প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আন্তৰ্জাতিক ভাৰতী মহোৎসৱ ২০২০সম্বোধন কৰে আৰু তেওঁৰ জয়ন্তী উপলক্ষ্য ভাৰতীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাকবি সুব্ৰমান্য ভাৰতীৰ ১৩৮ তম জন্মবাৰ্ষিকী উদযাপনৰ বাবে বনবিল সাংস্কৃতিক কেন্দ্ৰই এই মহোৎসৱৰ আয়োজন কৰিছে। অনুষ্ঠানত এই বছৰৰ ভাৰতী বঁটা প্ৰদান কৰা হয় বিশিষ্ট পণ্ডিত শ্ৰী ছীনি বিশ্বনাথনক। এই বঁটা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনায়।

সুব্ৰমান্য ভাৰতীৰ বিষয়ে বৰ্ণনা কৰাটো অতি কঠিন বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ভাৰতীয়াৰক কোনো এটা পেছা বা মাত্ৰাৰ সৈতে সংযোজিত কৰিব নোৱাৰি। তেওঁ  আছিল এগৰাকী কবি, লেখক, সাংবাদিক, সাংবাদিক, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, মানৱতাবাদী আৰু বহু কিবা-কিবি, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যিকোনো লোকে মহান কবিগৰাকীৰ কাম, তেওঁৰ কবিতা, তেওঁৰ দৰ্শন আৰু আৰু তেওঁৰ জীৱনক লৈ বিস্মিত হৈ পৰিব পাৰে। শ্ৰী মোদীয়ে বাৰাণসীৰ সৈতে মহাকবিৰ নিকট সংযোগৰ কথা স্মৰণ কৰে। ভাৰতীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী য়ে কয় যে ৩৯ বছৰৰ এই চমু জীৱনত তেওঁ বহু লিখিছিল, বহু কাম কৰিছিল আৰু সকলো ক্ষেত্ৰতে উত্কৰ্ষতা লাভ কৰিছিল। তেওঁৰ ৰচনাসমূহে আমাক এক গৌৰৱোজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই যোৱাত পথ দেখুৱাব।

সুব্ৰমাণ্য ভাৰতীৰ পৰা আজি আমাৰ যুৱচামে যথেষ্টখিনি শিকিবলগীয়া আছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ হল তেওঁৰ সাহস। ভয় কি বস্তু সুব্ৰমান্য ভাৰতীয়ে নাজানিছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰতীৰ উদ্ধৃতি দি কয় যে "মোৰ ভয় নাই, সমগ্ৰ বিশ্বই মোৰ বিৰোধ কৰিলেও মোৰ ভয় নাই"। তেওঁ কয় যে ভাৰতৰ যুৱ প্ৰজন্মৰ মাজত আজি তেওঁ এই ভাৱনা প্ৰত্যক্ষ কৰে। তেওঁলোক যেতিয়া উদ্ভাৱন আৰু উৎকৰ্ষতাৰ শীৰ্ষত থাকে তেতিয়া তেওঁলোকৰ মাজত এই উদ্যম দেখা যায়।

তেওঁ কয় যে ভাৰতৰ নতুন উদ্যোগসমূহ নিৰ্ভীক যুৱ সমাজে আগুৱাই নি আছে। যিসকলে মানৱ জাতিক নতুন কিবা প্ৰদান কৰাৰ বাবে আগ্ৰহী হৈছে। এইধৰণৰ 'আমি পাৰিমেই' মানসিকতাই আমাৰ দেশ আৰু আমাৰ পৃথিৱীক আশ্চৰ্যজনক পৰিণাম দিব, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয়াৰে প্ৰাচীন আৰু আধুনিকতাৰ মাজত এক স্বাস্থ্যকৰ মিশ্ৰণত বিশ্বাস কৰিছিল। তেওঁ কয় যে ভাৰতীয়ে আমাৰ শিপাৰ সৈতে সংযোজিত হৈ থাকি ভৱিষ্যতৰ দিশে আগবঢ়াত প্ৰজ্ঞা দেখিছিল আৰু তামিল ভাষা আৰু মাতৃভূমি ভাৰতক তেওঁৰ দুই চকু হিচাপে গণ্য কৰিছিল। প্ৰাচীন ভাৰতৰ মহান দিশসমূহ, বেদ আৰু উপনিষদৰ মহত্ব, আমাৰ সংস্কৃতি, ঐতিহ্য আৰু আমাৰ মহান অতীতৰ মহানতাৰ গান গাইছিল ভাৰতীয়ে। কিন্তু একে সময়তে, তেওঁ আমাক সতৰ্ক কৰি দিছিল যে কেৱল অতীতৰ গৌৰৱত বাস কৰাটো পৰ্যাপ্ত নহয়। শ্ৰী মোদীয়ে এক বৈজ্ঞানিক মনোভাৱ, অনুসন্ধানৰ উদ্যম বিকশিত কৰাৰ প্ৰয়োজনীয়তা আৰু প্ৰগতিৰ ফালে আগবাঢ়ি যাবলৈ অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে মহাকবি ভাৰতীয়াৰৰ প্ৰগতিৰ সংজ্ঞাৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল মহিলাসকল। এক গুৰুত্বপূৰ্ণ স্বপ্ন আছিল স্বাধীন আৰু ক্ষমতাশালী মহিলা। মহাকবি ভাৰতীয়াৰে লিখিছিল যে মহিলাসকলে তেওঁলোকৰ মূৰটো পোন কৰি খোজ কাঢ়িব লাগে, মানুহৰ চকুত চকু থৈ কথা পাতিব লাগে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে  মহিলা সবলীকৰণ নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। চৰকাৰৰ কামৰ প্ৰতিটো ক্ষেত্ৰত  মহিলাৰ সন্মানক গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে আজি মুদ্ৰা আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে ১৫ কোটিৰো অধিক মহিলা উপাৰ্জনকাৰীক পুঁজি আগবঢ়োৱা হৈছে। আজি ভাৰতৰ সশস্ত্ৰ বাহিনীত স্থায়ী কমিছনৰ সৈতে মহিলাসকল আমাৰ অংশ হৈ পৰিছে। আজি সুৰক্ষিত পৰিচ্ছন্নতাৰ অভাৱৰ সমস্যাৰ সন্মুখীন হোৱা অতি দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকল ১০ কোটিতকৈ অধিক সুৰক্ষিত আৰু পৰিচ্ছন্ন শৌচাগাৰৰ দ্বাৰা উপকৃত হৈছে। তেওঁলোকে আৰু সমস্যাৰ সন্মুখীন হ'ব নালাগে। "এয়া হৈছে নতুন ভাৰতৰ নাৰী শক্তিৰ যুগ। তেওঁলোকে সকলো বাধা অতিক্ৰম কৰি আৰু প্ৰভাৱ বিস্তাৰ কৰিছে। এয়া সুব্ৰমাণ্য ভাৰতীৰ প্ৰতি এয়া নতুন ভাৰতৰ শ্ৰদ্ধাঞ্জলি", শ্ৰী মোদীয়ে কয়।.

মহাকবি ভাৰতীয়াৰে উপলব্ধি কৰিছিল যে বিভক্ত হোৱা যিকোনো সমাজ সফল হ'ব নোৱাৰিব। একে সময়তে তেওঁ ৰাজনৈতিক স্বাধীনতাৰ ৰিক্ততাৰ বিষয়ে লিখিছিল যি কাৰণে সামাজিক অসামান্যতা দূৰ নহয় আৰু সামাজিক সমস্যাৰ ওৰ নপৰে। ভাৰতীৰ উদ্ধৃতি দি "এতিয়া আমি এটা নিয়ম কৰিম আৰু ইয়াক কাৰ্যকৰীও কৰিম, যদি কোনো মানুহ অনাহাৰৰ সন্মুখীন হয় তেনেহলে পৃথিৱীয়ে ধংসৰ বেদনাৰ সন্মুখীন হবলগীয়া হয়", প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ শিক্ষাবোৰে আমাক প্ৰতিজন ব্যক্তিৰ বিশেষকৈ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ সবলীকৰণৰ বাবে একত্ৰিত আৰু অংগীকাৰবদ্ধ হৈ থাকিবলৈ শিকায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীৰ পৰা আমাৰ যুৱপ্ৰজন্মই শিকিবলগীয়া আছে আৰু তেওঁ আশা কৰে যে আমাৰ দেশৰ সকলোৱে তেওঁৰ সৃষ্টিৰাজি অধ্যয়ন কৰে আৰু তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হয়। তেওঁ বনবিল সাংস্কৃতিক কেন্দ্ৰক ভাৰতীয়াৰৰ বাৰ্তা বিস্তাৰ কৰাৰ বাবে তেওঁলোকৰ বিস্ময়কৰ কামৰ বাবে প্ৰশংসা কৰে আৰু তেওঁ আত্মবিশ্বাসী যে এই মহোৎসৱ ফলপ্ৰসূ হ'ব যিয়ে ভাৰতক এক নতুন ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi has changed focus of Independence Day speeches

Media Coverage

How PM Modi has changed focus of Independence Day speeches
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the power of collective resolve and unity in driving societal progress
August 17, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the importance of collective resolve and unity of minds in driving national progress and societal well-being.

The Prime Minister wrote on X;

"सामूहिक संकल्प और एकता की शक्ति से ही देश आगे बढ़ता है। यही भावना भारत की प्रगति और समृद्धि की मजबूत नींव है।

समानी व आकूतिः समाना हृदयानि वः।

समानमस्तु वो मनो यथा वः सुसहासति॥"

All our resolves should be identical, our minds should be connected with the feeling of unity, so that we may all continually strive for the progress of society through mutual cooperation and equal treatment.