলঞ্চে নাশ কৰাৰ বাবে উঠি–পৰি লাগিছো৷’’

অঞ্চলটোত প্ৰাকৃতিক গেছৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে তথা ঔদ্যোগিক উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ তিনিচুকীয়াৰ হলং মডুলাৰ গেছ প্ৰচেছিং প্ৰকল্প মুকলি কৰে যিয়ে অসমৰ মুঠ উৎপাদিত গেছৰ ১৫% যোগান ধৰিব৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ গুৱাহাটীত মাউণ্টেড ষ্ট’ৰেজ ভেছেলৰ এলপিজি কেপাচিটী অগমেণ্টেচনো মুকলি কৰে৷

 

ইয়াৰ পিছত তেওঁ নুমলীগড়ৰ এনআৰএল বায়’-শোধনাগাৰ আৰু বিহাৰ, পশ্চিমবংগ, ছিক্কিম তথা অসমৰ মাজেৰে পাৰ হৈ যোৱা বাৰাউনী–গুৱাহাটীৰ ৭২৯ কিলোমিটাৰৰ গেছ পাইপলাইনৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সমগ্ৰ ভাৰতত নিৰ্মিত ১২টা বায়’-শোধনাগাৰৰ ভিতৰত নুমলীগড় অন্যতম৷ ইয়াৰ জৰিয়তে অসম তেল আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈ দেশৰ অৰ্থনীতিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াব৷ তেওঁ চৰকাৰৰ ১০% পৰ্যন্ত ইথানল সংমিশ্ৰণৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে৷

তেওঁ কামৰূপ, কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত চিটী গেছ বিতৰণ নেটৱৰ্কৰ আধাৰশিলা স্থাপন কৰে৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘২০১৪ চনলৈ কেৱল ২৫ লাখ পিএনজি সংযোগৰ সুবিধা আছিল, কিন্তু মাত্ৰ চাৰি বছৰতে এই সংখ্যা ৪৬ লাখলৈ বৃদ্ধি পাইছে৷ আনহাতে চিএনজি ৰিফুৱেলিং ষ্টেচনৰ সংখ্যাও ৯৫০ৰ পৰা ১৫০০লৈ বৃদ্ধি পাইছে৷’’

প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ছয়লেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ কয় যে আজিৰে পৰা আমি ব্ৰহ্মপুত্ৰৰ ওপৰত ছয় লেনযুক্ত দলঙৰ কাম আৰম্ভ কৰিছো৷ ইয়াৰ দ্বাৰা দুয়োটা পাৰৰ দূৰত্ব ১ ঘণ্টা ৩০ মিনিটৰ ঠাইত ১৫ মিনিটলৈ হ্ৰাস হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকালৈ ভাৰতৰত্ন প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছে৷ তেওঁ কয়, ‘‘ভূপেন হাজৰিকাই আজি সোশৰীৰে এই পুৰষ্কাৰ লাভ কৰিব পাৰিলেহেঁতেন কিন্তু পূৰ্বৰ চৰকাৰে ভাৰতৰত্ন কিছুমান বিশেষ লোকৰ বাবেহে সংৰক্ষিত কৰি ৰাখিছিল৷ যিসকলৈ ৰাষ্ট্ৰলৈ সন্মান কঢ়িয়াই আনিছিল তেওঁলোকক পুৰষ্কৃত কৰাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হৈছিল৷’’ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership