Vaccination efforts are on at a quick pace. This helps women and children in particular: PM Modi
Through the power of technology, training of ASHA, ANM and Anganwadi workers were being simplified: PM Modi
A little child, Karishma from Karnal in Haryana became the first beneficiary of Ayushman Bharat. The Government of India is devoting topmost importance to the health sector: PM
The Government of India is taking numerous steps for the welfare of the ASHA, ANM and Anganwadi workers: PM Modi

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ তিনিটা ‘এ’- আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু এএনএম (অক্সিলিয়াৰি নাৰ্চ মিডৱাইফ)সকলৰ সৈতে ভিডিঅ’কনফাৰেন্সিঙৰ যোগেদি বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ঐক্যবদ্ধ কৰ্মদক্ষতা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, স্বাস্থ্যসন্মত আৰু পুষ্টিগত সেৱা প্ৰদান তথা পোষণ অভিযানৰ লক্ষ্য প্ৰাপ্তি যি দেশৰ পৰা কুপুষ্টি হ্ৰাস কৰে–এই সকলো প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ অৰিহণাৰ কথা স্বীকাৰ কৰি শক্তিশালী আৰু সৱল ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ প্ৰয়াসক অভিনন্দন জ্ঞাপন কৰে৷ এই মাহত অনুষ্ঠিত হোৱা ‘পোষণ মাহ’ৰ উপলক্ষে এই বাৰ্তালাপৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰত্যেক ঘৰতে যাতে পুষ্টি উপলব্ধ হয় তাৰ প্ৰতি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

ৰাষ্ট্ৰীয় পুষ্টি অভিযানক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘পোষণ অভিযান’ ৰাজস্থানৰ ঝুনঝুনুৰ পৰা আৰম্ভ কৰা হৈছে আৰু এনিমিয়া, কুপুষ্টি,কম ওজনৰ শিশু জন্ম আদি সমস্যা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ তেওঁ কয় যে এই অভিযানত সৰ্বাধিক সংখ্যক মহিলা আৰু শিশু জড়িত হোৱাটো আৱশ্যক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে পুষ্টি আৰু গুণগতমানৰ স্বাস্থ্য সেৱাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিছে৷ ছিটাকৰণৰ অভিযান পুৰ্ণোদ্যমত চলিছে আৰু ই মহিলা আৰু শিশুসকলৰ সহায়ক হৈছে৷

সমগ্ৰ দেশৰ স্বাস্থ্য কৰ্মী আৰু হিতাধিকাৰীসকলে তেওঁলোকৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰয়াসক কৃতজ্ঞতা প্ৰকাশ কৰি আশা, এএনএম আৰু অংগনৱাড়ী কৰ্মীসকলক তিনিটা ‘এ’ৰ সমষ্টি বুলি অভিহিত কৰে আৰু মিছন ইন্দ্ৰধনুশ অভিযানৰ জৰিয়তে ৩ লাখ গৰ্ভৱতী মহিলা আৰু ৮৫ কোটিতকৈও অধিক শিশুক ছিটাকৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সুৰক্ষিত মাতৃত্ব অভিযান সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে নৱজাত শিশুৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতিও শলাগ লয়৷ ইয়াৰ দ্বাৰা প্ৰত্যেক বৰ্ষতে দেশত ১.২৫ মিলিয়ন শিশু উপকৃত হৈছে৷ ইয়াক ঘৰুৱাভিত্তিত শিশুৰ যত্ন হিচাপে পুনৰ নামাকৰণ কৰা হৈছে য’ত আশা কৰ্মীসকলে পূৰ্বৰ জন্মৰ প্ৰথম ৪২ দিনৰ ৬টা পৰিদৰ্শনৰ স্থানত প্ৰথম ১৫ মাহত ১১বাৰ পৰিদৰ্শন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যৰ সৈতে ৰাষ্ট্ৰৰ উন্নতিৰ সংযোগৰ কথা আলোকপাত কৰে; তেওঁ কয় যে যদি দেশৰ শিশু দুৰ্বল হয় তেন্তে দেশৰ উত্তৰণো দুৰ্বল হ’ব৷ যিকোনো নৱজাতকৰ বাবে জীৱনৰ প্ৰথম এহেজাৰটা দিন অতিশয় গুৰুত্বপূৰ্ণ৷ পুষ্টিসমৃদ্ধ খাদ্য, সুষম খাদ্য আদিয়ে শিশুটোৰ শ্ৰীবৃদ্ধি কিদৰে হ’ব সেয়া নিৰ্ধাৰণ কৰে৷ যদি দেশৰ নাগৰিক স্বাস্থ্যৱান হয় তেন্তে সেই দেশৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে৷ সেয়ে প্ৰথম এহেজাৰটা দিনত প্ৰদান কৰা প্ৰয়াসে দেশৰ ভৱিষ্যত শক্তিশালী কৰাত সহায় কৰে৷

তাৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা প্ৰতিবেদন অনুসৰি স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচাগাৰৰ ব্যৱহাৰৰ জৰিয়তে ৩ লাখ লোকৰ জীৱন ৰক্ষা কৰাৰ ক্ষমতা আছে৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ বাৰ স্বচ্ছতাৰ প্ৰতি নাগৰিকসকলে প্ৰদৰ্শন কৰা দায়িত্বক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰতৰ প্ৰথমগৰাকী হিতাধিকাৰী শিশু কৰিশ্মাক আয়ুস্মান শিশু হিচাপে খ্যাত বুলি উল্লেখ কৰে৷ তেওঁ কয় যে এই শিশুটিয়ে ১০ কোটি পৰিয়ালৰ বাবে আশাৰ প্ৰতীক হৈ উঠিছে যিসকলে এই মাহৰ ২৩ তাৰিখে ৰাঁচীত মুকলি কৰিবলগীয়া আয়ুস্মান ভাৰতৰ হিতাধিকাৰী হিচাপে বিবেচিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আশা কৰ্মীসকলৰ ভাট্টা দুগুণ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰোপৰি, সকলো আশা কৰ্মী তথা তেওঁলোকৰ সহায়কসকলক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বিনামূলীয়া বীমাৰ সুবিধাও প্ৰদান কৰা হ’ব৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কৰ্মীসকলক প্ৰদান কৰা পাৰিতোষিকৰ উল্লেখযোগ্য পৰিমাণৰ বৃদ্ধিৰ কথাও ঘোষণা কৰে৷ যিসকলে ৩০০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৪৫০০ টকাকৈ লাভ কৰিব৷ আনহাতে যিসকলে ২২০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৩৫০০ টকাকৈ লাভ কৰিব৷ তাৰোপৰি অংগনৱাড়ী সহায়কসকলে ১৫০০ টকাৰ ঠাইত ২২৫০ টকাকৈ লাভ কৰিব৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
States benefit from GST reform

Media Coverage

States benefit from GST reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Sachin Siwach on winning Gold in Men’s 60 kg Boxing
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Sachin Siwach on winning the Gold medal in the Men’s 60 kg Boxing event at the Commonwealth Games 2026 in Glasgow.

The Prime Minister said that Sachin Siwach’s achievement will inspire several young boxers.

Shri Modi extended his best wishes to him for his future endeavours and expressed hope that he would continue to make India proud.

The Prime Minister wrote on X;

“Sachin Siwach strikes Gold at Glasgow!

Congrats to him for the success in the Men's 60 kg Boxing event. He will motivate several young boxers. All the best for his endeavours ahead. May he always make India proud.

#CWG2026”