Quoteভাৰতীয় বধিৰ অলিম্পিক দলৰ এতিয়ালৈকে সৰ্বাধিক পদক অৰ্জনৰে ইতিহাস ৰচনা
Quote“এজন দিব্যাংগ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শনৰ কৃতিত্ব ক্ৰীড়া সাফল্যতকৈয়ো অধিক”
Quote“দেশখনৰ ইতিবাচক ভাবমূর্তি সৃষ্টিত আপোনালোকৰ অৱদান আন খেলুৱৈসকলতকৈ বহুগুণে বেছি”
Quote“নিজৰ আগ্ৰহ আৰু উৎসাহ অক্ষুন্ন ৰাখক। এই আগ্ৰহে আমাৰ দেশৰ প্ৰগতিৰ নতুন পথ মুকলি কৰিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বাসগৃহত শেহতীয়াকৈ অনুষ্ঠিত বধিৰ অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় দলটোৰে মত-বিনিময় কৰে। এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ভাৰতীয় দলটোৱে ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ৮ টা সোণৰ পদককে ধৰি ১৬ টা পদক লাভ কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।

 

|

দলটোৰ জ্যেষ্ঠ সদস্য ৰোহিত ভাকেৰৰে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বানসমূহৰে মোকাবিলাৰ ধৰণ আৰু প্ৰতিদ্বন্দ্বীসকলক মূল্যায়নৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰে। ৰোহিতে প্ৰধানমন্ত্ৰীগৰাকীক ক্ৰীড়াত মনোনিৱেশেৰে দীৰ্ঘদিনে উচ্চতম পৰ্য্যায়ত থকাৰ আঁৰত তেওঁৰ বেকগ্ৰাউণ্ড আৰু অনুপ্ৰেৰণা সম্পৰ্কেও কয়। দক্ষ বেডমিন্টন খেলুৱৈজনক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এজন ব্যক্তি আৰু ক্ৰীড়াবিদ হিচাপে তেওঁৰ জীৱন এক প্ৰেৰণাৰ উৎস। তেখেতে অধ্যৱসায় আৰু জীৱনৰ বাধাক অতিক্ৰমৰ বাবেও তেওঁক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে খেলুৱৈজনৰ অবিৰত উদ্যম আৰু বয়স বৃদ্ধিৰ লগে-লগে তেওঁৰ উন্নত প্ৰদৰ্শনৰ কথা উল্লেখ কৰে। “সুনাম কৰাৰ সময়ত জিৰণি নোলোৱা আৰু সন্তুষ্ট নোহোৱাটো এজন খেলুৱৈৰ অন্যতম প্ৰধান গুণ। এজন খেলুৱৈয়ে সদায়েই উচ্চতৰ লক্ষ্য নিৰ্ধাৰণ আৰু ইয়াত উপনীত হ’বলৈ চেষ্টা কৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

|

মল্লযুঁজাৰু বীৰেন্দ্ৰ সিঙে মল্লযুঁজত নিজৰ পৰিয়ালৰ লিগেচী সম্পৰ্কে কয়। তেওঁ বধিৰ সমাজখনত সুযোগ আৰু প্ৰতিযোগিতা বিচাৰি পোৱাত তেওঁৰ সন্তুোষো ব্যক্ত কৰে। ২০০৫ ৰপৰা বধিৰ অলিম্পিকত তেওঁৰ পদক বিজয়ী ধাৰাবাহিক প্ৰদৰ্শনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক উৎকৃষ্ট হোৱাৰ ইচ্ছাৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন প্ৰবীণ আৰু লগতে এই ক্ৰীড়াৰ ব্যগ্ৰ শিক্ষাৰ্থী হিচাপে তেওঁৰ স্থিতিৰ শলাগ লয়। “আপোনাৰ ইচ্ছাশক্তিয়ে সকলোকে অনুপ্ৰাণিত কৰিছে। দেশৰ যুৱক-যুৱতী আৰু খেলুৱৈ উভয়েই আপোনাৰ ধাৰাবাহিকতাৰ মানদণ্ডৰ পৰা শিকিব পাৰে৷ শীৰ্ষত উপনীত হোৱাটো কঠিন কিন্তু তাতোকৈ অধিক কঠিন হ’ল তাত থাকি অগ্ৰগতিৰ চেষ্টা কৰি থকাটো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

