প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতৰ নেতৃত্বৰ ভূমিকাৰ বাবে যুৱ শিক্ষাৰ্থীসকলক গঢ়ি তোলাৰ এক ৰাষ্ট্ৰীয় আঁচনি ‘YUVA: প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধানত যুৱ লেখকসকলক পৰামৰ্শ প্ৰদান’ সম্পৰ্কে যুৱ প্ৰজন্মক জানিবলৈ আমন্ত্ৰণ জনাইছে।

এক টুইটযোগে শ্ৰী মোদীয়ে কয়,
‘ইয়াত যুৱপ্ৰজন্মৰ লিখাৰ দক্ষতা বৃদ্ধি কৰাৰ আৰু ভাৰতৰ বৌদ্ধিক আলোচনাত অৱদান যোগোৱাৰ এক আকৰ্ষণীয় সুযোগ আছে। অধিক জানিবলৈ https://innovateindia.mygov.in/yuva/” ক্লিক কৰক।

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত যুৱ মনক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু এক শিক্ষণ পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা হৈছে যি ভৱিষ্যতৰ নেতৃত্বৰ ভূমিকাৰ বাবে যুৱ শিক্ষাৰ্থীসকলক গঢ়ি তুলিব পাৰে।

 

এই লক্ষ্যক উৎসাহিত কৰিবলৈ আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰক স্মৰণ কৰিবলৈ, এক ৰাষ্ট্ৰীয় আঁচনি ‘YUVA: প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধানত যুৱ লেখকসকলক পৰামৰ্শ প্ৰদান’ আৰম্ভ কৰা হৈছে, যিয়ে ভৱিষ্যতৰ এই নেতাসকলৰ ভেটি সুদৃঢ় কৰাত বহুদূৰ আগবাঢ়িব।

 

মূলতঃ, এই আঁচনিখন দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰণৰ যাত্ৰাপথত ভাৰতীয় সাহিত্যৰ আধুনিক বাহকসকলৰ বিকাশ কৰাৰ পৰিকল্পনাৰে কৰা হৈছে। গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত আছে, আৰু থলুৱা সাহিত্যৰ এই ভাণ্ডাৰক অধিক বৃদ্ধি কৰি, এয়া বিশ্বৰ পৰ্যায়ত প্ৰক্ষেপ কৰাটো অতি প্ৰয়োজনীয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2026
August 06, 2026

New India Defies the Storm: Multi-Front Progress Under PM Modi