In one way the correct meaning of PSE is - Profit and Social benefit generating Enterprise: PM Modi at CPSE Conclave
For public and private sector, the formula of success remains same - the 3 Is, which mean Incentives, Imagination and Institution Building: PM
I believe that Idealism and Ideology are not enough for economic decision making, they need to be replaced with pragmatism and practicality, says the PM
PSEs can contribute towards the formation of New India through 5 Ps - Performance + Process + Persona + Procurement and Prepare: PM
To date, we have been treating PSEs as navratana companies. But now, its time to think beyond it. Can we think about making New India jewel, asks PM

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চিপিএছইৰ সন্মিলনত উপস্থিত থাকে৷

নিউ ইণ্ডিয়াৰ বাবে কৰ্প’ৰেট শাসন, মানৱ সম্পদ ব্যৱস্থাপনা, বিত্তীয় পুনৰ অভিযান্ত্ৰিকৰণ, উদ্ভাৱন আৰু প্ৰযুক্তি তথা ভিজন ২০২২ বিষয় সম্বন্ধীয় কিছুমান উপস্থাপন আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত কৰা হয়৷ উপস্থিত সকলোকে সম্বোধি প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনখন ৰাজহুৱা ক্ষেত্ৰৰ পৰিমণ্ডলৰ এক নতুন আৰম্ভণি বুলি অভিহিত কৰে৷

প্ৰদৰ্শিত উপস্থাপনসমূহক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ক্ষেত্ৰৰ প্ৰতিষ্ঠানসমূহক কাৰ্যকৰী স্বাধীনতা প্ৰদান কৰিছে যাতে তেওঁলোকে নিজৰ দক্ষতা উন্নয়ন কৰিব পাৰে৷ তেওঁ কয় যে পিএছইউবোৰে স্বাধীনতাৰ সময়ৰ পৰা ৰাষ্ট্ৰ গঠনত তথা ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাত অৱদান আগবঢ়াই আহিছে৷

তেওঁ কয় যে ৰাজহুৱা ক্ষেত্ৰৰ উদ্যোগসমূহৰ বাবে লাভ আৰু সামাজিক সুবিধা আদায় কৰাটো অতিশয় গুৰুত্বপূৰ্ণ৷ পিএছইৰ কৰ্মচাৰীৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পিএছই কৰ্মীৰ কঠোৰ পৰিশ্ৰম অবিহনে চৰকাৰৰ বৃহৎ অভিলাসী প্ৰকল্পসমূহ যেনে বিদ্যুতৰ সুবিধা নোহোৱা গাঁওসমূহত বিদ্যুৎ যোগান আৰু দাৰিদ্ৰসকলক এলপিজিৰ সংযোগ প্ৰদান আদি কৰ্মসমূহ সফল নহ’লহেঁতেন৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অতীতৰ জয়গাঁথাসমূহ সুঁৱৰিলেই যথেষ্ট নহয়, উদ্ভাসিত নতুন প্ৰত্যাহ্বানসমূহো আঁকোৱালি ল’ব লাগিব৷ তেওঁ কয় যে উদ্যোগ আৰু উদ্ভাৱন একবিংশ শতিকাৰ মূল নিৰ্দেশক হোৱা উচিত৷ তেওঁ কয় যে অনুপ্ৰেৰণা, কল্পনা আৰু প্ৰতিষ্ঠান নিৰ্মাণেই হ’ল সফলতাৰ প্ৰধান চাবি-কাঠি৷

প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি তথা ব্যৱস্থাপনাৰ পৰিৱৰ্তনেৰে নিউ ইণ্ডিয়া গঠনত পিএছইক উৎসাহ প্ৰদান কৰি কয় যে পিএছইসমূহক পাঁচটা পি (P)ৰ সূত্ৰৰ প্ৰয়োজন- Performance(দক্ষতা), Process (প্ৰক্ৰিয়া), Persona (ব্যক্তিত্ব), Procurement (আহৰণ), আৰু Prepare (প্ৰস্তুতি)৷

ওপৰৰ সূত্ৰকেইটাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰি তেওঁ কাৰ্যকৰী আৰু বিত্তীয় দক্ষতাৰ উত্তৰণ; প্ৰক্ৰিয়াৰ স্বচ্ছতা তথা দায়িত্ব; জিইএম প্লেটফ’ৰ্ম আৰু এমএছএমইৰ জৰিয়তে আহৰণ; আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং তথা ৰ’ব’টিকছৰ দৰে প্ৰযুক্তিগত অৱৰোধৰ প্ৰস্তুতিৰ বিষয়ে সদৰী কৰে৷

নিউ ইণ্ডিয়াৰ বাবে তেওঁ পিএছইৰ সন্মুখত পাঁচটা প্ৰত্যাহ্বান উপস্থাপন কৰেঃ

• ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে তেওঁলোকৰ ভৌগোলিক পৰিব্যপ্তি সৰ্বাধিক কৰিব?

• ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে দেশৰ আমদানি বিল হ্ৰাস কৰিব?

• ২০২২ চনৰ ভিতৰত কিদৰে ভাৰতীয় পিএছইউয়ে উদ্ভাৱন আৰু গৱেষণা সংবদ্ধ কৰিব?

• ২০২২ চনৰ ভিতৰত ভাৰতীয় পিএছইউৰ চিএছআৰ পুঁজি ব্যৱহাৰ কৰাৰ পথ মানচিত্ৰ কি হ’ব?

• ২০২২ চনৰ ভিতৰত ভাৰতীয় পিএছইউয়ে দেশক নতুন কি উন্নয়ন মডেল প্ৰদান কৰিব?

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ৫০০টা বৃহৎ উদ্যোগৰ ভিতৰত কিছুমান দেশত এক চতুৰ্থাংশই হ’ল ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ তেওঁ ভাৰতীয় পিএছইউক অন্য দেশৰ পিএছইউৰ সৈতে সংবদ্ধ তথা বিদেশত বিনিয়োগৰ বাবে এক বিস্তৃত কৌশল উত্তৰণৰ বাবে পৰামৰ্শ প্ৰদান কৰে৷ তেওঁ কয় যে পিএছইউয়ে ভাৰতৰ আমদানি বিল হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ তাৰোপৰি চিপিএছইৰ আধুনিক গৱেষণা আৰু উন্নয়ন আন্তঃগাঁথনি তথা চিএছআইআৰ আৰু আইচিএআৰ ইত্যাদিৰ সুবিধাৰ কথা উনুকিয়াই দি তেওঁ উদ্ভাৱন আৰু গৱেষণা সংবদ্ধকৰণ প্ৰয়োজনৰ এয়েই সময় বুলি মন্তব্য কৰে৷ প্ৰসংগক্ৰমে তেওঁ চিপিএছই আৰু চৰকাৰী বিভাগসমূহৰ মাজত ব্যাপক পৰিমাণৰ তথ্য বিনিময়ৰ বিষয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে চিপিএছইক প্ৰতিটো বৰ্ষতে একোটা বিশেষ বিষয়ত সামাজিক দায়ৱদ্ধতাৰ কাৰ্যসূচী প্ৰণয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ এই সন্দৰ্ভত তেওঁ বিদ্যালয়সমূহত শৌচাগাৰ নিৰ্মাণত চিএছআৰ পুঁজিৰ ব্যয়ৰ সফলতাৰ বিষয়ে মন্তব্য কৰে৷ তেওঁ কয় যে এটা ভাল বিষয় একোখন সমগ্ৰ জিলাৰ প্ৰত্যাশা হিচাপে বিবেচিত হ’ব পাৰে৷ তেওঁ কয় যে চিপিএছইয়ে চিএছআৰৰ অংশ হিচাপে দক্ষতা উন্নয়ন কাৰ্যসূচীও গ্ৰহণ কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় য়ে চিপিএছইয়ে বিভিন্ন ক্ষেত্ৰত কাগজবিহীন কৰ্ম সংস্কৃতি, নগদবিহীন লেনদেন আৰু জাৱৰ ব্যৱস্থাপনাত আদৰ্শমূলক কৰ্ম সম্পাদন কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে নিউ ইণ্ডিয়াৰ সমস্যা সমাধানত চিপিএছইৰ বৃহৎ বৰঙণি সন্দৰ্ভত আশা ব্যক্ত কৰে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple’s India iPhone output may hit $70 billion in five years on export surge: Report

Media Coverage

Apple’s India iPhone output may hit $70 billion in five years on export surge: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets devotees and participants of Matua Dharma Mela
March 16, 2026

The Prime Minister, Shri Narendra Modi has greeted all the devotees and participants of the Matua Dharma Mela. This special occasion is associated with the Jayanti of Purna Brahma Shree Shree Harichand Thakur Ji. “I offer my humble Pranams to him. His thoughts and teachings continue to give strength and hope to several people. They awakened a powerful movement for dignity, equality and devotion. He inspired generations to walk the path of righteousness, harmony and collective upliftment”, Shri Modi stated.

The Prime Minister remarked that the rich and vibrant traditions of Matua culture reflect a deep spiritual strength and an unbreakable commitment to equality. It significantly enriches the social fabric of our nation. “Over the past decade, our Government has been deeply committed to the welfare, empowerment and dignity of the Matua community”, Shri Modi said.

The Prime Minister posted on X:

“My heartfelt greetings and best wishes to all devotees and participants of the Matua Dharma Mela.

This special occasion is associated with the Jayanti of Purna Brahma Shree Shree Harichand Thakur Ji. I offer my humble Pranams to him. His thoughts and teachings continue to give strength and hope to several people. They awakened a powerful movement for dignity, equality and devotion. He inspired generations to walk the path of righteousness, harmony and collective upliftment.

The rich and vibrant traditions of the Matua culture reflect a deep spiritual strength and an unbreakable commitment to equality. It significantly enriches the social fabric of our nation. Over the past decade, our Government has been deeply committed to the welfare, empowerment and dignity of the Matua community.” 

 

“মতুয়া ধর্মমেলায় আগত সমস্ত ভক্ত এবং অংশগ্রহণকারীদের জানাই আমার আন্তরিক শুভেচ্ছা ও অভিনন্দন।

এই বিশেষ তিথিটি পূর্ণ ব্রহ্ম শ্রী শ্রী হরিচাঁদ ঠাকুরজির জয়ন্তীর সঙ্গে যুক্ত। আমি তাঁকে আমার সশ্রদ্ধ প্রণাম নিবেদন করছি। তাঁর আদর্শ এবং শিক্ষা আজও অগণিত মানুষকে শক্তি ও আশার আলো দিয়ে চলেছে এবং সম্মান, সাম্য ও ভক্তির এক শক্তিশালী আন্দোলনের জন্ম ঘটিয়েছে। তিনি প্রজন্ম থেকে প্রজন্মান্তরকে ন্যায়ের পথ, সম্প্রীতি এবং সমষ্টিগত উন্নয়নের পথে চলার অনুপ্রেরণা জুগিয়েছেন।

মতুয়া সংস্কৃতির এই সমৃদ্ধ এবং প্রাণবন্ত ঐতিহ্য এক গভীর আধ্যাত্মিক শক্তি এবং সাম্যের প্রতি অটুট অঙ্গীকারকে প্রতিফলিত করে। এটি আমাদের দেশের সামাজিক কাঠামোকে উল্লেখযোগ্যভাবে সমৃদ্ধ করেছে। গত এক দশকে, আমাদের সরকার মতুয়া সম্প্রদায়ের কল্যাণ, ক্ষমতায়ন এবং মর্যাদার প্রতি সম্পূর্ণ দায়বদ্ধ থেকে কাজ করে চলেছে।”