|

শ্বুটাৰ ধনুশে তেওঁৰ উৎকৃষ্টতাৰ সন্ধান অব্যাহত ৰখাৰ ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ সমৰ্থনকো কৃতিত্ব প্ৰদান কৰে। যোগ আৰু ধ্যান-ধাৰণাই তেওঁক সহায় কৰাৰ কথাও তেওঁ কয়। তেওঁ তেওঁৰ মাতৃক নিজৰ আদৰ্শ বুলি গণ্য কৰা বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক সমৰ্থন আগবঢ়াই অহাৰ বাবে মাতৃ আৰু পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে। খেল’ ইণ্ডিয়াই তৃণমূল পৰ্য্যায়ত খেলুৱৈসকলক সহায় কৰি থকাত তেওঁ আনন্দ প্ৰকাশ কৰে।

শ্বুটাৰ প্ৰিয়েশা দেশমুখে তেওঁৰ যাত্ৰা, পৰিয়ালৰ সমৰ্থন আৰু প্ৰশিক্ষক অঞ্জলি ভাগৱত সম্পৰ্কে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰিয়েশা দেশমুখৰ সফলতাত অঞ্জলি ভাগৱতৰ ভূমিকাক প্ৰশংসা কৰে। পুনেকাৰ প্ৰিয়েশাৰ সলসলীয়া হিন্দী ভাষায়েও শ্ৰী মোদীৰ দৃষ্টি আকৰ্ষণ কৰে।

|

টেনিছৰ জাফ্ৰিন শইকেও পিতৃ আৰু পৰিয়ালৰ সমৰ্থনৰ কথা কয়। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মত-বিনিময় কৰি তেওঁ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ কন্যাসকলৰ দক্ষতা আৰু সামৰ্থ্যৰ সমাৰ্থক হোৱাৰ উপৰিও তেওঁ কিশোৰীসকলৰ বাবে আদৰ্শস্বৰূপ। “আপুনি ভাৰতৰ কন্যাই কোনো লক্ষ্যত চকু দিয়া মাত্ৰেকে কোনো বাধায়েই যে তেওঁলোকক ৰুদ্ধ কৰিব নোৱাৰে, আপুনি সেয়া প্ৰমাণ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ সাফল্য মহান আৰু তেওঁলোকৰ আগ্ৰহে ভৱিষ্যতে তেওঁলোকৰ বাবে বহু উচ্চ গৌৰৱৰ ইংগিত প্ৰদান কৰিছে। “এই আগ্ৰহ আৰু উৎসাহ অক্ষুন্ন ৰাখক। এই আবেগে আমাৰ দেশৰ বিকাশৰ নতুন পথ মুকলি কৰিব আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত হ’ব”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এজন দিব্যাংগ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শনৰ কৃতিত্ব ক্ৰীড়া সাফল্যতকৈয়ো অধিক। ই দেশখনৰ সংস্কৃতিক প্ৰদৰ্শন আৰু সংবেদনশীলতাৰ ইংগিত বহন কৰে। দেশখনত তেওঁলোকৰ সামৰ্থ্যৰ প্ৰতি অনুভৱ আৰু সন্মানৰ ভাব সৃষ্টি হয়। সেইবাবেই “ইতিবাচক ভাবমূৰ্তি সৃষ্টিত আপোনালোকৰ অৱদান আন খেলুৱৈসকলতকৈ বহুগুণে অধিক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

|

এই মত-বিনিময়ৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত কয়, “বধিৰ অলিম্পিকত ভাৰতলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই অনা আমাৰ চেম্পিয়নসকলৰে মত-বিনিময়ৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো। খেলুৱৈসকলে তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰিছে আৰু মই তেওঁলোকৰ মাজত থকা আবেগ আৰু দৃঢ়তা দেখিবলৈ পালো। তেওঁলোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে “আমাৰ চেম্পিয়নসকলৰ বাবেই এইবাৰৰ বধিৰ অলিম্পিক ভাৰতৰ বাবে শ্ৰেষ্ঠ হৈ উঠিল!”

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Jitendra Kumar May 29, 2025

    🙏🙏🙏
  • Ashvin Patel August 03, 2022

    જય શ્રી રામ
  • Vivek Kumar Gupta July 19, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta July 19, 2022

    नमो नमो.
  • Vivek Kumar Gupta July 19, 2022

    जयश्रीराम
  • Vivek Kumar Gupta July 19, 2022

    नमो नमो
  • Vivek Kumar Gupta July 19, 2022

    नमो
  • Kaushal Patel July 16, 2022

    જય હો
  • Chowkidar Margang Tapo June 23, 2022

    bharat, mata ki jai
  • Kiran kumar Sadhu June 19, 2022

    జయహో మోడీ జీ 🙏🙏💐💐💐 JAYAHO MODIJI 🙏🙏🙏💐💐 जिंदाबाद मोदीजी..🙏🙏🙏🙏💐💐💐 From Sadhu kirankumar Bjp senior leader. & A.S.F.P.S committee chairman. Srikakulam. Ap
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘Benchmark deal…trade will double by 2030’ - by Piyush Goyal

Media Coverage

‘Benchmark deal…trade will double by 2030’ - by Piyush Goyal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of Prime Minister to Maldives
July 26, 2025
SI No.Agreement/MoU

1.

Extension of Line of Credit (LoC) of INR 4,850 crores to Maldives

2.

Reduction of annual debt repayment obligations of Maldives on GoI-funded LoCs

3.

Launch of India-Maldives Free Trade Agreement (IMFTA) negotiations

4.

Joint issuance of commemorative stamp on 60th anniversary of establishment of India-Maldives diplomatic relations

SI No.Inauguration / Handing-over

1.

Handing-over of 3,300 social housing units in Hulhumale under India's Buyers' Credit facilities

2.

Inauguration of Roads and Drainage system project in Addu city

3.

Inauguration of 6 High Impact Community Development Projects in Maldives

4.

Handing-over of 72 vehicles and other equipment

5.

Handing-over of two BHISHM Health Cube sets

6.

Inauguration of the Ministry of Defence Building in Male

SI No.Exchange of MoUs / AgreementsRepresentative from Maldivian sideRepresentative from Indian side

1.

Agreement for an LoC of INR 4,850 crores to Maldives

Mr. Moosa Zameer, Minister of Finance and Planning

Dr. S. Jaishankar, External Affairs Minister

2.

Amendatory Agreement on reducing annual debt repayment obligations of Maldives on GoI-funded LoCs

Mr. Moosa Zameer, Minister of Finance and Planning

Dr. S. Jaishankar, External Affairs Minister

3.

Terms of Reference of the India-Maldives Free Trade Agreement (FTA)

Mr. Mohamed Saeed, Minister of Economic Development and Trade

Dr. S. Jaishankar, External Affairs Minister

4.

MoU on cooperation in the field of Fisheries & Aquaculture

Mr. Ahmed Shiyam, Minister of Fisheries and Ocean Resources

Dr. S. Jaishankar, External Affairs Minister

5.

MoU between the Indian Institute of Tropical Meteorology (IITM), Ministry of Earth Sciences and the Maldives Meteorological Services (MMS), Ministry of Tourism and Environment

Mr. Thoriq Ibrahim, Minister of Tourism and Environment

Dr. S. Jaishankar, External Affairs Minister

6.

MoU on cooperation in the field of sharing successful digital solutions implemented at population scale for Digital Transformation between Ministry of Electronics and IT of India and Ministry of Homeland Security and Technology of Maldives

Mr. Ali Ihusaan, Minister of Homeland Security and Technology

Dr. S. Jaishankar, External Affairs Minister

7.

MoU on recognition of Indian Pharmacopoeia (IP) by Maldives

Mr. Abdulla Nazim Ibrahim, Minister of Health

Dr. S. Jaishankar, External Affairs Minister

8.

Network-to-Network Agreement between India’s NPCI International Payment Limited (NIPL) and Maldives Monetary Authority (MMA) on UPI in Maldives

Dr. Abdulla Khaleel, Minister of Foreign Affairs

Dr. S. Jaishankar, External Affairs Minister