PM Modi inaugurates various urban development projects at the Madhya Pradesh Shehari Vikas Mahotsav in Indore
PM Modi felicitates the winners of Swachh Survekshan 2018 & give awards to the representatives of Indore, Bhopal & Chandigarh – the top three cleanest cities
In the past 4 years we have built more than 8 crore 30 thousand toilets: PM Modi in Indore #SwachhBharat
Our Govt is working on 5 big plans for cities, these plans include #SwachhBharat, #AwasYojana, Smart City Mission, #AmrutYojana & Deendayal National Urban Livelihood Mission: PM Modi
Our dream of #SwachhBharat for Gandhi Ji's 150th birth anniversary is now on the verge of becoming a reality: PM Modi in Indore

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিমোট কণ্ট্ৰোলৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা কেইবাটাও নগৰ উন্নয়ন প্ৰকল্প উদ্বোধন কৰে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল—প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱাসগৃহ, নগৰীয়া খোৱা পানী যোগান আঁচনি, নগৰীয়া জাৱৰ নিষ্কাষণ ব্যৱস্থাপনা, নগৰীয়া স্বচ্ছতা, নগৰীয়া পৰিবহণ আৰু নগৰীয়া লেণ্ডস্কেপ প্ৰকল্প৷

ইন্দোৰত এক অনুষ্ঠানত তেওঁ স্বচ্ছ সৰ্বেক্ষণ-২০১৮ৰ বঁটা বিতৰণ কৰে আৰু স্বচ্ছ সৰ্বেক্ষণ-২০১৮ৰ ফলাফল ডেশ্বব’ৰ্ড মুকলি কৰে৷

অনুষ্ঠানত বৃহৎ সংখ্যক জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰত আছিল মহাত্মা গান্ধীৰ সপোন, যি এতিয়া ১২৫কোটি ভাৰতীয়ৰ সপোন হৈ পৰিছে৷ সমগ্ৰ দেশে ইন্দোৰৰ পৰা অনুপ্ৰেৰণা লোৱা উচিত, যিয়ে ভাৰতবৰ্ষৰ সবাতোকৈ স্বচ্ছ ৰাজ্য হিচাপে বিবেচিত হৈছে৷ স্বচ্ছতাৰ দিশত উৎকৃষ্ট ফলাফল দাঙি কৰাৰ বাবে ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আৰু চত্তীশগড়ো তেওঁ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে মহাত্মা গান্ধীৰ সপোনে অহা বছৰ পালন কৰিবলগীয়া ১৫০ সংখ্যক গান্ধী জয়ন্তীত সাৰ্থক ৰূপ পাব৷

প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে কিদৰে তেওঁৰ চৰকাৰে ভাৰতবৰ্ষত নগৰীয়া আন্তঃগাথনি উন্নত কৰিবলৈ হাতে কামে লাগি আছে৷ স্বচ্ছ ভাৰত অভিযানৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ), স্মাৰ্ট চিটী অভিযান, এএমআৰইউটি আঁচনি, দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আদিৰ কথাও উল্লেখ কৰে৷  প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ভাৰতৰ প্ৰথমখন স্মাৰ্ট চিটী নয়া ৰাইপুৰত অলপতে তেওঁ ইণ্টিগ্ৰেটেড কোমাণ্ড এণ্ড ক’ণ্ট্ৰল চেণ্টাৰ উদ্বোধন কৰে৷ তেওঁ কয় এই একেই প্ৰকল্পৰ কাম মধ্য প্ৰদেশৰ ৭খন চহৰতো চলি আছে৷ ৰাজ্যখনত চলি থকা বিভিন্ন নগৰ উন্নয়ন আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে তেওঁ বিস্তৃতভাৱে প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি উদ্বোধন কৰা আৱাসগৃহ প্ৰকল্পৰ জৰিয়তে মধ্য প্ৰদেশৰ ১লাখৰো অধিক গৃহহীন লোকে বাসগৃহ লাভ কৰিব৷

তেওঁ কয় যে ভাৰত চৰকাৰে ২০২২ৰ ভিতৰত সকলোৰে বাবে আৱাসগৃহ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে৷ বিগত চাৰি বছৰত প্ৰায় ১.১৫ কোটি আৱাসগৃহ নিৰ্মাণ হৈছে আৰু অনাগত দিনত পুনৰ ২ কোটি আৱাসগৃহ নিৰ্মাণ কৰা হ’ব৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাই সংস্থাপন সৃষ্টি আৰু মহিলা সৱলীকৰণতো সহায় কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে আন উন্নয়নমূলক দিশসমূহৰ অগ্ৰগতিৰ বিষয়েও উল্লেখ কৰে৷

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions