প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াত প্ৰযুক্তিগত প্ৰদৰ্শনী ক্ষেত্ৰ মুকলি কৰে৷

আৰক্ষী আৰু পেৰামিলিটেৰী বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত বিভিন্ন প্ৰযুক্তিগত প্ৰদৰ্শনীত নানা ধৰণৰ আধুনিক মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰা হয়৷

চিআইএছএফ, চিআৰপিএফ, বিএছএফ, এনএছজি আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীবাহিনীয়ে বিমান সুৰক্ষা, বাহিনীৰ আধুনিকীকৰণ, ডিজিটেল পদক্ষেপ বিষয়ত বিভিন্ন আধুনিক প্ৰযুক্তি প্ৰদৰ্শিত কৰে৷

চিআইএছএফে বিমানবন্দৰত মুখাৱয়ব চিনাক্ত কৰিব পৰা আধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ লগতে এনএছজিয়ে তেওঁলোকৰ সুৰক্ষা সামগ্ৰী, আধুনিৰ মাৰণাস্ত্ৰ আৰু ৰিম’ট নিয়ন্ত্ৰিত বাহন আৰু সামগ্ৰী প্ৰদৰ্শন কৰে৷

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘১১২’ নম্বৰৰ সূচনা কৰি কয় যে এই নম্বৰৰ জৰিয়তে সকলো জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰা যাব৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যৌন অপৰাধৰ ডাটাবেছ, ই-মুলাকাত আৰু অন্যান্য ডিজিটেল পদক্ষেপসমূহ প্ৰদৰ্শন কৰে৷

চিআৰপিএফে তেওঁলোকে লাভ কৰা পদকসমূহ প্ৰদৰ্শন কৰে৷ ১৯৩৯ চনৰ পৰা বিভিন্ন যুদ্ধত অংশগ্ৰহণ কৰা চিআৰপিএফৰ স্মাৰকসমূহো প্ৰদৰ্শিত কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰক্ষীবাহিনীৰ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে য’ত ‘বিশ্বাস প্ৰকল্প’ আৰু আধুনিক সঁজুলিসমূহৰ প্ৰদৰ্শন কৰা হয়৷ দিল্লী আৰক্ষীয়ে ডিজিটেল পদক্ষেপসমূহ প্ৰদৰ্শন কৰাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৰাষ্ট্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যৱহাৰ হোৱা সুৰক্ষা বাহনসমূহ প্ৰদৰ্শিত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions